শাসক-বিৰোধীয়ে কিয় উত্তাল কৰিলে বিধানসভা ?
বাজেট অধিৱেশনৰ দ্বিতীয়টো দিন শাসক-বিৰোধীৰ প্ৰতিবাদত উত্তাল হৈ থাকিল বিধানসভা ।

Published : February 20, 2025 at 8:48 AM IST
গুৱাহাটী : এ পি এছ চিৰ কেলেংকাৰী, ছিণ্ডিকেট আৰু ডিটেনশ্যন কেম্পক লৈ বুধবাৰে উত্তাল হ'ল অসম বিধানসভাৰ মজিয়া । সচৰাচৰ বিভিন্ন বিষয়ৰ আলোচনাৰ বাবে বিৰোধীয়ে সদনত প্ৰতিবাদ আৰু সভা স্থগিতৰ প্ৰস্তাৱ আগবঢ়োৱা দেখা যায় । কিন্তু বুধবাৰে ৰাজ্যৰ ক্ষমতাত থকা বিজেপি দলে এক কথাত অসম বিধানসভাত সভা স্থগিতৰ প্ৰস্তাৱ উত্থাপন কৰি ইতিহাস সৃষ্টি কৰিলে ।
মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বিৰোধীক আশ্বস্ত কৰিবলৈ প্ৰতিটো বিষয়েই আলোচনা কৰিবলৈ শাসকীয় পক্ষ সাজু বুলি সদনত সদৰী কৰাৰ পিছত পুনৰ আৰম্ভ হয় সদনৰ কাম-কাজ ।
কি আছিল বিৰোধীৰ চাৰিটাকৈ সভা স্থগিতৰ প্ৰস্তাৱ :
বিধানসভাৰ বাজেট অধিৱেশনৰ প্ৰথমটো দিন যোৱা সোমবাৰে কোকৰাঝাৰত অনুষ্ঠিত হোৱাৰ পিছত বুধবাৰে গুৱাহাটীত বিধানসভাত অনুষ্ঠিত হয় দ্বিতীয়টো দিনৰ কাৰ্যসূচী । প্ৰশ্নোত্তৰ কালৰ পিছতেই কংগ্ৰেছ আৰু চিপিএমে কয়লা ছিণ্ডিকেটৰ বিৰুদ্ধে আৰু উমৰাংছ'ৰ অবৈধ কয়লাখনিত শ্ৰমিক আৱদ্ধ হৈ থকা বিষয়ত সভা স্থগিতৰ প্ৰস্তাৱ আনে । কিন্তু সদনত উত্থাপন কৰিবলৈ নিদিয়াত সকলো বিৰোধী দলে সদনত ব্যাপক প্ৰতিবাদ কৰাত তিনিবাৰ সদন স্থগিত ৰাখিবলগীয়া হয় ।
বিৰোধীৰ লগতে শাসকীয় পক্ষইয়ো সমানে উত্তাল কৰে সদনৰ মজিয়া । উত্তপ্ত সদনত শাসক-বিৰোধী সকলোৱে অধ্যক্ষৰ আসনৰ সন্মুখত নিজৰ প্ৰতিবাদ সাব্যস্ত কৰে । শাসকীয় পক্ষৰ বিধায়কসকলে যদি বিচাৰিলে এ পি এছ চি কেলেংকাৰীৰ বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদন সন্দৰ্ভত আলোচনা, বিৰোধীয়ে বিচাৰিলে এ পি এছ চি কেলেংকাৰীৰ চিবিআই তদন্ত, ছিণ্ডিকেট, উমৰাংছ'ৰ অবৈধ কয়লাখনিত আৱদ্ধ শ্ৰমিক আৰু ডিটেনশ্যন কেম্প প্ৰসংগত সভা স্থগিত কৰি আলোচনা কৰাটো ৷
পিছে বিধানসভাৰ অধ্যক্ষই নাকচ কৰে বিৰোধীৰ চাৰিওটা সভা স্থগিতৰ প্ৰস্তাৱ । যাৰ ফলত বিৰোধীয়ে সভা স্থগিত কৰাৰ দাবী জনাই সদন উত্তপ্ত কৰি তোলে । বিধানসভাৰ অধ্যক্ষই বিৰোধীৰ প্ৰতিবাদৰ ফলত তিনিবাৰকৈ মুঠ ৪০ মিনিট সময় সদন স্থগিত ৰাখিবলগীয়া হয় ৷
কি কয় বিৰোধীয়ে :
অৱশ্যে এই প্ৰসংগত পৰৱৰ্তী সময়ত বিৰোধীৰ দলপতি দেৱব্ৰত শইকীয়াই শাসক পক্ষৰ বিধায়কসকলে হুলস্থূল কৰাৰ বাবে অধ্যক্ষই তিনিবাৰকৈ সভা স্থগিত ৰাখিবলগীয়া হয় বুলি মন্তব্য কৰে ।
বিৰোধীৰ দলপতিগৰাকীৰ মন্তব্য,"অসম বিধানসভাৰ বাজেট অধিৱেশনৰ দ্বিতীয় দিনা বুধবাৰে, ডিমা হাছাও জিলাত অবৈধ কয়লা খনিত প্রায় ৪০ দিন পূর্বে সংঘটিত দুর্ঘটনাৰ বিষয়ে আলোচনা কৰিবলৈ আমি সভা স্থগিতৰ প্ৰস্তাৱ ৰাখিছিলো, কিন্তু শাসক পক্ষৰ বিধায়কসকলে হুলস্থূল কৰাৰ বাবে অধ্যক্ষ মহোদয়ে সদনৰ কাৰ্যসূচী তিনিবাৰকৈ স্থগিত ৰাখে ।"
