বিকল্পৰ সন্ধান মুখ্যমন্ত্ৰীৰ; দীঘলীপুখুৰীৰ পাৰৰ গছবোৰ নাকাটাকৈ উৰণ সেতু নিৰ্মাণৰ চিন্তা
Protest against cutting of trees: উৰণ সেতু নিৰ্মাণৰ বাবে চৰকাৰে দীঘলীপুখুৰীক ধ্বংস কৰাৰ পৰিকল্পনাৰ বিৰুদ্ধে প্ৰতিবাদত সুৰ সলালে মুখ্যমন্ত্ৰীয়ে ।

Published : October 30, 2024 at 12:23 PM IST
গুৱাহাটী: অৱশেষত প্ৰতিবাদৰ ওচৰত সেও মানিবলৈ বাধ্য হ'ল মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা । উৰণ সেতু নিৰ্মাণৰ বাবে চৰকাৰে গুৱাহাটীৰ ঐতিহ্যবাহী দীঘলীপুখুৰীক ধ্বংস কৰাৰ পৰিকল্পনাৰ বিৰুদ্ধে ৰাজপথত গুৱাহাটীৰ সচতন ৰাইজে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ পিচত সুৰ সলনি কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে ।
উল্লেখ্য যে দীঘলীপুখুৰীপাৰত গছ কাটি উৰণ সেতু নিৰ্মাণৰ বিৰোধিতা কৰি স্বাক্ষৰ অভিযানৰ পৰা আৰম্ভ কৰি ৰাজপথত গুৱাহাটীৰ সচেতন ৰাইজ ওলাই অহাৰ পিচত বুধবাৰে মুখ খুলিবলৈ বাধ্য হয় মুখ্যমন্ত্ৰীগৰাকীয়ে ।
মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা সামাজিক মাধ্য়মৰ জৰিয়তে কয়, ‘‘মই আপোনালোকক আশ্বস্ত কৰিব বিচাৰোঁ যে চৰকাৰে আন্তঃগাঁথনি আগুৱাই নিয়াৰ সমান্তৰালকৈ আমাৰ চহৰৰ ঐতিহ্য আৰু পৰিৱেশ সংৰক্ষণৰ দিশতো আমি গভীৰভাৱে প্ৰতিশ্ৰুতিবদ্ধ । দীঘলীপুখুৰীৰ পৰা নুনমাটিলৈ উৰণ সেতু নিৰ্মাণৰ ক্ষেত্ৰত আমি আন্তৰিকতাৰে অঞ্চলটোৰ পুৰণি গছবোৰ সুৰক্ষিত ৰখাৰ বাবে কাম কৰি আছো ৷ এটা বিকল্প প্ৰস্তাৱৰ সন্ধান আৰু ইয়াৰ সম্ভাৱনীয়তা মূল্যায়ন কৰাৰ বাবে লোক নিৰ্মাণ বিভাগক কেইদিনমান সময় দিবলৈ মই সকলো অংশীদাৰক আহ্বান জনাইছো ৷’’
উল্লেখ্য যে ৰিজাৰ্ভ বেংকৰ কাষৰপৰা নুনমাটিলৈ প্রায় ছয়মাইল দৈৰ্ঘৰ উৰণ সেতুৰ নিৰ্মাণৰ কাম ইতিমধ্যে আৰম্ভ হৈছে । ইয়াৰ মাজতে উৰণ সেতুৰ নক্সাৰ পৰিৱৰ্তন ঘটাই তৈয়বুল্লা পথক সামৰি লোৱাত দীঘলীপুখুৰীৰ ঐতিহ্য আৰু সৌন্দৰ্যক ক্ষতিগ্রস্ত কৰিব বুলি স্থানীয় জনসাধাৰণৰ লগতে গুৱাহাটীবাসী ক্ষুব্ধ হৈ পৰিছে । কালি কর্তৃপক্ষই দীঘলীপুখুৰীৰ দুয়োকাষৰ মহম্মদ তৈয়বুল্লা পথ আৰু সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ সন্মুখৰ পথৰ প্ৰায় ২৫ ডাল গছ কটাৰ বাবে চিহ্নিত কৰি হালধীয়া ৰঙৰ ক্ৰছ চিহ্ন আঁকি দিছে আৰু ইয়াৰ ভিতৰত প্ৰায় দুশ বছৰীয়া গছো আছে বুলি অভিযোগ উত্থাপন হৈছে ।
তথ্যৰ অধিকাৰ আইন অনুসৰি কৰা এক আবেদনৰ উত্তৰত লোকনির্মাণ বিভাগৰ কাৰ্যবাহী অভিযন্তাই স্বীকাৰ কৰিছে যে উক্ত উৰণ সেতুৱে দীঘলীপুখুৰীপাৰৰ পাৰিপাৰ্শ্বিকতা আৰু ঐতিহ্যৰ ওপৰত পেলাব পৰা সম্ভাব্য প্রভাৱ সম্পর্কে কোনো ধৰণৰ অধ্যয়ন কৰা নাই আৰু ৰাজহুৱা শুনানিৰো ব্যৱস্থা কৰা নাছিল ।
লগতে পঢ়ক: উন্নয়নৰ নামত গছকটাৰ বিৰুদ্ধে সৰৱ গুৱাহাটীবাসী: দীঘলীপুখুৰীক সুৰক্ষাৰ দাবীত প্ৰতিবাদ

