ETV Bharat / state

ৰাজ্যিক কৰ্মচাৰী-পেন্সনাৰৰ মৰগীয়া বানচ বৃদ্ধি; কেবিনেটে আৰু কি কি ল'লে সিদ্ধান্ত ? - ASSAM CABINET DECISION

বিহুৰ পূৰ্বে অসম চৰকাৰৰ কৰ্মচাৰী আৰু পেন্সনাৰৰ বাবে ভাল খবৰ । ১ ব'হাগৰ পৰা অসমীয়া ভাষাত প্ৰকাশ পাব চৰকাৰী কাৰ্যালয়ৰ 'অফিচ অৰ্ডাৰ' ।

Assam Cabinet Decision
ৰাজ্যিক কৰ্মচাৰী-পেন্সনাৰৰ মৰগীয়া বানচ বৃদ্ধি (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : April 4, 2025 at 7:10 PM IST

5 Min Read

গুৱাহাটী: অসম চৰকাৰৰ কৰ্মচাৰী আৰু পেন্সনাৰসকলৰ বাবে বিহুৰ আগে আগে ৰাজ্যিক কেবিনেটে আনিলে সুখবৰ । ৰাজ্যিক কৰ্মচাৰীৰ বাবে ২ শতাংশ মৰগীয়া বানচত ড৹ হিমন্ত বিশ্ব শৰ্মা কেবিনেটৰ অনুমোদন ।

ৰাজ্যিক কৰ্মচাৰীৰ মৰগীয়া বানচ বৃদ্ধিৰ পৰা নিৰ্দিষ্ট খিলঞ্জীয়া জনগোষ্ঠীৰ বিদেশী ন্যায়াধীকৰণৰ গোচৰ উঠাই লোৱা, জাগীৰোড ছেমিকণ্ডাক্টৰ চিটীত ১৪২ কোটিৰ কৰ্মৰত মহিলাৰ হোষ্টেল নিৰ্মাণলৈকে অসম চৰকাৰৰ শুকুৰবাৰে দিছপুৰৰ লোকসেৱা ভৱনত অনুষ্ঠিত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ কেবিনেটত একাধিক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ । কেবিনেটৰ বৈঠকৰ পিছতে মুখ্যমন্ত্ৰীয়ে সংবাদমেলযোগে কেবিনেটে গ্ৰহণ কৰা কেতবোৰ মূল সিদ্ধান্তৰ বিষয়ে ঘোষণা কৰে ৷

ৰাজ্যিক কৰ্মচাৰী-পেন্সনাৰৰ মৰগীয়া বানচ বৃদ্ধি (ETV Bharat)

চৰকাৰী কৰ্মচাৰী আৰু পেন্সনাৰলৈ ২ শতাংশ মৰগীয়া বানচ

ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ লগতে পেন্সনাৰসকললৈ সুখবৰ ৷ ৰাজ্যিক কৰ্মচাৰীৰ ২ শতাংশ মৰগীয়া বানচ বৃদ্ধি, পেন্সনাৰসকলৰো মৰগীয়া বানচ ২ শতাংশ বৃদ্ধি । শুকুৰবাৰে অসম চৰকাৰৰ কেবিনেটে এই সিদ্ধান্তত অনুমোদন জনায় ।

১ জানুৱাৰীৰ পৰা এই নির্দেশ কাৰ্যকৰী হোৱাৰ কথা ঘোষণা কৰি মুখ্যমন্ত্ৰীয়ে কয়, "আজি আমাৰ অসম চৰকাৰৰ কেবিনেটত আমাৰ ৰাজ্য চৰকাৰৰ কৰ্মচাৰী আৰু পেন্সনাৰসকলৰ বাবে ২ শতাংশ মৰগীয়া বানচ বৃদ্ধি ঘোষণা কৰো ৷ এতিয়াৰ পৰা ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ লগতে পেন্সনাৰসকলে ২ শতাংশ মৰগীয়া বানচ পাব ৷ ২০২৫ ৰ ১ জানুৱাৰীৰ পৰা এই সিদ্ধান্ত কাৰ্যকৰী হ'ব ৷ এতিয়াৰে পৰা তেওঁলোকৰ দৰমহাৰ লগত ২ শতাংশ মৰগীয়া বানচ সংলগ্ন কৰিম । বিহুৰ আগতে পোৱা দৰমহাত ২ শতাংশ আমি সংলগ্ন কৰিম ৷ কিন্তু যি বকেয়া থাকিব, আমি এপ্ৰিল আৰু মে' মাহৰ দৰমহাত সংলগ্ন কৰিম" ৷