আনহাতে বিৰোধী পক্ষৰ ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে এ পি এছ চি কেলেংকাৰীক লৈ উত্থাপন কৰিছিল সভা স্থগিতৰ প্ৰস্তাৱ । এই প্ৰসংগত অখিল গগৈৰ মন্তব্য,"এ পি এছ চি কেলেংকাৰী সম্পৰ্কীয় বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনৰ অনুমোদন অনুসৰি ২০১৩ আৰু ২০১৪ চনৰ CCEৰ সকলো নিযুক্তি বাতিল কৰা, কেলেংকাৰীটোৰ ওপৰত চিবিআইৰ তদন্ত দি এই কেলেংকাৰীত জড়িত ৰৌ-বৰালিক ধৰাৰ দাবীত সভা স্থগিতৰ প্ৰস্তাৱ উঠাইছিলো । অধ্যক্ষ ডাঙৰীয়াই এই প্ৰস্তাৱ নাকচ কৰাত ব্যাপক প্ৰতিবাদ কৰো আৰু তাৰ বাবে তিনিবাৰকৈ সদন স্থগিত ৰাখিবলগীয়া হয়।"
বিজেপিৰ সভা স্থগিতৰ প্ৰস্তাৱ :
শাসকীয় দলে বিচাৰিলে বিধানসভাৰ মজিয়াত যিকোনো বিষয়ত চৰকাৰী প্ৰস্তাৱ উত্থাপন কৰিব পাৰে । বিজেপিয়ে বুধবাৰে অসম বিধানসভাত সভা স্থগিত প্ৰস্তাৱ উত্থাপন কৰি চৰ্চিত হৈ পৰে । আচলতে এ পি এছ চি কেলেংকাৰীক লৈ প্ৰাক্তন ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ প্ৰতিবেদনক লৈ উৎসাহী দেখা গ'ল বিজেপি আৰু মিত্ৰদল । সেয়ে বিধানসভাৰ মজিয়াত প্ৰতিবেদনখনক লৈ সভা স্থগিত কৰি আলোচনা হোৱাটো দাবী জনালে শাসকীয় পক্ষই ।
অখিল গগৈক বহিষ্কাৰ :
পানী যোগান আঁচনি আৰু জলজীৱন মিচনত ব্যাপক কেলেংকাৰীৰ অভিযোগ তুলি বুধবাৰে সদনৰ পৰা বহিষ্কাৰ হ'বলগীয়া হ'ল বিধায়ক অখিল গগৈ । শাসকীয় পক্ষৰ অগপ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ এক প্ৰশ্নৰ শিতানত অখিল গগৈয়ে সদনৰ মজিয়াত নগৰীয়া পানী যোগান আঁচনি আৰু জলজীৱন মিচনত ব্যাপক কেলেংকাৰীৰ অভিযোগ উত্থাপন কৰে । অধ্যক্ষৰ আসনত থকা বিধানসভাৰ উপাধ্যক্ষ নোমল মোমিনে ১০ মিনিটৰ বাবে সদনৰ পৰা বহিষ্কাৰ কৰে অখিল গগৈক ৷
এই প্ৰসংগত অখিল গগৈয়ে কয়, "আজি মোক সদনৰ পৰা বহিষ্কাৰ কৰিলে । নগৰীয়া পানী যোগান আঁচনি আৰু জলজীৱন মিচনত ব্যাপক কেলেংকাৰী হৈছে । পানী যোগানৰ এই কেলেংকাৰীৰ ওপৰত উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী বাৰম্বাৰ উত্থাপন কৰাত মোক সদনৰ পৰা বহিষ্কাৰ কৰিলে আৰু পুলিচে বাহিৰ কৰি দিলে ।"
এতিয়া লক্ষণীয় হ'ব অহা ২৫ মাৰ্চলৈ চলিবলগীয়া বিধানসভাৰ বাজেট অধিৱেশনত বিৰোধীয়ে উত্থাপন কৰা বিষয়বোৰ কিদৰে আলোচিত হয় । পৰৱৰ্তী সময়ত বিজেপিৰ বিধায়ক ৰূপক শৰ্মাই উত্থাপন কৰে ৰাজ্যপালৰ ভাষণৰ ওপৰত ধন্যবাদসূচক প্ৰস্তাৱ ৷
লগতে পঢ়ক :এইবাৰ কিহক লৈ সৰৱ হোৱাৰ কাৰণে সদনৰ পৰা বহিষ্কৃত হ’ল অখিল গগৈ ! - ASSAM BUDGET 2025

