ETV Bharat / state

স্ব-গৃহলৈ ঝাৰখণ্ডত শ্বহীদ অসমৰ জোৱানৰ নশ্বৰদেহ, মুখ্যমন্ত্ৰী-চি আৰ পি এফৰ সঞ্চালকপ্ৰধানৰ শোক

দেওবাৰে পুৱা বিমানেৰে বৰঝাৰ বিমানবন্দৰলৈ জোৱানগৰাকীৰ নশ্বৰদেহ অনাৰ পিছত বিমানবন্দৰ চৌহদতেই আনুষ্ঠানিকভাৱে শ্ৰদ্ধাঞ্জলি জনাই সতীৰ্থসকলে ।

CRPF JAWAN DEATH
শ্বহীদ মহেন্দ্ৰ লস্কৰ (CM Himanta Biswa Sarma X account)
author img

By ETV Bharat Assamese Team

Published : October 12, 2025 at 11:44 AM IST

2 Min Read
Choose ETV Bharat

মিৰ্জা: যোৱা দহ অক্টোবৰত ঝাৰখণ্ডত নক্সালবাদীৰ আই ইডি আক্ৰমণত দুগৰাকীকৈ চি আৰু পি এফৰ জোৱানে প্ৰাণ দিবলগা হৈছিল ৷ নিহত বীৰ জোৱান দুগৰাকীৰ এগৰাকী অসম সন্তান নগাঁও কুৱাৰীহাটীৰ মহেন্দ্ৰ লস্কৰ ।

দেওবাৰে পুৱা বিমানেৰে বৰঝাৰ বিমানবন্দৰলৈ জোৱানগৰাকীৰ নশ্বৰদেহ অনাৰ পিছত বিমানবন্দৰ চৌহদতেই আনুষ্ঠানিকভাৱে শ্ৰদ্ধাঞ্জলি জনাই সতীৰ্থসকলে । তাৰপিছত স্থলপথেৰে নগাঁৱৰ স্বগৃহলৈ লৈ নিয়া হয় তেওঁৰ নশ্বৰদেহ ।

জোৱানগৰাকীৰ নশ্বৰদেহ অসম আহি পোৱাৰ পিছত বিমানবন্দৰ চৌহদত আনুষ্ঠানিকভাৱে শ্ৰদ্ধাঞ্জলি জনাই সতীৰ্থসকলে (ETV Bharat Assam)

মুখ্যমন্ত্ৰীৰ শোকপ্ৰকাশ

এই ঘটনাত শোকপ্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ শনিবাৰে ঝাৰখণ্ডৰ আই ই ডি বিস্ফোৰণত মৃত্যু ঘটিছিল নগাঁও জিলাৰ চি আৰ পি এফ জোৱানগৰাকীৰ ৷ হেড কনিষ্টবল মহেন্দ্ৰ লস্কৰৰ সৰ্বোচ্চ বলিদানক জাতিটোৱে সদায় মনত ৰাখিব বুলিও মুখ্যমন্ত্ৰী শৰ্মাই কয় ।

সামাজিক মাধ্যম এক্সৰ এক পোষ্টত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, ‘‘ঝাৰখণ্ডত কৰ্তব্যৰ খাতিৰত সৰ্বোচ্চ বলিদান দিয়া নগাঁৱৰ সাহসী চি আৰ পি এফ জোৱান মহেন্দ্ৰ লস্কৰৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিলোঁ । এই শোকাকুল সময়ত মই তেওঁৰ পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিলোঁ ৷ জাতিয়ে তেওঁৰ বলিদানক কৃতজ্ঞতাৰে সুঁৱৰিব ।’’

শুকুৰবাৰে ঝাৰখণ্ডৰ পশ্চিম সিংভূম জিলাৰ সাৰন্দা বনাঞ্চলত সংঘটিত হোৱা দুটাকৈ আই ই ডি বিস্ফোৰণত লস্কৰৰ লগতে আন দুজন জোৱান আহত হয় ।

ঝাৰখণ্ড আৰক্ষীৰ বিবৃতি

শনিবাৰে ঝাৰখণ্ড আৰক্ষীৰ মুখ্য কাৰ্যালয়ে প্ৰকাশ কৰা এক বিবৃতিত এনেদৰে কোৱা হৈছে, ‘‘অসমৰ বাসিন্দা হেড কনিষ্টবল মহেন্দ্ৰ লস্কৰৰ ওড়িশাৰ ৰুড়কেলাৰ এখন চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত মৃত্যু ঘটিছে ।’’

উল্লেখ্য যে, ঝাৰখণ্ডৰ নিৰাপত্তা বাহিনীক লক্ষ্য কৰি নিষিদ্ধ ঘোষিত চি পি আই (মাওবাদী)ৰ দ্বাৰা এই আই ই ডি সংস্থাপন কৰাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষী-চি আৰ পি এফে ৷

চি আৰ পি এফৰ সঞ্চালকপ্ৰধান জি পি সিঙৰ শোকপ্ৰকাশ

জোৱানগৰাকীৰ মৃত্যুত শোকপ্ৰকাশ কৰিছে চি আৰ পি এফৰ সঞ্চালকপ্ৰধান জি পি সিঙে ৷ চি আৰ পি এফৰ শীৰ্ষ বিষয়াগৰাকীয়ে দেশৰ পৰা নক্সালবাদ সম্পূৰ্ণৰূপে নিৰ্মূল হোৱাৰ আশ্বাস প্ৰদান কৰে ৷

এক্সৰ এক পোষ্টত সিঙে কয়, ‘‘গভীৰ সমবেদনা । এই ত্যাগৰ ফলত যাতে দেশৰ পৰা নক্সালবাদৰ অশুভতাক সম্পূৰ্ণৰূপে নিৰ্মূল কৰা যায়, তাৰ নিশ্চিতি আমি কৰিম ৷’’

অসম আৰক্ষীৰ প্ৰাক্তন সঞ্চালক প্ৰধানগৰাকীয়ে লগতে কয়, ‘‘পৰিয়াললৈ গভীৰ সমবেদনা । সন্মানীয় শ্বহীদজনৰ নিকটাত্মীয় আৰু প্ৰিয়জনৰ সৈতে সমগ্ৰ চি আৰ পি এফ পৰিয়াল থিয় দিছে ।’’

লগতে পঢ়ক: তদন্ত প্ৰক্ৰিয়াত জুবিন গাৰ্গক ৰাজনীতিৰ মাজলৈ টানি নানিবলৈ অসম সাহিত্য় সভাৰ আহ্বান