ETV Bharat / state

ৰাজ্যৰ নিবনুৱাৰ বাবে সু-খবৰ দিলে মুখ্যমন্ত্ৰীয়ে: অক্টোবৰত হ'ব বৃহৎ নিযুক্তি

অসমৰ নিবনুৱা যুৱক-যুৱতীসকললৈ সু-খবৰ দিলে মুখ্যমন্ত্ৰীয়ে । ২৫ হাজাৰ নামঘৰৰ নিৰ্মাণৰ কাম চলি আছে বুলি প্ৰকাশ মুখ্যমন্ত্ৰীৰ ।

Assam CM Golaghat visit
গ্ৰেণেড বিস্ফোৰণত আহত আৰক্ষী জোৱানক সাক্ষাৎ মুখ্যমন্ত্ৰীৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : July 1, 2025 at 1:16 PM IST

3 Min Read
Choose ETV Bharat

গোলাঘাট: নিবনুৱা সমস্যাত ককবকাই থকা ৰাজ্যৰ নিবনুৱাসকলৰ বাবে এক আশাৰ বতৰা । নিবনুৱা যুৱক যুৱতী-সকললৈ এক সু-খবৰ প্ৰদান কৰিছে মুখ্যমন্ত্ৰীয়ে । অক্টোবৰ মাহত ৰাজ্যত হ'ব ৪০-৫০ হাজাৰ নতুন নিযুক্তি । বোকাখাতত এই কথা স্পষ্ট কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ।

মুখ্যমন্ত্ৰীয়ে কয়, "যিদিনাখন এ ডি আৰ ইৰ ৰিজাল্ট দিব যোৱা বছৰলৈকে যিমান পদ খালী আছে সকলো পূৰণ হৈ যাব । প্ৰায় ৪০-৫০ হাজাৰৰ ১০ অক্টোবৰত নিযুক্তি হ'ব । আৰু তাৰ পিছতো যদি কিবা পোষ্ট খালী থাকে নৱেম্বৰ-ডিচেম্বৰত অহাবাৰৰ বাবে এ ডি আৰ ইৰ এডভাৰটাইজ ওলাব । এতিয়া বছৰে বছৰে পোষ্ট ওলাই থাকিব আৰু ভৰ্তি হৈ থাকিব ।"

ৰাজ্যৰ নিবনুৱাৰ বাবে সু-খবৰ দিলে মুখ্যমন্ত্ৰীয়ে (ETV Bharat Assam)

আনহাতে, সোমবাৰে গোলাঘাট জিলাত কেইবাটাও প্ৰকল্প আনুষ্ঠানিকভাৱে উদ্বোধন কৰি উভতি যোৱাৰ সময়ত বোকাখাতৰ সাপজুৰিৰ পাণবাৰী গ্ৰেণেড বিস্ফোৰণত আহত ৩ জোৱানৰ স্বাস্থ্যৰ বুজ লয় মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই । বোকাখাত আৱৰ্ত ভৱনত আহত জোৱানকেইজনক তেওঁ সাক্ষাৎ কৰি তেওঁলোকৰ উন্নত স্বাস্থ্য পৰীক্ষাৰ বাবে গুৱাহাটীলৈ নিয়াৰ বাবে আৰক্ষী অধীক্ষকক নিৰ্দেশ দিয়ে ।

লগতে মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্যৰ পৌৰ কৰ্মচাৰীৰ চাকৰি নিয়মীয়াকৰণৰ ক্ষেত্ৰত ২০১৩ বৰ্ষৰ পূৰ্বৰ কৰ্মচাৰীসকলক বাছনি কৰিব চৰকাৰে । তাৰ পিছত কৰ্মৰত কৰ্মচাৰীসকলৰ দায়িত্ব পৌৰসভাই ল'ব লাগিব বুলি মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰি দিয়ে ৷

একেদৰে অহা নৱেম্বৰ মাহত পুনৰ নিযুক্তি হ'ব ৰাজ্যৰ একাধিক পদত । সোমবাৰে বোকাখাতত এই কথা ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে ।

