চামগুৰিত ৰকিবুলৰ পুত্ৰৰ জয় বিচৰা নাই খোদ ভূপেন বৰাই: কোনে ঘটালে এই বিস্ফোৰণ ?
Assam Bypolls: উপ-নিৰ্বাচনক কেন্দ্ৰ কৰি উত্তাল চামগুৰি । কংগ্ৰেছ-বিজেপিৰ সংঘাতক লৈ প্ৰতিক্ৰিয়া অব্যাহত থকাৰ মাজতে এগৰাকী নেতাই কৰিলে বিস্ফোৰক মন্তব্য । চাওক সবিশেষ-

Published : October 17, 2024 at 8:48 AM IST
নগাঁও, 17 অক্টোবৰ: বিধানসভাৰ উপ-নিৰ্বাচনক লৈ ক্ৰমাৎ উত্তাল হৈছে চামগুৰিৰ ৰাজনৈতিক পৰিৱেশ । সমষ্টিটোৰ উপ-নিৰ্বাচনৰ বাবে কঁকালত টঙালি বান্ধিছে শাসক-বিৰোধী সকলোৱেই ৷ ইতিমধ্যেই সংঘাততো লিপ্ত হৈ পৰিছে কংগ্ৰেছ-বিজেপিৰ কৰ্মী-সমৰ্থকসকল । সমষ্টিটোৰ কোনো এটা ৰাজনৈতিক দলেই আনুষ্ঠানিকভাৱে প্ৰাৰ্থী ঘোষণা কৰা নাই যদিও বিজেপি দলৰ পৰা দিপ্লুৰঞ্জন শৰ্মা আৰু কংগ্ৰেছ দলৰ পৰা ৰকিবুল হুছেইনৰ পুত্ৰ তাঞ্জিল হুছেইনেই প্ৰাৰ্থী হোৱাটো একপ্ৰকাৰ নিশ্চিত হৈ পৰিছে ৷ যাৰ বাবে সমষ্টিটোত ব্যাপক কুজকাৱাজ আৰম্ভ কৰিছে দুয়োটা দলে ।
কিন্তু ইয়াৰ মাজতে বুধবাৰে চামগুৰিত কংগ্ৰেছৰ বিৰুদ্ধে কেবাটাও বিস্ফোৰক মন্তব্য কৰিলে এগৰাকী ৰাজনৈতিক নেতাই । চামগুৰি সমষ্টিৰ পৰা ৰকিবুল হুছেইনৰ পুত্ৰ তাঞ্জিল হুছেইনৰ জয় দলটোৰ সভাপতি খোদ ভূপেন বৰাই বিচৰা নাই বুলি বিস্ফোৰক মন্তব্য কৰিলে ৰাজনৈতিক নেতাগৰাকীয়ে ।
এই নেতাগৰাকী আন কোনো নহয়, তেওঁ হ’ল ৰকিবুল হুছেইনৰ পুত্ৰ তাঞ্জিল হুছেইনৰ সাম্ভাৱ্য প্ৰতিদ্বন্দ্বী তথা বিজেপিৰ সাম্ভাৱ্য প্ৰাৰ্থী দিপ্লুৰঞ্জন শৰ্মা । বুধবাৰে সংবাদ মাধ্যমৰ সন্মুখত ৰকিবুল হুছেইনক ছিগনেছাৰ হুছেইন আখ্যা দি গৌৰৱ গগৈক প্ৰদেশ কংগ্ৰেছৰ সভাপতি পাতিবলৈ হুছেইনে ভূপেন বৰাৰ বিৰুদ্ধে কংগ্ৰেছীৰ স্বাক্ষৰ লোৱা বুলি মন্তব্য কৰে বিজেপি নেতা দিপ্লুৰঞ্জন শৰ্মাই ।
ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনক তীব্ৰ কটাক্ষ কৰি দিপ্লুৰঞ্জন শৰ্মাই কয় যে কংগ্ৰেছৰ ভিতৰ মহলতো ৰকিবুল হুছেইনেই বিশৃখলতাৰ সৃষ্টি কৰাৰ বাবে বহু কংগ্ৰেছীয়ে ভিতৰি ৰকিবুল হুছেইনৰ বিৰোধিতা কৰিবলৈ ধৰিছে ।
কেৱল এয়াই, ৰকিবুল হুছেইনক একপ্ৰকাৰ প্ৰত্যাহ্বান জনায় বিজেপি নেতা দিপ্লুৰঞ্জন শৰ্মাই । বৰ্তমান অসমত বিজেপি যথেষ্ট শক্তিশালী বুলিও উল্লেখ কৰি বিজেপি নেতাগৰাকীৰ প্ৰত্যক্ষ হুংকাৰ- ‘‘এজন বিজেপি নেতাৰ গাত হাত দি চাওক। বিজেপি নেতা কৰ্মীক আক্ৰমণ কৰিলে প্ৰতিহত কৰা
হ'ব ।’’ ৰকিবুল হুছেইনক অসমৰ মুংগেৰীলাল আখ্যা দিয়ে বিজেপি নেতাগৰাকীয়ে ।
লগতে পঢ়ক: অপৰাধত জড়িত প্ৰাক্তন কংগ্ৰেছীৰ নেতৃত্বত কংগ্ৰেছ নেতাৰ বাহনত আক্ৰমণ: নুৰুল হুদা
চামগুৰিত গুণ্ডাৰাজ চলাবলৈ দিয়া নহ'ব: ৰিপুণ বৰা
25 বছৰে চামগুৰিত জংঘলৰাজ চলাই আহিছে ৰকিবুল হুছেইনে: আমিনুল ইছলাম

