ETV Bharat / state

মাজুলী জিলা বিজেপিৰ কাৰ্যালয়ত সৰ্বানন্দ সোণোৱালৰ ফটো নেদেখি হতবাক দিলীপ শইকীয়া - DILIP SAIKIA ON SARBANANDA SONOWAL

একালৰ বৃন্দাবন একালত পৰে চন । নিজে প্ৰতিষ্ঠা কৰা ভেঁটিতেই প্ৰাক্তন মুখ্য়মন্ত্ৰীৰ চিনমোকাম নোহোৱাৰ উপক্ৰম !

Panchayat elections campaign
মাজুলী জিলা বিজেপিৰ কাৰ্যালয়ত নাই সৰ্বানন্দ সোণোৱালৰ ফটো (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : April 25, 2025 at 6:13 PM IST

3 Min Read

মাজুলী : ৰাজ্য়ৰ যিটো বিধানসভা সমষ্টিৰ পৰা নিৰ্বাচিত হৈ মুখ্য়মন্ত্ৰীৰ আসনত উপবিষ্ট হ'বলৈ সক্ষম হৈছিল সেই সমষ্টিতেই আজি চিনমোকাম নোহোৱা হৈছে নেকি প্ৰাক্তন মুখ্য়মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ । ন-বিজেপি আৰু পুৰণা বিজেপি কৰ্মীৰ মাজত চলি থকা সংঘাতৰ বাবেই আজি তেনে এখন ছবি মাজুলী বিধানসভা সমষ্টিত প্ৰতিফলিত হৈছে নেকি ? এই কথা আমি কোৱা নাই, বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই এটা ভিডিঅ'ত কৰা মন্তব্য়ই এনে কথাৰে ইংগিত দিছে ।

মাজুলী বিধানসভা সমষ্টিত শুকুৰবাৰে আয়োজিত এক দলীয় সভাত অংশগ্ৰহণ কৰিবলৈ অহাৰ সময়ত মাজুলী জিলা কৰ্যালয়ত এখনো ফটো নাছিল সৰ্বানন্দ সোণোৱালৰ । যিগৰাকী নেতাই সমষ্টিটোত বিজেপিৰ ভেঁটি সুদৃঢ় কৰিছিল সেইগৰাকী নেতাৰ এখনো ফটো নেদেখি হতবাক হৈ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই এটা ভিডিঅ'ত দলীয় নেতা-কৰ্মীক প্ৰশ্ন কৰে " সৰ্বা দাৰ ফটো ক'ত ?" ৰাজনীতিত সকলো সম্ভৱ । সেয়েহে ৰাজ্যিক সভাপতিৰ এই প্ৰশ্নই মাজুলীত সৰ্বানন্দ সোণোৱালৰ চিমমোকাম নোহোৱা কৰাৰে ইংগিত বহন কৰিছে নেকি ?

বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া (ETV Bharat Assam)

আজি পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰৰ উদ্দেশ্যে মাজুলীত উপস্থিত হয় বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল । ইয়াৰ পূৰ্বে দলীয় কাৰ্যকৰ্তাক সাক্ষাতৰ উদ্দেশ্যে জিলা কৰ্যালয়লৈ যায় সভাপতিগৰাকীয়ে ।

দলীয় কাৰ্যকৰ্তাই সভাপতিগৰাকীক আদৰি নিওতেই দিলীপ শইকীয়াৰ চকুত পৰিল এটা দৃশ্য । কাৰ্যালয়ৰ প্ৰৱেশ পথত শাৰী শাৰীকৈ আছে ৰাষ্ট্ৰীয়,ৰাজ্যিক আৰু জিলাৰ নেতাৰ ফটো সম্বলিত বেনাৰ । পিছে নাই সৰ্বানন্দ সোণোৱালৰ ফটো সম্বলিত বেনাৰ ।