ইফালে প্ৰবীণ বিজেপি নেতা তথা বোকাখাত বিজেপিৰ পিতামহ স্বৰূপ লক্ষ্য শৰ্মাকো মুখ্যমন্ত্ৰীয়ে সাক্ষাৎ কৰি এদিন তেখেতৰ ঘৰলৈ যোৱাৰ প্ৰতিশ্ৰুতি দিয়ে ৷

আনহাতে, কলিয়াবৰৰ পৰা নুমলীগড়লৈ চাৰিলেনযুক্ত পথৰ বিষয়ে তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে । তেওঁ কয় যে বিষয়টো উচ্চ ন্যায়ালয়ত বিচাৰাধীন হৈ আছে । গতিকে উচ্চ ন্যায়ালয়ৰ শুনানিৰ পাছতহে পথ নিৰ্মাণৰ কাম আৰম্ভ কৰা হ'ব ।

মুখ্যমন্ত্ৰীয়ে অসম দৰ্শন আঁচনিৰ কথা উল্লেখ কৰি কয় যে প্ৰতিটো নামঘৰক ডেৰ লাখ টকাকৈ মাৰ্চ মাহত দিয়া হৈছিল । এইখিনি সম্পূৰ্ণ সদ্ব্যৱহাৰ হ'লে নৱেম্বৰ-ডিচেম্বৰত আৰু ডেৰ লাখ টকাকৈ দিয়া হ'ব । অসম দৰ্শন আঁচনিটো বিভিন্ন পৰ্যায়ত চলি আছে । ইয়াৰ অধীনত বৰ্তমান ২৫ হাজাৰ নামঘৰৰ নিৰ্মাণৰ কাম চলি আছে ।

ইফালে মুখ্যমন্ত্ৰীৰ ভ্ৰমণকালত গোলাঘাট কংগ্ৰেছ ভৱনৰ সন্মুখত মন্ত্ৰী অতুল বৰাৰ গাড়ীলৈ অজ্ঞাত ব্যক্তিয়ে বটল দলিওৱা কাৰ্য সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মন্ত্ৰী অতুল বৰাই । মন্ত্ৰীগৰাকীয়ে কয়, "মই এই বিষয়ে গম পোৱা নাছিলোঁ । পাছত মোৰ ড্ৰাইভাৰজনে মোক ক'লে আৰু পাছত কোনোবাই চাই আমাক ফোন কৰি জনাইছিল । এনে কাৰ্য আইনবিৰোধী কথা । শান্তিপূৰ্ণভাৱে প্ৰতিবাদ কৰাত কোনো আপত্তি নাই । কিন্তু এনে ঘটনা যদি হৈছে তেনেহ'লে আইনে ব্যৱস্থা গ্ৰহণ কৰিব ।"

লক্ষণীয়ভাৱে মুখ্যমন্ত্ৰীৰ বোকাখাত আৱৰ্ত ভৱনত প্ৰবেশৰ পিছতে গোলাঘাটৰ আৰক্ষী অধীক্ষক আৰু বোকাখাত সমজিলা প্ৰশাসনে সাংবাদিকৰ প্ৰৱেশ নিষিদ্ধ কৰে । এই সম্পৰ্কে মন্ত্ৰী অতুল বৰাই কয়, "আজি মুখ্যমন্ত্ৰী এই বিষয়ে অৱগত নহয় আৰু যদি এনে হৈছে তেনেহ'লে আপোনালোকে আক্ষেপ নকৰিব ।"

লগতে পঢ়ক :গৰুক কাটি কাটি খোৱা মানুহে এতিয়া গৰুৰ বাবে আন্দোলন কৰে: মুখ্যমন্ত্ৰী - CM ON GIR COW CONTROVERSY
লগতে পঢ়ক :৮ ছেপ্টেম্বৰত নুমলীগড়ত প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিব দেশৰ প্ৰথমটো বায়'-ৰিফাইনেৰী: মুখ্য়মন্ত্ৰীৰ ঘোষণা - NUMALIGARH BIO REFINERY