ETV Bharat / state

ৰাণা প্ৰতাপ কলিতালৈ সৰ্বোচ্চ অসামৰিক সন্মান "অসম বৈভৱ": অসম সৌৰভ-অসম গৌৰৱ বঁটাপ্ৰাপকৰ নামো ঘোষণা

এ ডি আৰ ইৰ দৰে জিলা আয়ুক্ত আৰু জিলা আৰক্ষী অধীক্ষকৰ নিয়ন্ত্রণত অনুষ্ঠিত হ'ব মেডিকলেৰ প্ৰৱেশ পৰীক্ষা ।

ASSAM CABINET DECISION
ৰাজ্য চৰকাৰৰ সাপ্তাহিক কেবিনেট বৈঠক (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : March 9, 2025 at 9:49 PM IST

4 Min Read
Choose ETV Bharat

গুৱাহাটী: মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ পৌৰহিত্যত দেওবাৰে দিছপুৰৰ লোকসেৱা ভৱনত ৰাজ্য চৰকাৰৰ সাপ্তাহিক কেবিনেট বৈঠক অনুষ্ঠিত হয় । এই কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় । বেঠকৰ অন্তত কেবিনেটৰ সিদ্ধান্তসমূহ সংবাদমেল যোগে সদৰী কৰে মুখ্যমন্ত্রী ড৹ শৰ্মাই ।

ৰাজ্যিক কেবিনেটে দেওবাৰে অসম চৰকাৰৰ সৰ্বোচ্চ অসামৰিক সন্মান 'অসম বৈভৱ'ৰ লগতে 'অসম সৌৰভ' আৰু 'অসম গৌৰৱ' বঁটাপ্ৰাপকৰ নামসমূহত অনুমোদন জনাই ঘোষণা কৰে । এই বঁটাসমূহ ৩০ মাৰ্চত প্ৰদান কৰা হ'ব । ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই এই বঁটাসমূহ প্ৰদান কৰিব ।

কেবিনেটৰ সিদ্ধান্ত অনুসৰি অৱসৰপ্ৰাপ্ত লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতালৈ অসমৰ সৰ্বোচ্চ অসামৰিক সন্মান 'অসম বৈভৱ বঁটা' আগবঢ়োৱা হৈছে । এই বঁটাত আছে ৫ লাখ টকা আৰু চৰকাৰী বিভিন্ন সা-সুবিধা ।

Assam Baibhav Award to Rana Pratap Kalita
লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতা (ETV Bharat Assam (file photo))

অসম সৌৰভ বঁটা :

কেবিনেটৰ সিদ্ধান্ত অনুসৰি ৰাজ্য চৰকাৰৰ 'অসম সৌৰভ বঁটা' এইবাৰ ছয়গৰাকী ব্যক্তিলৈ আগবঢ়োৱা হৈছে । তেওঁলোক হৈছে টাটা কনচালটেন্সী ছাৰ্ভিছেৰ প্ৰাক্তন অধ্যক্ষ ড৹ এছ ৰামডুৰাই, বিজ্ঞানী ড৹ বাপ্পী পাল, ড৹ পূৰবী শইকীয়া, বিশিষ্ট সংগীত শিল্পী দ্বীপেন বৰুৱা, শিল্পী হেমন্ত দত্ত আৰু ক্ৰিকেটাৰ উমা চেত্রী । এই বঁটাত আছে ৪ লাখ টকা আৰু চৰকাৰী বিভিন্ন সা-সুবিধা ।

অসম গৌৰৱ বঁটা :

এইবাৰ 'অসম গৌৰৱ বঁটা' ১৩ গৰাকী ব্যক্তিলৈ আগবঢ়োৱাৰ লগতে প্ৰথমবাৰৰ বাবে তিনিটা অনুষ্ঠানলৈও আগবঢ়োৱা হৈছে । তেওঁলোক হৈছে ফুলেশ্বৰী দত্ত, মীনাক্ষী দাস, পাৰ্থিৱ সুন্দৰ গগৈ, ধীৰেন্দ্ৰ নাথ পাল, হৰিদাস দাস, বিনং টেৰং, নজৰুল হক, বিশ্বজিত বৰা, ভাৰত কলিতা, বৰলাংফা নাৰ্জাৰী, ৰাম চাচনি, উপমন্যু বৰকাকতী আৰু ডেভিদ প্ৰতীম গগৈ । আনহাতে, অনুষ্ঠান তিনিটা হৈছে কলিয়াবৰৰ চোৰেন এহেম, বাৰেকুৰীৰ বাৰেকুৰী ইক' ডেভেলপমেণ্ট ছ'চাইটি আৰু নগাঁৱৰ হস্তীবন্ধু এন জি অ'। অসম গৌৰৱ বঁটাত আছে ৩ ল‍াখ টকাৰ লগতে চৰকাৰী বিভিন্ন সা-সুবিধা ।

