ETV Bharat / state

একেদিনাই ডিব্ৰুগড়ত দুখনকৈ উৰণ সেতু মুকলি - DIBRUGARH NEW FLYOVER

অসমৰ দুগৰাকী স্বনামধন্য ব্যক্তিৰ নামেৰে ডিব্ৰুগড়ত মুকলি হ'ল দুখনকৈ উৰণ সেতু ।

Dibrugarh New Flyover
একেদিনাই ডিব্ৰুগড়ত দুখনকৈ উৰণ সেতু মুকলি (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : April 28, 2025 at 7:53 AM IST

3 Min Read

ডিব্ৰুগড় : পঞ্চায়ত নিৰ্বাচনলৈ মাত্ৰ ৪ দিন থকা সময়তে ডিব্ৰুগড়ত একেদিনাই মুকলি হ'ল দুখনকৈ উৰণ সেতু । অসমৰ দুগৰাকী স্বনামধন্য ব্যক্তিৰ নামেৰে দুখনকৈ উৰণ সেতু মুকলি কৰে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । নিবাৰ্চনী প্ৰচাৰৰ বাবে অহা মুখ্যমন্ত্ৰীয়ে দেওবাৰে সন্ধিয়া দুয়োখন উৰণ সেতু আনুষ্ঠানিকভাৱে ৰাইজৰ বাবে মুকলি কৰে । প্ৰথমে থানা চাৰিআলিত 'বাগ্মীবৰ নীলমণি ফুকন উৰণ সেতু' মুকলি কৰা হয় । ৬০.১৩ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা হৈছে ৪৫০ মিটাৰ দৈৰ্ঘৰ এই ৰে'লৱে উৰণ সেতুখন ।

ইয়াৰ পিছতে মুখ্যমন্ত্ৰীয়ে আনুষ্ঠানিকভাৱে 'ড৹ লীলা গগৈ উৰণ সেতু' মুকলি কৰে । কনভয় ৰোডক ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সৈতে সংযোগ কৰি ৬১৫.৪০ মিটাৰ দৈৰ্ঘৰ এই উৰণ সেতুখনৰ লগতে ১.৫৮ কিলোমিটাৰ দৈৰ্ঘৰ সেৱা পথৰ কাম ৫৬.৬৯ কোটি টকা ব্যয়েৰে সম্পূৰ্ণ কৰা হৈছে । অসমৰ দুগৰাকী স্বনামধন্য ব্যক্তিৰ নামত উৎসৰ্গিত উৰণ সেতু দুখনে ডিব্ৰুগড় চহৰৰ যান-জঁটৰ সমস্যা বহু পৰিমাণে লাঘৱ কৰিব বুলি আশা প্ৰকাশ কৰিছে ৰাইজে ।

একেদিনাই ডিব্ৰুগড়ত দুখনকৈ উৰণ সেতু মুকলি (ETV Bharat)

উৰণ সেতু উদ্বোধনী অনুষ্ঠানত প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ৰাজ্যসভাৰ সাংসদ ৰামেশ্বৰ তেলী, অসম চৰকাৰৰ মন্ত্ৰী প্ৰশান্ত ফুকন, ডিব্ৰুগড় জিলাৰ কেইবাজনো বিধায়কৰ লগতে বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

Dibrugarh New Flyover
একেদিনাই ডিব্ৰুগড়ত দুখনকৈ উৰণ সেতু মুকলি (ETV Bharat)

ডিব্ৰুগড়ক লৈ নতুন পৰিকল্পনা মুখ্যমন্ত্ৰীৰ :

ডিব্ৰুগড় চহৰত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই একেইদিনাই দুখন গুৰুত্বপূৰ্ণ উৰণ সেতু উদ্বোধন কৰি কয়, "ডিব্ৰুগড়ত ৰাইজৰ ব্যাপক উছাহ উদ্দীপনাৰ মাজত দুখন উৰণ সেতু উদ্বোধন কৰিবলৈ সক্ষম হ'লো । এখন উৰণ সেতু ড৹ লীলা গগৈৰ নামত উছৰ্গা কৰিছো আৰু এখন বাগ্মীবৰ নীলমণি ফুকনৰ নামত উছৰ্গা কৰিছো । ইয়াৰ সমান্তৰালভাৱে ডিব্ৰুগড়ত আৰু দুখন উৰণ সেতু হ'ব । দুখনৰ নিবিদা ইতিমধ্যে সম্পূৰ্ণ হৈছে । কাম আৰম্ভ হ'ব খুব সোনকালে ।"

মুখ্যমন্ত্ৰী শৰ্মাই লগতে কয়, "ডিব্ৰুগড়ৰ মানকটা খেলপথাৰত ৩৫ হাজাৰ আসন থকা এখন খেলপথাৰ হ'ব । ডিব্ৰুগড় বিধানসভা, বিধানসভাৰ চৌহদত এটা আটকধুনীয়া প্ৰেক্ষাগৃহও নিৰ্মাণ কৰা হ'ব, বিধায়কৰ আবাস গৃহ নিৰ্মাণ কৰা হ'ব । ছেপ্টেম্বৰত উপ-ৰাষ্ট্ৰপতিয়ে এইসমূহ নিৰ্মাণৰ বাবে আধাৰশিলা স্থাপন কৰিব ।"

উল্লেখ্য যে, গুৱাহাটীৰ পিছতে ৰাজ্যৰ আগশাৰীৰ চহৰ হিচাপে বিবেচিত হৈ আহিছে ডিব্ৰুগড় । ডিব্ৰুগড় চহৰে ইতিমধ্যে অসমৰ দ্বিতীয় মহানগৰ হিচাপে স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে । অসম চিকিৎসা মহাবিদ্যালয়, ডিব্ৰুগড়ৰ বিশ্ববিদ্যালয়, মোহনবাৰী বিমানবন্দৰ, গেছ ক্ৰেকাৰ প্ৰকল্পৰ লগতে শেহতীয়াকৈ মুখ্যমন্ত্ৰীৰ সচিবালয় আৰম্ভ হোৱাত ডিব্ৰুগড় চহৰখন পৰ্যটন, ব্যৱসায়, বাণিজ্য আদিৰ প্ৰাণকেন্দ্ৰ হৈ উঠিছে । অৱশ্যে ডিব্ৰুগড় চহৰত সৃষ্টি হোৱা যান-জঁটৰ সমস্যাই দীৰ্ঘদিন ধৰি জ্বলা-কলা খুৱাই আহিছে ডিব্ৰুগড়ৰ ৰাইজৰ লগতে ডিব্ৰুগড়লৈ অহা লোকসকলক । এই যান-জঁটৰ সমস্যা দূৰ কৰাৰ উদ্দেশ্যে ডিব্ৰুগড়ত নিৰ্মাণ কৰা হৈছে ইখনৰ পিছত সিখন উৰণ সেতু ।

লগতে পঢ়ক :কংগ্ৰেছৰ নেতাসকলে য'তে মিটিং কৰিব গৈছে তাতে খেদি ফুৰিছে : মুখ্যমন্ত্ৰী - PRADYUT BORDOLOI ATTACK

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.