গান্ধী পৰিয়ালক আঁতৰাই দিলে কংগ্ৰেছত পবিত্ৰতা আহিব পাৰে : মুখ্যমন্ত্রী
কংগ্ৰেছ দল আৰু গান্ধী পৰিয়ালক উদ্দেশ্যি এইবাৰ অসমৰ মুখ্যমন্ত্ৰীৰ বিতৰ্কিত মন্তব্য ।

Published : June 19, 2025 at 8:07 PM IST
গুৱাহাটী : "কংগ্ৰেছৰ মানুহ বিজেপিত আছেই । মইয়ে আছোঁ । পীযুষ হাজৰীকা আছে, জয়ন্ত মল্লবৰুৱা আছে । আমি কংগ্ৰেছৰ পৰা অহাটো সকলোৱে জানে । আমাক ভালদৰে ৰাখিছে বিজেপিয়ে । কংগ্ৰেছে আৰু যদি পঠিয়াই দিয়ে তেন্তে আৰু ভালদৰে ৰাখিম ।"-এই মন্তব্য মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ । বৃহস্পতিবাৰে গুৱাহাটীত কংগ্ৰেছৰ মানুহ বিজেপিত থকা আৰু কংগ্ৰেছৰ চাফাই অভিযান সন্দৰ্ভত সংবাদিকৰ প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্রীয়ে এইদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰে ।
কংগ্ৰেছৰ চাফাই অভিযান সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্রীয়ে কয়, "একদম চাফা কৰি দিলে ভালেই হ'ব । গুৱাহাটীখন লেতেৰা হৈ আছে । চাফা হৈ গ'লে সকলোৱে ভাল পাব ।"
আনহাতে সাংবাদিকক উদ্দেশ্যি মুখ্যমন্ত্রীয়ে কয়, "কোনোবাই কিবা ক'লে তাক ৰিপ'ৰ্টিং কৰি থকাটো আপোনালোকৰ দায়িত্ব । কিন্তু আমাক ইমানখিনিয়ে সুধিব যিটোত কিবা এটা ভেল্যু থাকিব । কংগ্ৰেছ চাফা কৰাৰ প্ৰসংগত বিজেপিক সুধিলে কি উত্তৰ পাব । কংগ্ৰেছৰ প্ৰশ্নটো কংগ্ৰেছক সুধিব লাগে । বিজেপিলৈ কিবা প্ৰশ্ন কৰিলেহে মই তাৰ উত্তৰ দিব পাৰিম । কংগ্ৰেছক চাফা কৰা কথা কিমানে কৈ গ'ল । জিতেন্দ্ৰ সিং, ভূপেন বৰা, ৰিপুন বৰাই কিমান কৈ গ'ল । কিন্তু কংগ্ৰেছটো কেনেকৈ চাফা হ'ব । কাৰণ তাত আটাইতকৈ লেতেৰাটো গান্ধী ফেমেলি সোমাই আছে । যদি উৎসটোৱে অপবিত্র হয় তেন্তে তাৰ পৰা অপবিত্র পানীয়ে ওলাই থাকিব । গতিকে উৎসটো শুদ্ধ কৰিব লাগিব । যিদিনাখন কংগ্ৰেছে কংগ্ৰেছৰ পৰা গান্ধী ফেমেলিটো আঁতৰাই দিব সিদিনাখন কংগ্ৰেছত হয়টো অলপমান পবিত্রতা আহিব পাৰে । গান্ধী পৰিয়াল কিয় অপবিত্র এই বিষয়ে মই যোৱা এমাহত বহুকেইটা টুইট কৰিছোঁ । গান্ধী পৰিয়ালক আঁতৰাই দিলে কংগ্ৰেছ নিকা হ'ব পাৰে । নহ'লে কংগ্ৰেছ দলটো এনেকৈয়ে থাকিব । যিমান চাফা কৰিব বিচাৰিলেও চাফা নহয় ।"
কংগ্ৰেছৰ পৰ্যবেক্ষক নিযুক্তি সন্দৰ্ভত মুখ্যমন্ত্রীয়ে কয়, "পৰ্যবেক্ষক নিযুক্তি সন্দৰ্ভত ভূপেন বৰাক সুধিছে জানো ? আজিও আমি অসম বিজেপিত কিবা সিদ্ধান্ত ল'লে আমি সৰ্বানন্দ সোণোৱালক ফোন এটা কৰো । পবিত্র মাৰ্ঘেৰিটাক ফোন এটা কৰো । চৰকাৰত মই যদি কিবা এটা সিদ্ধান্ত লওঁ তেন্তে দিলীপ শইকীয়াক ফোন এটা কৰো । আজিৰ দিনটো আমাৰ দলৰ বহুত সিদ্ধান্ত জ্যেষ্ঠ নেতাসকলক সুধিহে দিলীপ শইকীয়াই লয় । কংগ্ৰেছত থাকিলে আত্মসন্মানটো ফিক্সড ডিপজিত কৰি ল'কাৰত থৈ আহিব লাগিব । পৰ্যবেক্ষকৰ দীঘলীয়া তালিকাখন বনাওতে ভূপেন বৰাক এবাৰ কোনোবাই ফোন কৰিছিল নেকি তেওঁক সুধিব ।"
মুখ্যমন্ত্রীয়ে লগতে কয়, "ৰাজনীতিত অহা-যোৱা চলি থাকিব । ভূপেন বৰা বিজেপিলৈ যোৱাৰ প্ৰচাৰ ৰাজীৱ ভৱনৰ পৰা বেছিকৈ হৈ আছে । বাজপেয়ী ভৱনৰ পৰা হোৱা নাই । মোৰ লগত ভূপেন বৰাৰ কোনো কথা হোৱা নাই । কংগ্ৰেছত গৃহকন্দল চলি আছে আৰু চলি থাকিব দিয়ক । কংগ্ৰেছে বহুতকে যাবলৈ বাধ্য কৰাব । টি আৰ পিৰ মাজতো কাজিয়া লাগিব । ধুবুৰীৰ সভাপতি দিয়াকলৈ টি আৰ পিৰ মাজত কাজিয়া লাগিব ।"
লগতে পঢ়ক :কোন কোন অন্তৰ্ভুক্ত হ'ল বিজেপিৰ নতুন ৰাজ্যিক সমিতিত ? - BJP ASSAM PRADESH