আজিৰ কেবিনেটত আন কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় । সিদ্ধান্তসমূহ হৈছে- ১) বিধানসভাৰ চলিত অধিৱেশনত অসম ক'চিং ইনষ্টিটিউট কণ্ট্ৰ'ল এণ্ড ৰেগুলেচন এক্ট এখন অনা হ'ব । কেবিনেটত ইয়াৰ অনুমোদন জনোৱা হয় । এই আইনৰ যোগেদি কাঠফুলাৰ দৰে গঢ় লৈ উঠা ক'চিং চেণ্টাৰসমূহক নিয়ন্ত্রণলৈ অনা হ'ব ।

২) কোকৰাঝাৰ বিশ্ববিদ্যালয় এক্টৰ সামান্য সংশোধনীৰ বাবে আজিৰ কেবিনেটে অনুমোদন জনায় ।

৩) পশুপালন আৰু মীন বিশ্ববিদ্যালয় আইনখনৰ সংশোধনী কৰা হৈছে ।

৪) দুটা মেগা ঔদ্যোগিক পাৰ্কৰ বাবে আজিৰ কেবিনেটে উদ্যোগ বিভাগক কামৰূপ আৰু মৰিগাঁৱত ভূমিৰ আৱণ্টন দিয়ে ।

৫) ডি টি অ' অফিচৰ লাইচেন্স প্ৰদানৰ ব্যৱস্থাৰ বিপৰীতে আজিৰ কেবিনেটে নতুন ব্যৱস্থাত অনুমোদন জনায় । লাইচেন্স প্ৰদানৰ বাবে এক্ৰেডিটেড ড্ৰাইভাৰ ট্ৰেইনিং চেণ্টাৰ এণ্ড অ'টমেটেড ড্ৰাইভিং টেষ্টিং ট্ৰেক থাকিব । ৰাজ্যৰ ১২৬টা সমষ্টিত ড্ৰাইভিং ইনষ্টিটিউট খোলাৰ বাবে আজিৰ কেবিনেটে অনুমোদন জনায় ।

৬) শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয় আইনখনৰ এটা সংশোধনী অনা হৈছে । কেবিনেটে ইয়াৰ অনুমোদন জনায় । ইয়াৰ ফলত এতিয়াৰে পৰা নাৰ্ছিং কলেজ, ডেণ্টেল কলেজ, ফাৰ্মাচী ইনষ্টিটিউট খোলাৰ বাবে প্ৰথমতে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ দৃষ্টিৰে গৃহ বিভাগৰ প্ৰমাণপত্র লাগিব । ৰাষ্ট্ৰৰ ধৰ্মনিৰপেক্ষ নীতি মানিব লাগিব ।

৭) অসমত মেডিকেল কলেজৰ প্ৰৱেশ পৰীক্ষাৰ ক্ষেত্রত কেতবোৰ পৰিৱৰ্তন অনাৰ বাবে কেন্দ্ৰীয় চৰকাৰক অনুৰোধ জনোৱাৰ বাবে আজিৰ কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে । কেবিনেটে তিনিটা সিদ্ধান্ত গ্ৰহণ কৰিছে । মেডিকেল কলেজৰ প্ৰৱেশ পৰীক্ষাৰ কেন্দ্ৰ কেৱল চৰকাৰী বিদ্যালয়ত হ'ব । এ ডি আৰ ইৰ দৰে জিলা আয়ুক্ত আৰু জিলা আৰক্ষী অধীক্ষকৰ নিয়ন্ত্রণত মেডিকলেৰ প্ৰৱেশ পৰীক্ষা অনুষ্ঠিত হ'ব । পৰীক্ষাৰ্থীসকলে বায়'মেট্ৰিক টেষ্ট দি পৰীক্ষাত বহিব লাগিব । কেবিনেটৰ এই সিদ্ধান্ত কেন্দ্ৰীয় চৰকাৰক অৱগত কৰোৱা হ'ব ।

৮) মাজুলী আৰু শিৱসাগৰক দুটা পৃথক কেটেগৰীত বিশ্ব ঐতিহ্য ক্ষেত্রলৈ নিয়াৰ বাবে আজিৰ কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা হয় । ইয়াৰ অধ্যয়নকে ধৰি বিভিন্ন ক্ষেত্রত হ'বলগীয়া খৰচ ৰাজ্য চৰকাৰে বহন কৰিব । চৰাইদেউৰ দৰে মাজুলী আৰু শিৱসাগৰক বিশ্ব ঐতিহ্য ক্ষেত্রলৈ নিয়াৰ বাবে চৰকাৰে উদ্যোগ গ্ৰহণ কৰিব ।

লগতে পঢ়ক:ছেমি কণ্ডাক্টৰৰ সমগ্ৰ প্ৰকল্প এলেকাৰ নাম হ'ব 'ৰতন টাটা ইলেক্ট্ৰনিক চিটী' - RATAN TATA ELECTRONIC CITY

চিকিৎসা মহাবিদ্যালয়ৰ অধ্যাপক-অধ্যাপিকাৰ বাবে ভাল খবৰ - ASSAM CABINET DECISION