অসমীয়া ভাষাত ৰাজ্য চৰকাৰৰ সকলো অফিচ অৰ্ডাৰ

ৰাজ্য চৰকাৰৰ সকলো কাৰ্যালয়ত অসমীয়া ভাষা প্ৰয়োগত এখোজ আগবাঢ়িছে অসম চৰকাৰ ৷ ১ ব'হাগৰ পৰা ৰাজ্য চৰকাৰৰ সকলো ট্ৰেন্সফাৰ, পোষ্টিং, অফিচ অৰ্ডাৰ আদি যি ওলাব, সকলো ইংৰাজীৰ লগতে অসমীয়া ভাষাতো ওলাব । শুকুৰবাৰে অসম চৰকাৰৰ কেবিনেটৰ এই সিদ্ধান্তৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

এই প্ৰসংগত মুখ্যমন্ত্ৰীয়ে সংবাদমেলত কয়, "আমি সিদ্ধান্ত লৈছো অসমত এক ব'হাগৰ পৰা যিমান চৰকাৰী অৰ্ডাৰ হয়, অফিচ মেম'ৰেণ্ডাম হয়, ৰুলচ-ৰেগুলেচন হয়, যিমান বিলাক চৰকাৰী যোগাযোগ হয়, সেইবোৰত ইংৰাজীৰ লগতে অসমীয়া ভাষাতো প্ৰতিলিপি সন্নিৱিষ্ট কৰিব লাগিব । বৰাক উপত্যকাত বঙালী আৰু বি টি আৰত বড়ো ভাষা থাকিব অতিৰিক্তভাৱে । সমগ্ৰ অসমতে ইংৰাজী আৰু অসমীয়া থাকিব । সদৌ অসম ছাত্ৰ সন্থাৰ লগত এই বিষয়ত আলোচনা হৈছিল । ন্যায়াধীশ বিপ্লৱ শৰ্মা আয়োগৰো এইটো পৰামৰ্শ আছিল । এক বহাগ, ১৫ এপ্ৰিলৰ পৰা এইবোৰ কাৰ্যকৰী হ'ব" ৷ অৱশ্যে আইনী ক্ষেত্ৰত কেৱল ইংৰাজী ভাষাত প্ৰকাশিত নথিহে গ্ৰহণযোগ্য হ'ব বুলি লগতে স্পষ্ট কৰি দিয়ে মুখ্যমন্ত্ৰীয়ে ।

প্ৰস্তাৱিত বনাঞ্চলক ৰাজহ গাঁৱলৈ পৰিৱৰ্তনত অনুমোদন

ৰাজ্য চৰকাৰৰ কেবিনেটে দুখন প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চলক ৰাজহ গাঁৱলৈ পৰিৱৰ্তিত কৰাৰ সিদ্ধান্তত অনুমোদন জনায় ৷ "পাগলীঝাৰা আৰু নায়েক গাঁৱক ৰাজহ গাঁৱলৈ পৰিৱৰ্তিত কৰাত অনুমোদন জনায় ৷ তাৰ ভিতৰত ২৮০ হেক্টৰ আৰু ১৮০ হেক্টৰক লৈ দুখন ৰিজাৰ্ভ ফৰেষ্ট কৰাৰ বাবেও ৰাজ্য চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে"—ঘোষণা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ।

