ETV Bharat / state

ডিচেম্বৰত অসমলৈ আহিব আন্তঃৰাষ্ট্ৰীয় কণ্ঠশিল্পী পোষ্ট মেলোনে - ASSAM CABINET DECISION

দেৰগাঁৱত অনুষ্ঠিত অসম চৰকাৰৰ কেবিনেটত কি কি সিদ্ধান্ত গ্ৰহণ কৰা হয়...?

Assam Cabinet Decision
ডিচেম্বৰত অসমলৈ আহিব আন্তঃৰাষ্ট্ৰীয় কণ্ঠশিল্পী পোষ্ট মেলোনে (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : May 21, 2025 at 6:01 PM IST

4 Min Read

গোলাঘাট : অহা ৮ ডিচেম্বৰত অসমলৈ আহিব আমেৰিকাৰ বিশিষ্ট কণ্ঠশিল্পী পোষ্ট মেলোনে । আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বিশ্ববিখ্যাত কণ্ঠশিল্পীগৰাকীয়ে গুৱাহাটীত অনুষ্ঠান পৰিৱেশন কৰিব । দেৰগাঁৱত অনুষ্ঠিত অসম চৰকাৰৰ কেবিনেট বৈঠকৰ পিছতে এই কথা ঘোষণা কৰে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । কনচাৰ্ট ইক'নোমিৰ ক্ষেত্ৰত অসমক আগবঢ়াই লৈ যোৱাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে অসম কেবিনেটে । ইয়াৰ উপৰিও দেৰগাঁৱৰ লাচিত বৰফুকন পুলিচ একাডেমীত অনুষ্ঠিত কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় ।

তাৰ ভিতৰত অন্যতম হৈছে পিএছঅ'ৰ খৰচ । এতিয়াৰে পৰা ব্যক্তিগত পিএছঅ'ৰ খৰচ বহন কৰিব লাগিব আবেদন কৰা ব্যক্তিয়ে । মুখ্যমন্ত্ৰীয়ে কয়, "চৰকাৰে আজি এটা সিদ্ধান্ত লৈছে যে কোনোবা ব্যক্তিৰ যদি ভাবুকিৰ ধাৰণা থাকে তেওঁ আমাক পিএছঅ'ৰ বাবে আবেদন কৰিব পাৰিব । কিন্তু পিএছঅ'জনৰ সম্পূৰ্ণ দৰমহা সেই ব্যক্তিজনে দিব লাগিব । আমি পিএছঅ' দিম কিন্তু মাহত ৭৫ হাজাৰ টকা চৰকাৰক দিব লাগিব ।" অৱশ্যে জীৱনৰ প্ৰতি ভাবুকি থকা লোকেহে পিএছঅ' পাব বুলি মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰি দিয়ে ।

ডিচেম্বৰত অসমলৈ আহিব আন্তঃৰাষ্ট্ৰীয় কণ্ঠশিল্পী পোষ্ট মেলোনে (ETV Bharat)

৮ ডিচেম্বৰত গুৱাহাটীলৈ আহিব পোষ্ট মেলোনে

অসম চৰকাৰৰ কনচাৰ্ট পলিচীৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে অহা ডিচেম্বৰ মাহত গুৱাহাটীত এক বৃহৎ কনচাৰ্ট অনুষ্ঠিত হ'ব । কনচাৰ্ট ইক'নোমিৰ ভৱিষ্যতৰ স্থান হিচাপে গুৱাহাটী, ডিব্ৰুগড় আৰু যোৰহাটক কেবিনেটত অনুমোদন দিয়া হয় । অৰ্থাৎ যি কোম্পানীয়ে অসমত কনচাৰ্ট অনুষ্ঠিত কৰিবলৈ আহিব তেওঁলোকে এই তিনিটা স্থানত কৰিব পাৰিব । মুখ্যমন্ত্ৰীৰ মতে কনচাৰ্ট ইক'নোমিৰ ক্ষেত্ৰত অসম ইমান দিনে বাদ পৰি আছিল । ইয়াৰ প্ৰথম পদক্ষেপ হিচাপে আমেৰিকাৰ বিশিষ্ট কণ্ঠশিল্পী পোষ্ট মেলোনে অহা ডিচেম্বৰৰ ৮ তাৰিখে গুৱাহাটীত অনুষ্ঠান পৰিৱেশেন কৰিব বুলিও মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে ।

