ETV Bharat / state

শংকৰদেৱ কলাক্ষেত্ৰত নিযুক্তিপত্ৰ বিতৰণ মুখ্যমন্ত্ৰীৰ - APPOINTMENT LETTERS DISTRIBUTES

অলিম্পিয়ান ধনুর্বিদ জয়ন্ত তালুকদাৰক উপ-আৰক্ষী অধীক্ষক পদত নিযুক্তি প্ৰদান কৰে মুখ্যমন্ত্ৰী শৰ্মাই ।

APPOINTMENT LETTERS DISTRIBUTES
শংকৰদেৱ কলাক্ষেত্ৰত নিযুক্তিপত্ৰ বিতৰণ মুখ্যমন্ত্ৰীৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Feb 16, 2025, 10:56 PM IST

গুৱাহাটী: আজি পুনৰ ৫৬৪ গৰাকীক নিযুক্তিপত্ৰ বিতৰণ কৰে অসম চৰকাৰে । শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত নিযুক্তিপত্ৰ বিতৰণ অনুষ্ঠানত অসম লোকসেৱা আয়োগৰ পৰীক্ষাত কৃতিত্বৰে উৰ্ত্তীণ ২০০ গৰাকীৰ লগতে সংযুক্ত পৰীক্ষাত পৰীক্ষা ২০২৩ ত উত্তীৰ্ণক আজি নিযুক্তিপত্ৰ প্ৰদান কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ তেওঁ লগতে অনুষ্ঠানত অলিম্পিয়ান ধনুর্বিদ জয়ন্ত তালুকদাৰক উপ-আৰক্ষী অধীক্ষক পদত নিযুক্তি প্ৰদান কৰে ।

নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠানত অংশ লৈ নিযুক্তি পত্ৰ লাভ কৰা প্রতিজনক নিকা ভাৱমূৰ্তিৰে, সৎ পথেৰে সাধাৰণ ৰাইজৰ বাবে কাম কৰি যাবলৈ উপদেশ দিয়ে মুখ্যমন্ত্ৰী শৰ্মাই । তেওঁ কয়, "স্বচ্ছ আৰু নিকা নিযুক্তিৰ মহৎ লক্ষ্যৰে আমি চৰকাৰী চাকৰি প্ৰদানৰ যি সংকল্প লৈছিলোঁ, সেই পদক্ষেপক আমি আগুৱাই নিবলৈ বদ্ধ পৰিকৰ ৷ আপোনালোকক জনাবলৈ পাই ভাল লাগিছে যে এতিয়ালৈকে ১.৩ লাখৰো অধিক প্ৰাৰ্থীয়ে অসম চৰকাৰৰ চাকৰি লাভ কৰিছে । ইয়াৰ অংশ হিচাপে আজি ৫৬৪ সফল প্ৰাৰ্থীলৈ নিযুক্তি পত্ৰ বিতৰণ কৰি অতি ভাল লাগিছে ৷ আশা ৰাখিছোঁ প্ৰতিগৰাকী নিযুক্তিপ্ৰাপকে বিকশিত অসম গঢ়ি তোলাৰ আমাৰ প্ৰচেষ্টাত অৰিহণা যোগাব । আটাইলৈ আন্তৰিক অভিনন্দন জনালোঁ ৷"

শংকৰদেৱ কলাক্ষেত্ৰত নিযুক্তিপত্ৰ বিতৰণ মুখ্যমন্ত্ৰীৰ (ETV Bharat Assam)

অনুষ্ঠানত ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, ‘‘বিগত এমাহ ধৰি এগৰাকী চৰকাৰী বিষয়া আমাৰ টাৰ্গেটত আছে । যিগৰাকী বিষয়াৰ চালক, PSOৰ গুগুল পে’ আছে । যাৰ জৰিয়তে বিভিন্ন লেনদেন কৰি আছে বিষয়াজনে । সেই বিষয়াগৰাকীক ট্ৰেক কৰি আছে মুখ্যমন্ত্ৰী তদাৰকী কোষে ।’’ মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে মন্তব্য কৰে যে ‘‘বিষয়াগৰাকী আগন্তুক ১০ দিনৰ ভিতৰত গ্ৰেপ্তাৰ কৰা হ’ব । এই বিষয়াজন পুৰণি নহয় । ৪ বছৰ মানৰ পূৰ্বেহে তেওঁ চাকৰি পাইছিল ।"

APPOINTMENT LETTERS DISTRIBUTES
শংকৰদেৱ কলাক্ষেত্ৰত নিযুক্তিপত্ৰ বিতৰণ মুখ্যমন্ত্ৰীৰ (ETV Bharat Assam)

ইফালে USTM ৰ কৰ্মচাৰীৰ চাকৰি যোৱা প্ৰসংগত মুখ‍্যমন্ত্ৰীয়ে কয়, USTM ৰ Fraud হয় । গোটেই চিষ্টেমেই Fraud ৷ তাত শিক্ষাৰ্থীক ভুৱা ছাৰ্টিফিকেট দিয়া হয় । বিত্তীয় সংকট এইটো কাৰণেই যে আমি বহুত Foreign Funding বন্ধ কৰি দিছো । কেইজনমান বুদ্ধিজীৱীহে তালৈ যায় ।"

লগতে পঢ়ক: ব্ৰহ্মপুত্ৰ উপত্যকাৰ সকলো চৰকাৰী আৰু ব্যক্তিগত শিক্ষানুষ্ঠানত বাধ্যতামূলক হ’ব অসমীয়া বিষয়

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.