১০০ কোটি ব্যয়েৰে নিৰ্মাণ হ'ব মাতমৰা মথাউৰি : ঘোষণা মুখ্যমন্ত্রীৰ - ASSAM FLOOD 2024
Assam CM Lakhimpur Visit : ঢকুৱাখনাৰ পৰা মাজুলীলৈকে ১০০ কোটি টকা ব্যয় সাপেক্ষে ব্ৰহ্মপুত্ৰৰ মথাউৰিটো শক্তিশালীভাৱে নিৰ্মাণ কৰা হ'ব বুলি মুখ্যমন্ত্রীয়ে ঘোষণা কৰে ।

Published : July 4, 2024 at 7:56 PM IST
লখিমপুৰ, ৪ জুলাই : বৃহস্পতিবাৰে মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মাই লখিমপুৰৰ ঢকুৱাখনাৰ মাতমৰাত ব্ৰহ্মপুত্ৰৰ মথাউৰি পৰিদৰ্শন কৰে । মথাউৰি পৰিদৰ্শন কৰি তেওঁ প্ৰায় ১০০ কোটি টকা ব্যয়েৰে মাজুলী পৰ্যন্ত মথাউৰিটো শক্তিশালী কৰাৰ পৰিকল্পনা গ্ৰহণ কৰা বুলি জানিবলৈ দিয়ে ।
ঢকুৱাখনাৰ পৰা মাজুলীলৈকে ১০০ কোটি টকাৰে ব্ৰহ্মপুত্ৰৰ এই মথাউৰিটো শক্তিশালীভাৱে নিৰ্মাণ কৰা হ'ব বুলি মুখ্যমন্ত্রীয়ে ঘোষণা কৰে । উল্লেখ্য, বৃহস্পতিবাৰে লখিমপুৰৰ ঢকুৱাখনাৰ ব্ৰহ্মপুত্ৰ নদীৰ খহনীয়া পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । ঢকুৱাখনাৰ মাতমৰাত বিয়লি মন্ত্রী, সাংসদ তথা বিধায়কসহ ব্ৰহ্মপুত্ৰ নদীৰ খহনীয়া পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকা, সাংসদ প্ৰদান বৰুৱা আৰু বিধায়ক নৱ কুমাৰ দলেৰ সৈতে ঢকুৱাখনাৰ বাঘচুক অঞ্চলত সৃষ্টি হোৱা খহনীয়া পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয় মুখ্যমন্ত্ৰীয়ে । আনহাতে, খহনীয়া প্ৰতিৰোধৰ বাবে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰি উন্নত আঁচনিৰ জৰিয়তে ৰূপায়ণ কৰিব বুলিও পৰিদৰ্শনকালত জনাই মুখ্যমন্ত্ৰীয়ে ।
আনহাতে, সংবাদ মাধ্যমৰ আগত এই কথা উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় বিগত বৰ্ষত এই মথাউৰিটো পৰিদৰ্শন কৰি শক্তিশালী ৰূপ দিয়া হ'ব বুলি তেওঁ ৰাইজৰ আগত প্ৰতিশ্ৰুতি দিছিল । সেইমৰ্মে এতিয়া এক পৰিকল্পনা যুগুত কৰা হৈছে । পৰিকল্পনা অনুযায়ী এই মথাউৰিটো বান্দানাৰ পৰা মাজুলীলৈকে ২২ কিলোমিটাৰ শক্তিশালীভাৱে নিৰ্মাণ কৰা হ'ব । ৯০ৰ পৰা ১২০ কোটি টকা ব্যয়সাপেক্ষে এই মথাউৰিটো শক্তিশালীভাৱে নিৰ্মাণ কৰা হ'ব আৰু ইয়াৰ দ্বাৰা মথাউৰিটো সংৰক্ষণ হৈ থাকিব বুলিও তেওঁ কয় ।
ইয়াৰ উপৰি ঢকুৱাখনাত বিভিন্ন নৈয়ে প্ৰায় ৫০ খন গাঁও ক্ষতিগ্রস্ত কৰা বুলি সদৰী কৰি বানাক্রান্ত অঞ্চলত চৰকাৰী সাহায্য অভিযান চলাই থকা বুলিও মুখ্যমন্ত্রীয়ে লগতে কয় ।

