ETV Bharat / state

কাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ ডিজিপিক নিৰ্দেশ দিলে কেবিনেটে

পাকিস্তানী নাগৰিক আলী তৌকীৰ শ্বেখৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ আৰক্ষী সঞ্চালক প্ৰধানক নিৰ্দেশ অসম কেবিনেটৰ ।

Assam Cabinet
মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : February 16, 2025 at 9:46 PM IST

|

Updated : February 16, 2025 at 10:43 PM IST

5 Min Read
Choose ETV Bharat

গুৱাহাটী : সাংসদ গৌৰৱ গগৈ আৰু তেওঁৰ পত্নী এলিজাবেথ ক'লবাৰ্ণ গগৈক কেন্দ্ৰ কৰি সৃষ্টি হোৱা অভিযোগৰ ঘটনাৰাজি সন্দৰ্ভত গোচৰ ৰুজু কৰি তদন্ত কৰাৰ বাবে অসম আৰক্ষীৰ সঞ্চালক প্ৰধানক নিৰ্দেশ দিছে ৰাজ্যিক কেবিনেটে । আজি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ পৌৰোহিত্যত দিছপুৰৰ লোকসেৱা ভৱনত অনুষ্ঠিত হোৱা ৰাজ্য চৰকাৰৰ সাপ্তাহিক কেবিনেট বৈঠকত এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় । কেবিনেট বৈঠকৰ পাছতে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই এখন সংবাদমেল সম্বোধন কৰে ।

সংবাদমেলত মুখ্যমন্ত্রীয়ে কয়, "বিগত কেইদিনমানত পাকিস্তানী নাগৰিক আলী তৌকীৰ শ্বেখৰ পূৰ্বে সামাজিক মাধ্যমত প্ৰকাশ পোৱা অসমৰ সাম্প্ৰদায়িক সম্প্রীতি বিঘ্নিত কৰিব পৰা কেতবোৰ বিশেষ মন্তব্য সন্দৰ্ভত একাধিক বাতৰি পোহৰলৈ আহিছে । তদুপৰি তেওঁৰ সামাজিক মাধ্যমৰ তৎপৰতাসমূহ মন কৰিলে দেখা যায় যে তেওঁ ভাৰতৰ আভ্যন্তৰীণ তথা সংসদীয় বিষয়সমূহক লৈ বিগত সময়ত বিভিন্ন মন্তব্য আগবঢ়াই আহিছে । উল্লেখিত ব্যক্তিজনে ভাৰতৰ স্বাৰ্থ বিঘ্নিত কৰিবলৈ অহৰহ চেষ্টা কৰি আহিছে । ৰাজহুৱা ডমেইনত উপলব্ধ তথ্যসমূহ গভীৰভাৱে পৰীক্ষা কৰিলে দেখা যায় যে আলী শ্বেখ হৈছে পাকিস্তান চৰকাৰ আৰু পাক নেতৃত্বৰ সৈতে ওতপ্রোতভাৱে জড়িত এগৰাকী প্ৰভাৱশালী ব্যক্তি । আনকি তেওঁ আন্তঃৰাষ্ট্ৰীয় মঞ্চতো বিভিন্ন ক্ষেত্ৰত ইছলামিক ৰিপাব্লিক অৱ পাকিস্তানক প্ৰতিনিধিত্ব কৰিছে । ৰাজহুৱাভাৱে উপলব্ধ এই তথ্যসমূহৰ আধাৰত এই বিষয়টো অসম কেবিনেটৰ দৃষ্টিগোচৰ কৰা হৈছে ।"

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা (ETV Bharat Assam)

