ETV Bharat / state

এইবাৰ কিহক লৈ সৰৱ হোৱাৰ কাৰণে সদনৰ পৰা বহিষ্কৃত হ’ল অখিল গগৈ !

বিধানসভাৰ বাজেট অধিৱেশনৰ দ্বিতীয় দিনা ১০ মিনিটৰ বাবে বিধায়ক অখিল গগৈক সদনৰ পৰা বহিষ্কাৰ ।

Akhil Gogoi expelled
অখিল গগৈক সদনৰ পৰা বহিষ্কাৰ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : February 19, 2025 at 2:47 PM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী : অসম বিধানসভাৰ বাজেট অধিৱেশনৰ বুধবাৰে দ্বিতীয় দিনা পানী যোগান কেলেংকাৰীৰ প্ৰসংগত সদনত সৰৱ হৈ পৰে বিধায়ক অখিল গগৈ । কোটি কোটি টকা ব্যয় কৰাৰ পাছতো ৰাইজে বিশুদ্ধ খোৱাপানী নোপোৱাৰ বিষয়টোক লৈ অখিল গগৈয়ে সদনত আলোচনা বিচাৰি সৰৱ হৈ পৰে । অধ্যক্ষই অনুমতি নিদিয়াত যথেষ্ট সৰৱ হোৱাত বিধায়ক অখিল গগৈক অধ্যক্ষই ১০ মিনিটৰ বাবে সদনৰ পৰা বহিষ্কাৰ কৰে । সদনৰ পৰা ওলাই আহি অখিল গগৈয়ে সংবাদ মাধ্যমৰ আগত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে ।

তেওঁ কয়,"জল জীৱন মিছনৰ পইচা আহিছে কিন্তু ৰাইজে পানী পোৱা নাই । ইয়াৰ তদন্ত হ'ব লাগে । গুৱাহাটীত পানী দিব পৰা নাই । সকলো আঁচনিত কোটি কোটি টকা ব্যয় কৰাৰ পাছতো পানী পোৱা নাই । জল জীৱন মিছনত বৃহৎ কেলেংকাৰী হৈছে । ইয়াৰ উচ্চ পৰ্যায়ৰ তদন্ত হ'ব লাগে । প্ৰয়োজনত চি বি আইৰ তদন্তৰ ব্যৱস্থা কৰক । জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বৰ্তমানৰ মন্ত্ৰীৰ লগতে পূৰ্বৰ মন্ত্ৰীকো তদন্তৰ আওতালৈ আনিব লাগে । এই বিষয়ে কওঁতে বিভাগীয় মন্ত্রীজনে মোক ব্যক্তিগতভাৱে আক্ৰমণ কৰিব লৈছিল । পইচা খাই শেষ কৰি দিলে কিন্তু পানী পোৱা নাই । বিজেপিৰ এইটো আটাইতকৈ ডাঙৰ কেলেংকাৰী । সকলো মন্ত্রীক জবাবদিহি কৰিব লাগে । মহানগৰীৰ পানী যোগানৰ নামত একাংশই লুটি পুটি শেষ কৰা সন্দৰ্ভত প্ৰশ্ন কৰিছিলো । এই বিষয় সন্দৰ্ভত উচ্চস্তৰীয় তদন্ত হ'ব লাগে । মই প্ৰতিবাদ কৰাৰ বাবে মোক বহিষ্কাৰ কৰে । বিজেপি কাৰ্যকালৰ সবাতোকৈ ডাঙৰ কেলেংকাৰী হৈছে ।"

অখিল গগৈক সদনৰ পৰা বহিষ্কাৰ (ETV Bharat)

এ পি এছ চি কেলেংকাৰী

আনহাতে সভা স্থগিত ৰখাৰ প্ৰস্তাৱ সন্দৰ্ভত তেওঁ কয়, "এ পি এছ চি কেলেংকাৰীৰ বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদন সন্দৰ্ভত মই সভা স্থগিতৰ প্ৰস্তাৱ আনিছিলো । প্ৰতিবেদনত ২০১৩ আৰু ২০১৪ চনত হোৱা নিযুক্তি বাতিল কৰিব কৈছে । ৰাকেশ পালৰ দিনৰ সকলো নিযুক্তিৰ তদন্ত দাবী কৰি সভা স্থগিতৰ প্ৰস্তাৱ আনিছিলো । চি বি আই তদন্ত হ'ব লাগে । অধ্যক্ষই মোক কথা ক'বলৈ নিদিলে । এইটো দুৰ্ভাগ্যজনক । প্ৰতিবেদন কাৰ্যকৰী কৰি ৰাকেশ পালৰ দিনৰ সকলো নিযুক্তি পাতিল কৰিব লাগে ।"

তেওঁ লগতে কয়, "ৰাজ্যত ছিণ্ডিকেট ৰাজ ভয়ংকৰ ৰূপত চলি আছে ৷ এইবোৰ বন্ধ হ'ব লাগে । উমৰাংছ’ত আজিও শ্ৰমিক কয়লাখনিৰ গাঁতত সোমাই আছে । দাবী কৰিছো যে শ্ৰমিকসকলক গাঁতৰ পৰা উদ্ধাৰ নোহোৱালৈ বিধানসভাৰ অধিৱেশনে হ'ব নালাগে । বিধানসভাৰ পৰা এটা সঁজাতি দল উমৰাংছ’লৈ পঠাব লাগে ।"

লগতে পঢ়ক :এ পি এছ চি কেলেংকাৰীৰ মূল খলনায়কজনেই হৈছে হিমন্ত বিশ্ব শৰ্মা : অখিল গগৈ - AKHIL GOGOI ON APSC SCAM