এই দৃশ্য দেখাৰ লগে লগে দিলীপ শইকীয়াই জিলা নেতৃত্বক প্ৰশ্ন কৰাত জিলা কাৰ্যকৰ্তাই এই প্ৰশ্নৰ উত্তৰ নিদি সৰ্বানন্দ সোণোৱালৰ বেনাৰ যোগাৰৰ ব্যৱস্থা কৰে যদিও এঘণ্টাৰ পাছতো প্ৰাক্তন মুখ্য়মন্ত্ৰীগৰাকীৰ বেনাৰ লগাবলৈ সক্ষম নহ'ল ।

ইয়াৰ পাছতেই হেলিকপ্টাৰেৰে মাজুলীত সৰ্বানন্দ সোণোৱাল উপস্থিত হৈ পোনে পোনে জিলা কাৰ্যালয়লৈ যায় । তেওঁক দলীয় কাৰ্যকৰ্তাই উষ্ম আদৰণি জনালেও পিছে শাৰী শাৰী থোৱা বেনাৰত নাথাকিল সৰ্বানন্দ সোণোৱালৰ ফটো সম্বলিত এখনো বেনাৰ ।

Panchayat elections campaign
মাজুলী জিলা বিজেপিৰ কাৰ্যালয়ত নাই সৰ্বানন্দ সোণোৱালৰ ফটো (ETV Bharat Assam)
  • সংবাদমাধ্য়মক সকীয়নি দিলীপ শইকীয়াৰ :

এই সন্দৰ্ভত দিলীপ শইকীয়াক সাংবাদিকে প্ৰশ্ন কৰাত সভাপতিগৰাকীয়ে সংবাদ মাধ্য়মক এই বিষয়টোৰ বাতৰি প্ৰকাশত ভুল নকৰিবলৈহে সকীয়াই দি কয়," আপোনালোকে বুজোতে আৰু বাতৰি প্ৰকাশ কৰোতে ভুল নকৰিব । যেতিয়া আপোনালোক তেওঁৰ সভালৈ যাব তাত কেৱল সৰ্বানন্দ সোণোৱালৰ ফটোৱেই ফটো দেখিব । ইয়াত তেওঁ অহাই কথা নাছিল । ইয়াত অকল মই আহিম বুলিহে নিশা ১২ বজাত কৈছিলো । সোণোৱাল ডাঙৰীয়াই সময়তকৈ আগতে অহা বাবে ময়ো মোৰ জ্য়েষ্ঠ নেতা বাবে এগৰাকী সৰ্বস্ব নেতা হিচাপে আমি তেওঁক আদৰণি জনাইছো । এইবোৰ কথাৰ কোনো ভিত্তি নাই । গতিকে এইবোৰ কথাক লৈ বাতৰি নকৰিব ।"

  • মাজুলী বিজেপিৰ প্ৰাক্তন সভাপতিৰ ক্ষোভ :

এই সন্দৰ্ভত ক্ষোভ প্ৰকাশ কৰিছে মাজুলী বিজেপিৰ প্ৰাক্তন সভাপতি প্ৰমোদ বৰাই । তেওঁ মাজুলীক আধুনিক মাজুলী ৰূপে গঢ় দিয়া প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী প্ৰতিজন মাজুলীবাসীয়ে হৃদয়ংগম কৰে বুলি উল্লেখ কৰি কয়, "জিলা বিজেপিৰ নেতৃত্বৰ এই কাণ্ডই পুৰণি কাৰ্যকৰ্তা হিচাপে মোৰ মনতো দুঃখ দিছে । তেওঁৰ ফটোখন ইয়াত থাকিব লাগে । কি কাৰণে সৰ্বানন্দ সোণোৱালৰ ফটো নাই তাক দেখি আচৰিত হৈছো ।"

লগতে পঢ়ক:অনুশাসন ঠিক কৰিবলৈ সিদিনা মণ্ডল সভাপতিক ধমক দিছিলো: দিলীপ শইকীয়া - DILIP SAIKIA ON BJP DISCIPLINE

কোনোবা দুই-এজনৰ কাৰণে পাৰ্টীটোক আমি উচ্ছৃংখল কৰিব নোৱাৰো: দিলীপ শইকীয়া - DILIP SAIKIA ON PARTY DISCIPLINE

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.