২৮ হাজাৰ কোচ-ৰাজবংশী লোকৰ বিৰুদ্ধে বিদেশী ন্যায়াধীকৰণৰ গোচৰ প্ৰত্যাহাৰ :

অসমৰ বিদেশী ন্যায়াধীকৰণত থকা অমীমাংসিত গোচৰ বিলাকৰ ক্ষেত্ৰত নিৰ্দিষ্ট থলুৱা জনগোষ্ঠীৰ লোকৰ বিৰুদ্ধে থকা গোচৰ উঠাই লোৱাৰ সিদ্ধান্ততো অনুমোদন ৰাজ্য চৰকাৰৰ । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কয়,"বিদেশী ন্যায়াধীকৰণত থকা অমীমাংসিত গোচৰ বিলাকৰ মাজত এনে বহুতো লোক আছে যাৰ উপাধিসমূহ থলুৱা কোচ-ৰাজবংশীসকলৰ লগত মিলে ৷ ২৮,০০০ কোচ-ৰাজবংশী লোকে আজিও বিদেশী ন্যায়াধীকৰণত বিদেশীৰ অপমানৰ বোজা লৈ কেচ খেলি আছে । ৰাজ্য চৰকাৰে বিশ্বাস কৰে কোচ-ৰাজবংশীসকল অসমৰ এক খিলঞ্জীয়া জনগোষ্ঠী, কোচ-ৰাজবংশীসকল অসমৰ সংস্কৃতিৰ এক এৰাব নোৱাৰা অংগ ।" মুখ্যমন্ত্ৰীয়ে লগতে কয়, "সেইবাবে ৰাজ্য চৰকাৰে সিদ্ধান্ত লৈছে যে কোচ-ৰাজবংশীসকলৰ বিৰুদ্ধে বিদেশী ন্যায়াধীকৰণত যি গোচৰ চলি আছে, নামৰ বিপৰীতে যি ডি ভোটাৰ বুলি লাগি আছে, সেয়া প্ৰত্যাহাৰ কৰিবলৈ ৰাজ্য চৰকাৰে আজি সিদ্ধান্ত লৈছে । আমি এক ঐতিহাসিক সিদ্ধান্ত লৈছো যে এতিয়াৰ পৰা কোচ-ৰাজবংশীসকলৰ গাত আৰু কোনো বিদেশীৰ চাপ লাগি নাথাকিব ।"

ইযাৰ উপৰিও শুকুৰবাৰে অসম কেবিনেটে লোৱা অনুমোদন জনোৱা সিদ্ধান্তসমূহৰ ভিতৰত আছে-

  • জাগীৰোডৰ ছেমিকণ্ডাক্টৰ চিটীত মহিলা কৰ্মচাৰীৰ বাবে ১০০০ আসনযুক্ত এটা কৰ্মৰত মহিলাৰ হোষ্টেল নিৰ্মাণ আৰু তাৰ বাবে ১৪২ কোটি টকাৰ অনুমোদন ৷
  • গুৱাহাটীত জলবায়ু পৰিৱৰ্তনৰ অধ্যয়নৰ বাবে 'ক্লাইমেট চেণ্টাৰ ফৰ চিটিজ' নামৰ প্ৰতিষ্ঠান স্থাপন ৰাজ্যিক কেবিনেটৰ অনুমোদন । ইয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰ আৰু ফৰাচী চৰকাৰে পুঁজি যোগান ধৰিব ।
  • চাহ বাগিচাসমূহত নিৰ্মীয়মান মহাপ্ৰভু জগন্নাথ কমিউিনিটী হলৰ বাবে মেনেজিং কমিটী গঠন ৷

লগতে পঢ়ক :কি নাই আটকধুনীয়া কলেজখনত ! কেৱল পাঠদানহে আৰম্ভ হোৱা নাই, থাকে পুলিচ-মিলিটেৰী - LUXURIOUS COLLEGE BUILDINGS

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.