কোনে আৰু কিয় অসমক অস্থিৰ কৰাৰ পৰিকল্পনা কৰিছিল; জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই
ৱাকফ সংশোধনী আইনৰ বিৰোধিতাৰ নামত অসম অস্থিৰ কৰাৰ পৰিকল্পনা কৰিছিল । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনালে বিস্ফোৰক তথ্য ।

Published : April 12, 2025 at 11:09 PM IST
গুৱাহাটী : অসমত এতিয়া জাতি, ধৰ্ম আৰু বৰ্ণ নিৰ্বিশেষে অসমীয়াই ব'হাগ বিহুটিক আনন্দ-উলাহ আৰু সম্প্ৰীতিৰে আদৰণি জনোৱাৰ বাবে আগ্ৰহেৰে প্ৰস্তুতি চলাইছে । তাৰ মাজতে ৱাকফ (সংশোধনী) আইনৰ বিৰোধিতাৰে প্ৰতিবাদ কৰাৰ নামত অসম অশান্ত কৰাৰ পৰিকল্পনা কৰিছিল একাংশ সংখ্যালঘু সমাজৰ লোকে ৷ অসম আৰক্ষীয়ে আগতীয়া চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত সকলো বিফল কৰি আইন-শৃংখলাৰ পৰিস্থিতি ৰক্ষা কৰিবলৈ সক্ষম হ’ল । দিশপুৰত এক সংবাদমেলত শনিবাৰে এই তথ্য সদৰী কৰে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ।
ৱাকফ সংশোধনী আইনৰ বিৰোধিতাৰে প্ৰতিবাদ কৰাৰ নামত অসম অশান্ত কৰাৰ পৰিকল্পনা প্ৰসংগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, “কালি শুকুৰবাৰ আছিল । আমাৰ চোৰাংচোৱাৰ শক্তিশালী খবৰ আছিল যে শুকুৰবাৰে সংখ্যালঘু সমাজে প্ৰতিবাদৰ নামত অসম অস্থিৰ কৰাৰ পৰিকল্পনা কৰিছিল ৷ ৫ দিন পূৰ্বেই চোৰাংচোৱাই এই তথ্য দিছিল গৃহ বিভাগক । এই পৰিকল্পনাৰ খবৰ পায়ে তৎপৰ হৈ পৰিছিল অসম আৰক্ষী ৷”
We had prior intelligence that yesterday, after Friday prayers, there could be large scale protests related to the Waqf Act.@assampolice worked extensively over the last 5 days- We spoke to minority leaders and ensured that there was no incident of violence in Assam. pic.twitter.com/jctQHICs83
— Himanta Biswa Sarma (@himantabiswa) April 12, 2025
চোৰাংচোৱাৰ খবৰৰ ভিত্তিত অসম আৰক্ষীয়ে তৎপৰতাৰে মছজিদ কমিটীৰ পৰা আৰম্ভ কৰি সংখ্যালঘু ধৰ্মীয় নেতালৈকে যোগাযোগ কৰি আইন-শৃংখলাজনিত পৰিস্থিতি উদ্ভৱ হ’বলৈ নিদিলে ৷ যাৰ পৰিণতিত মাত্ৰ তিনিটাহে সৰু সৰু প্ৰতিবাদ হয় ৰাজ্যত । মুখ্যমন্ত্ৰী ড° শৰ্মাই কয়, “আনকি অসম পুলিচে প্ৰতিজন সংখ্যালঘু নেতাৰ লগত যোগযোগ ৰাখিছিল ৷ আমাৰ সৰহভাগ আৰক্ষী অধীক্ষকেই বিভিন্ন মছজিদ কমিটীৰ সৈতে যোগাযোগত আছিল । আমি সংখ্যালঘুসকলৰ বিভিন্ন ধৰ্মীয় নেতাৰ লগত যোগাযোগত আছিলো ৷
“অসম আৰক্ষীয়ে ৫ দিন ধৰি নিৰৱচ্ছিন্নভাৱে কাম কৰি গৈ আছিল । কালি দিনটো আমাৰ বাবে সফল দিন আছিল । অসমত মাত্ৰ তিনি ঠাইত প্ৰতিবাদ হৈছিল । প্ৰতিখন ঠাইত ১০০ৰ পৰা ১৫০ মানুহ হৈছিল । অসম পুলিছৰ ৫ দিনজোৰা তৎপৰতাৰ বাবেই এয়া সম্ভৱ হৈ উঠিল । মই অসমৰ সংখ্যালঘু সমাজক ধন্যবাদ জনাব খোজো । অসম আৰক্ষীক মই ধন্যবাদ জনাবই লাগিব ।” লগতে ৱাকফ আইন বিৰোধী প্ৰতিবাদ সন্দৰ্ভত এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ।
ৰাজ্যৰ আইন শৃংখলা পৰিস্থিতি ৰক্ষাৰ বাবে ৰাজ্য চৰকাৰ বদ্ধপৰিকৰ বুলি কৈ মুখ্যমন্ত্ৰীৰ ঘোষণা, “আমি যি কোনো পৰ্যায়তে আইন-শৃংখলা ৰক্ষা কৰিবৰ বাবে বদ্ধপৰিকৰ । কাৰোবাৰ কিবা ক’ব লগা থাকিলে ন্যায়ালয়ৰ দুৱাৰ খোলা আছে । তেওঁলোকে কাষ চাপিব পাৰে ৷”
উল্লেখযোগ্য যে, শুকুৰবাৰে মুখ্যমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমযোগে সদৰী কৰিছিল, “অসমৰ জনসংখ্যাৰ প্ৰায় ৪০% মুছলমান হোৱা সত্ত্বেও ৱাকফ সংশোধনী আইনৰ বিৰুদ্ধে মাত্ৰ তিনিটা স্থানত প্ৰতিবাদ হৈছে আৰু প্ৰতিটোতে ডেৰশতকৈ কম লোকেহে অংশ লৈছে । অসমৰ শান্তি শৃংখলা অটুট ৰখাৰ ক্ষেত্ৰত অসম আৰক্ষীয়ে নিজৰ দায়িত্ব সুচাৰুৰূপে আৰু অতি সূক্ষ্ম নিৰীক্ষণৰ মাজেৰে পালন কৰাৰ বাবে আন্তৰিকতাৰে শলাগ লৈছোঁ ।”
লগতে পঢ়ক : ৱাকফ আইনক লৈ মুৰ্ছিদাবাদত হিংসা, ৩ জনৰ মৃত্যু: ১১৮ জনতকৈ অধিক গ্ৰেপ্তাৰ, ১৫ জন আৰক্ষী আহত