মুখ্যমন্ত্রীয়ে কয়, "আলী শ্বেখে পাকিস্তান চৰকাৰৰ কেইবাটাও ক্ষেত্ৰত পৰামৰ্শদাতা পদত আৰু পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে গঠন কৰা কমিটী আদিত সেৱা আগবঢ়াই আহিছে । এই তথ্যসমূহৰ আলমত আৰু পাকিস্তানৰ চৰকাৰী তথা বেচৰকাৰী সংস্থা আৰু ব্যক্তিসকলে অতীজত অসমক অস্থিৰ কৰাৰ বাবে চলোৱা প্ৰচেষ্টাৰ ভিত্তিত অসম আৰু ভাৰত গণৰাজ্যৰ ঘৰুৱা বিষয়ত আলী শ্বেখে হস্তক্ষেপ কৰাৰ বাবে চলোৱা এনে প্ৰচেষ্টাক অসম চৰকাৰে গুৰুত্ব সহকাৰে লৈছে । তেওঁৰ সামাজিক মাধ্যমৰ কাৰ্যকলাপ আৰু ৰাজহুৱাভাৱে উপলব্ধ তথ্যৰ তদন্তৰ অন্তত স্পষ্ট হৈছে যে আলী শ্বেখে ব্ৰিটিছ নাগৰিক আৰু অসমৰ সংসদ সদস্য গৌৰৱ গগৈৰ পত্নী এলিজাবেথ গগৈৰ সংস্পৰ্শলৈ আহিছিল ।"

শৰ্মাই লগতে কয়, "পাকিস্তান চৰকাৰৰ সৈতে থকা যোগাযোগৰ লগতে আলী শ্বেখ হৈছে জলবায়ু পৰিৱৰ্তনৰ ক্ষেত্ৰত কাম কৰা অ-লাভজনক সংস্থা লীড পাকিস্তানৰ প্ৰতিষ্ঠাতা । বিগত সময়ত ইছলামাবাদত কটোৱা সময়ছোৱাত লিড পাকিস্তানৰ অবিচ্ছেদ্য অংগ আছিল ব্ৰিটিছ নাগৰিক এলিজাবেথ গগৈ । তদুপৰি আলী শ্বেখ আৰু ব্ৰিটিছ নাগৰিক এলিজাবেথ গগৈ দুয়োজনেই ভাৰত আৰু পাকিস্তানত কাম কৰা চি ডি কে এন নামৰ এটা পৰিৱেশ সম্পৰ্কীয় গোটৰ অংশ । অসম কেবিনেটে ভাৰতৰ আভ্যন্তৰীণ পৰিক্ৰমা সম্পৰ্কীয় বিষয়ত পাকিস্তানস্থিত নেতা আৰু জলবায়ু সুৰক্ষাৰ নাম লৈ এনে বিষয়ত জড়িত থকা ব্যক্তিসকলৰ সন্দৰ্ভত নিজৰ উদ্বেগ প্রকাশ কৰিছে আৰু তেওঁলোকৰ প্ৰকৃত উদ্দেশ্য সম্পৰ্কে উদয় হোৱা প্ৰশ্নক অতি গুৰুত্ব সহকাৰে গ্ৰহণ কৰিছে ।"

তেওঁ আৰু কয়, "এই বিষয়টোৱে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ ক্ষেত্ৰত পেলাব পৰা নেতিবাচক প্ৰভাৱৰ প্ৰতি লক্ষ্য ৰাখি অসমৰ আৰক্ষী সঞ্চালক প্ৰধানক ভাৰতীয় ন্যায় সংহিতাৰ উপযুক্ত বিধান আৰু অন্যান্য প্ৰাসংগিক আইনৰ অধীনত আলী শ্বেখৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ অসম কেবিনেটে নিৰ্দেশনা প্রদান কৰিছে । তদুপৰি এই কার্যকলাপসমূহ কোনো বৃহত্তৰ ষড়যন্ত্ৰৰ অংশ নেকি, সেয়া নিশ্চিত কৰিবলৈ আৰু শ্বেখৰ ভাৰত বিৰোধী এজেণ্ডাত অসমৰ লগতে আৰু ভাৰতবৰ্ষৰ সংশ্লিষ্ট সকলো সহযোগীক চিনাক্ত কৰাৰ বাবে অসম কেবিনেটে এক বিস্তৃত তদন্ত কৰিবলৈ নিৰ্দেশ প্রদান কৰিছে ।"

