অসমীয়া জাতিয়ে নতুনকৈ আৰু অবৈধ বিদেশীৰ বোজা ল'ব নোৱাৰে : অখিল গগৈ
Reactions On Implementation Of CAA : সোমবাৰৰ নিশা গোলাঘাটত শিৱসাগৰ সমষ্টিৰ ৰাইজৰ দলৰ বিধায়ক অখিল গগৈৰ লগতে বিভিন্ন দল-সংগঠনৰ প্ৰতিবাদ ৷ কাৰ প্ৰতিলিপি দাহ কৰি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ৷

Published : March 12, 2024 at 1:50 PM IST
গোলাঘাট, 12 মাৰ্চ: সোমবাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে নাগৰিকত্ব সংশোধনী আইনৰ অধিনিয়ম জাৰি কৰাৰ পাচতে সমগ্ৰ অসম হৈ পৰিছে প্ৰতিবাদমুখৰ ৷ কা বলৱতৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে শিৱসাগৰ সমষ্টিৰ ৰাইজৰ দলৰ বিধায়ক অখিল গগৈ । সোমবাৰৰ নিশা গোলাঘাটৰ আৱৰ্ত ভৱনৰ সম্মুখত কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰে বিধায়ক অখিল গগৈ ৷
বিধায়কগৰাকীয়ে কয়, "নাগৰিকত্ব সংশোধনী আইন কোনোপধ্যেই অসমীয়া জাতিয়ে মানি নলয় । 1910 চনৰ পৰা অসমৰ ৰাইজে কেৱল বিদেশীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলগীয়া হৈছে । দীৰ্ঘদিনৰ পৰা বিদেশীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি অহা অসমীয়া জাতিয়ে নতুনকৈ আৰু অবৈধ বিদেশীৰ বোজা ল'ব নোৱাৰে । ইতিমধ্যে যিহেতু কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে নাগৰিকত্ব সংশোধনী আইন বলৱৎ কৰিছে ৷ গতিকে সমূহ অসমবাসী ৰাইজ ইয়াৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই অহা উচিত ।"
ইফালে আৰক্ষীয়ে প্ৰতিবাদকাৰীৰ বিৰুদ্ধে সষ্টম হোৱা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি বিধায়কগৰাকীয়ে কয়, "আৰক্ষীয়ে যি ব্যৱস্থা গ্ৰহণ নকৰক কিয় এই জাতিধ্বংসী আইনৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত থাকিব । কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে নাগৰিকত্ব সংশোধনী আইনৰ নিয়মাৱলী প্ৰকাশ কৰি কৈছে যে যিসকল লোকে বাংলাদেশ, আফগানিস্তান আৰু পাকিস্তানৰ পৰা আহিছে তেওঁলোকে অনলাইনযোগে নাগৰিকত্বৰ বাবে আবেদন কৰিব পাৰিব ৷ তাৰ বাবে কোনোধৰণৰ নথি-পত্ৰ বা কি পৰিস্থিতিত আহিছে, সেই সন্দৰ্ভত একো তথ্য দিব নালাগে ৷ কেৱল মাত্ৰ কেতিয়া ভাৰতবৰ্ষলৈ আহিছে সেই কথা উল্লেখ কৰিলে হ'ব । যদি তেনে হয় অসমত 15-20 লাখ অবৈধ বিদেশী নাগৰিকে নাগৰিকত্ব লাভ কৰিব ।"
বিধায়ক অখিল গগৈৰ লগতে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, জাতীয় সংগ্ৰামী সেনা, টাই আহোম ছাত্ৰ সন্থা, সদৌ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, আমছু খিলঞ্জীয়া আদি দল-সংগঠনবোৰে সোমবাৰৰ নিশা গোলাঘাটৰ আৱৰ্ত ভৱনৰ সম্মুখত কাৰ প্ৰতিলিপি দাহ কৰি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ৷
লগতে পঢ়ক : বিৰোধী ঐক্য মঞ্চৰ হৰতাল কাৰ্যসূচীৰ প্ৰতি সহযোগিতাৰ আহ্বান দেৱব্ৰত শইকীয়াৰ