চাহ শ্ৰমিকৰ দৈনিক মজুৰি বৃদ্ধি

ইয়াৰ উপৰিও অসমৰ চাহ বাগিচাৰ কৰ্মচাৰীৰ বাবেও কেবিনেটে দিলে ভাল খবৰ । মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰা মতে চাহ বাগিচাৰ শ্ৰমিকসকলৰ দৈনিক মজুৰি ২৫০ টকা প্ৰতিদিনে হ'ব লাগে । কিন্তু অসম চৰকাৰৰ চাহ বাগিচাসমূহক চৰকাৰে ২২০ টকা দি আছিল । কিন্তু ১ অক্টোবৰৰ পৰা অসম চৰকাৰৰ অধীনৰ চাহ বাগিচাসমূহৰ কৰ্মচাৰীক ২৫০ টকাকৈ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ।

Assam Cabinet Decision
দেৰগাঁৱত অসম মন্ত্ৰীসভাৰ বৈঠক (ETV Bharat)

কেবিনেটৰ আন এক সিদ্ধান্ত সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয়, "নুমলীগড় শোধনাগাৰত আমাৰ ২৬ শতাংশ অংশীদাৰ আছে । তাৰ বিভিন্ন উন্নয়নমূলক কামৰ বাবে অসম চৰকাৰে ২০৫ কোটি টকা দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ।"

চৃড়ান্ত হ'ল কাজিৰঙাৰ ষষ্ঠ সংযোজন

একেদৰে কেবিনেটত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজন চূড়ান্ত কৰা হয় । মুখ্যমন্ত্ৰীয়ে কয়, "১৯৮৫ চনত কাজিৰঙাৰ ষষ্ঠ সংযোজনৰ খচৰা প্ৰস্তুত কৰা হৈছিল কিন্তু আজিলৈকে তাৰ চৃড়ান্ত ৰূপ দিয়া হোৱা নাছিল কিন্তু আজি কেবিনেটত কাজিৰঙা ষষ্ঠ সংযোজন চৃড়ান্ত কৰা হৈছে । ৪৭,২৯১ হেক্টৰ ভূমিত আমি চৃড়ান্ত কৰিছো । যাৰ বাবে বিশ্বনাথৰ বিভিন্ন ঠাই কাজিৰঙাৰ ষষ্ঠ সংযোজনৰ পৰা বাদ দিয়া হৈছে ।"

Assam Cabinet Decision
দেৰগাঁৱত আৰক্ষী অধীক্ষক সন্মিলন (ETV Bharat)

ইয়াৰ উপৰিও কেবিনেটত লাচিত বৰফুকন পুলিচ একাডেমীৰ বিভিন্ন উন্নয়নমূলক কামৰ বাবেও ২৩৯ কোটি টকা অনুমোদন জনোৱা হয় । ডিব্ৰুগড়ত অসম বিধানসভা নিৰ্মাণ কৰিবলৈও কেবিনেটে ২৮৪ কোটি টকাৰ অনুমোদন জনাইছে ।

ডিব্ৰুগড়ত হ'ব ৰাজ্যৰ সৰ্ববৃহৎ ষ্টেডিয়াম

ইয়াৰ উপৰিও ডিব্ৰুগড়ৰ ৰাইজৰ বাবে এক বৃহৎ ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে । তেওঁ উল্লেখ কৰা মতে ডিব্ৰুগড়ত অসমৰ ভিতৰত আটাইতকৈ বৃহৎ ষ্টেডিয়াম নিৰ্মাণৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় । তেওঁ কয়, "ডিব্ৰুগড় খনিকৰ খেলপথাৰত ৫০০০ মানুহে একেলগে খেল উপভোগ কৰে । কিন্তু এতিয়া অসমৰ সৰ্ববৃহৎ খেলপথাৰলৈ ইয়াক উন্নতকৰণৰ বাবে ২০৯ কোটি টকা অনুমোদন দিয়া হৈছে । য'ত ৩৫ হাজাৰ লোকে একেলগে খেল উপভোগ কৰিব পাৰিব ।"

লগতে পঢ়ক :অসমত হ’ব আমূলৰ বৃহৎ গাখীৰ উদ্যোগ; কেবিনেটে জনালে ২০ বিঘা ভূমিৰ অনুমোদন - AMUL

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.