ETV Bharat / state

জিলাই জিলাই চলিব চি এন জি বাছ; পৰিকল্পনা নতুন পৰিবহণ মন্ত্ৰী যোগেন মহনৰ

ৰঙা বাছৰ সলনি জিলাই জিলাই চি এন জি বাছ চলোৱাৰ পৰিকল্পনা নতুন পৰিবহণ মন্ত্ৰী যোগেন মহনৰ । সমবায় বিভাগত নতুন আন্দোলনৰ পোষকতা ।

transport minister Jogen Mohan
পৰিবহণ মন্ত্ৰী যোগেন মহনৰ নতুন পৰিকল্পনা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : December 10, 2024 at 9:16 PM IST

3 Min Read
Choose ETV Bharat

মৰাণ : বহু চৰ্চাৰ অন্তত যোৱা ৭ ডিচেম্বৰত দিনৰ ১২ বজাত অসম চৰকাৰৰ মন্ত্ৰীসভা সম্প্ৰসাৰণ কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই । কোন কোন বিধায়কে মন্ত্ৰীসভাত স্থান লাভ কৰিব তাক লৈ বহু দিনৰ পৰা ব্যাপক চৰ্চা চলি থকাৰ পাছতেই চাৰিজন বিধায়কক কেবিনেট মন্ত্ৰী দায়িত্ব দি সোমবাৰে মন্ত্ৰীৰ দপ্তৰ বিতৰণ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । মুখ্যমন্ত্ৰী হিমন্ত শৰ্মাই নিজৰ লগত থকা কেইবাটাও দপ্তৰৰ সাময়িক দায়িত্ব আন মন্ত্ৰীক দিয়াৰ লগতে কেইবাজনো মন্ত্ৰীৰ দপ্তৰৰ ব্যাপক সাল-সলনি কৰে ।

পূৰ্বে ৰাজহ আৰু দুৰ্যোগ প্ৰশমন বিভাগৰ দায়িত্বত থকা মন্ত্ৰী যোগেন মহনক এইকেইটা বিভাগৰ পৰা আঁতৰাই আন কেইবাটাও গুৰুত্বপূৰ্ণ দপ্তৰৰ দায়িত্ব প্ৰদান কৰা হৈছে । তেওঁক পৰিবহণ, পাহাৰীয়া অঞ্চল বিভাগ, সমবায়, খিলঞ্জীয়া আৰু জনজাতি উন্নয়ন বিভাগৰ দায়িত্ব প্ৰদান কৰিছে মুখ্যমন্ত্ৰী হিমন্ত শৰ্মাই ।

পৰিবহণ মন্ত্ৰী যোগেন মহনৰ নতুন পৰিকল্পনা (ETV Bharat Assam)

ইয়াৰ পাছতে মঙলবাৰে মৰাণত সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মন্ত্ৰী যোগেন মহনে । মন্ত্ৰীসভাত পুনৰ নতুনকৈ দপ্তৰ পোৱাৰ পিচত মন্ত্ৰী যোগেন মহনে প্ৰথমটো প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সংবাদ মাধ্যমৰ জৰিয়তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জনাই কয়, "বিভাগকেইটা ভালকৈ অধ্যয়ন কৰি চলাই যাম । বিভাগকেইটাৰ যি আধৰুৱা কাম আছে সকলো শেষ কৰাৰ বাবে বিভাগসমূহৰ বিষয়া আৰু মুখ্যমন্ত্ৰীৰ সৈতে আলোচনা কৰিম ।"

ৰঙা বাছৰ সলনি জিলাই জিলাই চি অন জি বাছ চলোৱাৰ পৰিকল্পনা

পৰিবহণ বিভাগৰ দায়িত্ব লাভ কৰাৰ পাছতে মন্ত্ৰী যোগেন মহনে কয়, "অসম চৰকাৰৰ পৰিবহণ বিভাগৰ ৰঙা বাছবিলাক কমি আহিছে । এতিয়া নতুনকৈ চি এন জি বাছ চলোৱাৰ ব্যৱস্থা কৰা হৈছে । গুৱাহাটীত ইতিমধ্যে ২০০ খন চি এন জি বাছ চলাই থকা হৈছে । সেয়ে ডিব্ৰুগড়, যোৰহাটকে ধৰি আন আন জিলাসমূহত ৰঙা বাছৰ সলনি চি এন জি বাছ চলোৱাৰ পৰিকল্পনা কৰা হৈছে । ইয়াৰ লগে লগে নতুনকৈ জিলাই জিলাই চি অন জি ডিপো খোলাৰ ব্যৱস্থা কৰিব লাগিব । আজিকালি ৰাইজে ভালকৈ যাতায়াত কৰিব বিচাৰে । সেয়ে পৰিবহণৰ ক্ষেত্ৰত সুবিধা দিয়াৰ ব্যৱস্থা কৰিব লাগিব ।"

সমবায় বিভাগক লৈ হ'ব নতুন আন্দোলন

আনহাতে, সমবায় বিভাগৰ দায়িত্ব লাভ কৰা মন্ত্ৰী যোগেন মহনে কয়, "সমবায় বিভাগটো এটা গুৰুত্বপূৰ্ণ বিভাগ । এই বিভাগটোৰ উন্নয়নৰ বাবে গুৰুত্বসহকাৰে কাম কৰা হ'ব । ৰাজ্যত ৭৭৭ খন সমবায় জড়িত হৈ আছে । এই ক্ষেত্ৰত এক জাগৰণ আৰম্ভ কৰিব লাগিব । সমবায়ক লৈ নতুন আন্দোলন আৰম্ভ কৰিলে এই বিভাগটোত বহু লোকৰ সংস্থাপনৰ বাট মুকলি হ'ব ।"

লগতে পঢ়ক :ৰুটী, কপড়া ঔৰ মকানৰ লগতে বিদ্যুৎ: শক্তি বিভাগৰ দায়িত্ব লৈয়ে প্ৰশান্ত ফুকনৰ ঘোষণা
লগতে পঢ়ক :পূজা-অৰ্চনা কৰি তিনিটাকৈ বিভাগৰ কামত ধৰিলে মন্ত্ৰী কৌশিক ৰায়ে