গুৱাহাটী: অসমত দুগ্ধ উদ্যোগৰ প্ৰসাৰৰ পৰা আৰম্ভ কৰি ১,৩১৩ অংশকালীন আই চি টি শিক্ষকৰ মাহিলী মাননী বৃদ্ধিত অনুমোদনলৈকে শুকুৰবাৰে অসম কেবিনেটে গ্ৰহণ কৰিলে এলানি গুৰুত্বপূৰ্ণ সিদ্ধান্ত ।
মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত শুকুৰবাৰে ৰাজধানী দিশপুৰত অনুষ্ঠিত হয় কেবিনেট বৈঠক । বৈঠকৰ পিছতে কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ সংবাদমেলত সদৰী কৰে দুই জ্যেষ্ঠ মন্ত্ৰী ক্ৰমে ৰণোজ পেগু আৰু ৰণজিৎ কুমাৰ দাসে ।
ৰাজ্যত দুগ্ধ উৎপাদন বৃদ্ধিৰ পদক্ষেপত অনুমোদন
ৰাজ্যখনৰ দুগ্ধ উৎপাদনৰ ক্ষেত্ৰখনক অধিক তৰান্বিত কৰাৰ উদ্দেশ্যৰে হিমন্ত বিশ্ব শৰ্মা কেবিনেটে ৰাণীস্থিত ফার্ম মেনেজমেণ্ট প্রতিষ্ঠানৰ ২০ বিঘা ভূমি দুগ্ধ উৎপাদনৰ বৃহৎ প্ৰতিষ্ঠান আমূলক লীজত দিয়াৰ বাবে অনুমোদন জনায় ।

মন্ত্ৰী ৰণোজ পেগুৱে জনায়, “আমূলে ১ লাখ লিটাৰ দৈনিক উৎপাদন ক্ষমতাসম্পন্ন এটি বিশ্বমানৰ দুগ্ধ সংসাধন গোট প্রায় ৭৫ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰিব ৷ এই ব্যয় ১৫০ কোটিলৈ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে ।”
উল্লেখযোগ্য যে, যোৱা ফেব্ৰুৱাৰী মাহত গুৱাহাটীত হৈ যোৱা এডভাণ্টেজ আছাম ২.০ ৰ বুজাবুজি চুক্তি অনুসৰি স্থাপন হ'বলগীয়া এই প্রকল্পটোৱে প্রায় ২০,০০০ দুগ্ধ উৎপাদকক লাভান্বিত কৰিব বুলি অসম চৰকাৰে ঠাৱৰ কৰিছে ৷ দেশৰ শ্বেত বিপ্লৱৰ কাণ্ডাৰী আমূলৰ দৰে প্ৰতিষ্ঠানৰ এই উদ্যোগ কাৰ্যক্ষম হ’লে অসমৰ দুগ্ধ উদ্যোগটোত যে অভূতপূৰ্ব পৰিৱৰ্তন আহিব সেয়া নিশ্চিত ।
ৰাজসাহায্যযুক্ত খাদ্যশস্য যোগানত অনুমোদন
শুকুৰবাৰৰ কেবিনেটৰ আন এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত হ’ল ৰাজসাহায্যযুক্ত খাদ্যশস্য যোগানত জনোৱা অনুমোদন ৷
এই প্ৰসংগত মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে এনেদৰে কয় “কেবিনেটে ৰাজসাহায্যযুক্ত মচুৰ দাইল, চেনি আৰু নিমখত নির্বাচিত জিলাত অক্টোবৰ ২০২৫ ৰ পৰা আৰু বাকী সকলো জিলাতে নৱেম্বৰ ২০২৫ ৰ পৰা ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনৰ হিতাধিকাৰীক বিতৰণ কৰিবলৈ অনুমোদন জনাইছে ৷”
সংবাদমেলত ৰণজিৎ কুমাৰ দাসে জনোৱা অনুসৰি প্রত্যেকবিধ সামগ্রী সুকীয়া পেকেটত প্ৰদান কৰা হ'ব, যাতে গ্রাহকে নিৰ্বাচন কৰি সামগ্রী ক্ৰয় কৰিব পাৰে ৷
ৰাজসাহায্যৰ পাছত খাদ্যশস্যসমূহৰ মূল্য হ'ব এনেধৰণৰ
- মচুৰ দাইল-৬৯ টকা
- চেনি-৩৮ টকা
- নিমখ- ১০ টকা
উৎসাহ প্রদান কৰি সংস্থাপন সৃষ্টি
অসমত ব্যক্তিগত খণ্ডৰ বিনিয়োগক উৎসাহিত কৰি নিয়োগৰ সুযোগ সৃষ্টি কৰিবলৈ কেবিনেটে আই আই পি এৰ অধীনত দুটাকৈ প্রস্তাৱত শুকুৰবাৰে অনুমোদন জনায় ৷ এইক্ষেত্ৰত মুঠ বিনিয়োগ হ’ব ৪৫৭.৯৮ কোটি । ইয়াৰ দ্বাৰা
হ’বলগীয়া নিয়োগৰ সুযোগ সৃষ্টি প্রায় ১০০০ ৷
অংশকালীন আই চি টি শিক্ষকৰ মাহিলী মাননী বৃদ্ধিত অনুমোদন
আই চি টিৰ শিক্ষকৰ ভৱিষ্যত সুৰক্ষাৰ স্বাৰ্থত শুকুৰবাৰে ৰাজ্যিক কেবিনেটত ড৹ বাণীকান্ত কাকতি কম্পিউটাৰ সাক্ষৰতা কাৰ্যসূচীৰ অধীনত ১,৩১৩ গৰাকী অংশকালীন আই চি টি শিক্ষকৰ মাহিলী মাননী অক্টোবৰ ২০২৫ ৰ পৰা ২০,০০০ টকালৈ বৃদ্ধিত অনুমোদন ৷
এই অনুমোদনৰ লগতে এই শিক্ষকসকলৰ বাবে আন কেতবোৰ সুবিধাতো কেবিনেটৰ অনুমোদন ৷ কেবিনেটে তেওঁলোকক ৬০ বছৰ বয়সলৈ সেৱাৰ নিশ্চয়তা বৃদ্ধি কৰাৰ বাবে অনুমোদন দিছে, যাৰ জৰিয়তে তেওঁলোক মুখ্যমন্ত্রীৰ লোকসেৱক আৰোগ্য যোজনা, আপোন ঘৰ আৰু আপোন বাহন আঁচনিৰ প্ৰাপ্তিৰ বাবেও যোগ্যতা অৰ্জন কৰিব ।
আই চি টি কর্মচাৰীসকল মুখ্যমন্ত্ৰীৰ লোকসেৱক আৰোগ্য যোজনাৰ লগতে আপোন ঘৰ, আপোন বাহন আঁচনিৰ বাবেও যোগ্য বিবেচিত হ'ব ৷
লগতে পঢ়ক: কাৰাগাৰৰ আলহী হ'ল সাহিত্যিক ইছমাইল হোছেইন