তদন্তৰ দিশ সন্দৰ্ভত মুখ্যমন্ত্রীয়ে কয়,

  • অসমৰ লগতে ভাৰতত আলী শ্বেখৰ নেটৱৰ্কৰ গভীৰতাৰ তদন্ত কৰা
  • অসম আৰু ভাৰতৰ অন্যান্য স্থানত ভাৰতৰ বিৰুদ্ধে আলী শ্বেখৰ কাৰ্যত সহায়-সহযোগ কৰা ব্যক্তি, সংগঠন আৰু সহযোগীসকলক পৰীক্ষা কৰা
  • তদন্তৰ কালছোৱাত ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ সংশ্লিষ্ট সংস্থা আৰু বিভাগৰ পৰা প্রাসংগিক সহায় আৰু তথ্য সংগ্ৰহ কৰা হওক

মুখ্যমন্ত্ৰী শৰ্মাই কয়, "ভাৰতৰ নিৰাপত্তা আৰু সাৰ্বভৌমত্বৰ স্বাৰ্থত এই বিষয়টো অতি গুৰুত্ব সহকাৰে বিবেচনা কৰা হ'ব বুলি অসম কেবিনেটে প্রকাশ কৰিছে । অসম কেবিনেটে লক্ষ্য কৰিছে যে অসম পূৰ্বৰে পৰা আই এছ আইৰ পৃষ্ঠপোষকতাত চলি থকা দেশবিৰোধী কাৰ্যকলাপৰ ঘাটি হোৱাৰ তথ্য পোৱা যায় আৰু সেইবাবে এইক্ষেত্ৰত অধিক সতর্কতা আৰু নিৰ্ণায়ক পদক্ষেপৰ প্ৰয়োজন ।"

সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্রীয়ে কয়, "সাংসদ গৌৰৱ গগৈয়ে গোচৰ দিলে আমি আদৰণি জনাম । আদালতত গ'লে বহু কথাই পোহৰলৈ আহিব । সাংসদ গৌৰৱ গগৈয়ে সংসদত নিউক্লিয়াৰ তথা ডিফেন্সৰ বহু গোপন কথা উত্থাপন কৰিছিল । অসমৰ এজন সাংসদৰ এইবোৰ কথা জনাৰ প্ৰয়োজন কি । ৰাষ্ট্ৰীয় নিৰাপত্তাৰ কথা আছে। আমি আৰক্ষী সঞ্চালক প্ৰধানক গোচৰ ৰুজু কৰাৰ নিৰ্দেশ দিছো । ইয়াত ৰাজনীতিৰ কথা নাই । আৰক্ষী সঞ্চালক প্ৰধানে গোচৰটো সন্দৰ্ভত এছ আই টি গঠন কৰে নাইবা নিয়া তথা চি বি আইক দিয়ে সেইটো তেওঁলোকৰ কথা । আমি আশা কৰিম সাংসদ গৌৰৱ গগৈ আৰু তেওঁৰ পত্নীয়ে আৰক্ষীৰ তদন্তত সহযোগ কৰিব ।"

লগতে পঢ়ক: গৌৰৱ গগৈক সহানুভূতি সহকাৰে লৈয়ে আমি গোটেই বিষয়টো বিচাৰ কৰিম: মুখ্যমন্ত্রী

সাংসদ গৌৰৱ গগৈৰ পত্নীৰ বিৰুদ্ধে গ্ৰহণ কৰা হ'ব আইনী ব্যৱস্থা: মুখ্যমন্ত্রী

এলিজাবেথ ক’লবাৰ্ণ গগৈ বিতৰ্ক; মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, গৌৰৱ গগৈ ইত্যাদি

Last Updated : February 16, 2025 at 10:43 PM IST