জুবিনৰ মৃত্যুত ছিংগাপুৰ এছ’চিয়েচনে নকৰে অধিক মন্তব্য: ইনষ্টাগ্ৰামত বিবৃতি দি দায় সৰাৰ চেষ্টা
তদন্ত প্ৰক্ৰিয়া সম্পূৰ্ণ নোহোৱালৈকে অসম এছ’চিয়েচন ছিংগাপুৰে এই বিষয়ে ৰাজহুৱা মন্তব্য কৰিব নোৱাৰে । তদন্তত সহযোগিতাৰ মুখ বন্ধ ৰখাৰ কৌশল অসম এছ’চিয়েচন ছিংগাপুৰৰ ।

Published : September 25, 2025 at 8:15 PM IST
গুৱাহাটী: যুগান্তৰৰ বাবে আলোড়ন তুলি ছিংগাপুৰৰ সাগৰৰ বুকুত জুবিন গাৰ্গৰ অকাল মৃত্যু ঘটাৰ আজি এটা সপ্তাহ হ’ল ৷ বৃহস্পতিবাৰে গুৱাহাটীত মুখ্যমন্ত্ৰীৰ ঘোষণা যে জুবিন গাৰ্গৰ সৈতে য়টত সাগৰলৈ যোৱা ছিংগাপুৰত থকা আটাইকেইজনকে তদন্তৰ আওতালৈ অনা হ’ব ৷
বিপৰীতে ৫ দিনৰ পিছতহে সাৰ পালে জুবিন গাৰ্গক সাগৰৰ বুকুত সাঁতুৰিবলৈ এৰি দি মৃত্যুৰ বাবে প্ৰৰোচিত কৰা বুলি অসমজুৰি ধিক্কাৰৰ সন্মুখীন হোৱা ছিংগাপুৰৰ এই কাণ্ডত অভিযুক্ত কেইজনমান অসমীয়াই । ব্যক্তিগতভাৱে কোনেও মুখ খোলা নাই যদিও অসম এছ’চিয়েচন ছিংগাপুৰৰ তৰফৰ পৰা জুবিন গাৰ্গৰ মৰ্মান্তিক মৃত্যুৰ বিষয়ে তদন্তৰ দোহাই দি এটা বিবৃতি দিয়ে নিজৰ দায়িত্ব সামৰিছে । তদন্ত চলি থকাৰ বাবেই অসম এছ’চিয়েচন ছিংগাপুৰে অধিক মন্তব্য কৰাৰ পৰা বিৰত থকা বুলি উল্লেখ কৰিছে ৷
অসম এছ’চিয়েচন ছিংগাপুৰে এক বিবৃতি প্ৰকাশ কৰি গভীৰ শোক প্ৰকাশ কৰিছে । বিবৃতিটোত এছ’চিয়েচনে কয়, “আমাৰ কিছু সদস্যই বৰ্তমান ছিংগাপুৰৰ কৰ্তৃপক্ষক তদন্তত সহায় কৰি আছে ৷ গতিকে এই পৰ্যায়ত তেওঁলোকে সবিশেষ মন্তব্য কৰিবলৈ অপাৰগ ।”

অসম এছ’চিয়েচন ছিংগাপুৰে লগতে কয় যে প্ৰিয় জুবিনদাৰ অকাল মৃত্যুৱে ছিংগাপুৰৰ সমগ্ৰ অসমীয়া সম্প্ৰদায়ক গভীৰ শোকত ডুবাই দিছে ।
“আমাৰ কেইগৰাকীমান সদস্যই বৰ্তমান আমাৰ প্ৰিয় জুবিনদাৰ মৰ্মান্তিক মৃত্যুৰ তদন্তত কৰ্তৃপক্ষক সহায় কৰি আছে ৷ গতিকে তদন্ত প্ৰক্ৰিয়া সম্পূৰ্ণ নোহোৱালৈকে অসম এছ’চিয়েচন ছিংগাপুৰে এই বিষয়ে ৰাজহুৱা মন্তব্য কৰিব নোৱাৰে । আমাৰ প্ৰিয় জুবিন দাৰ অকাল মৃত্যুৱে ছিংগাপুৰৰ সমগ্ৰ অসমীয়া সম্প্ৰদায়ক গভীৰ শোকত মগ্ন কৰিছে । আমি একেলগে শোকত থিয় দি তেওঁৰ পৰিয়ালৰ লগতে অসম আৰু তাৰ বাহিৰৰ আমাৰ সম্প্ৰদায়ৰ প্ৰতি গভীৰ সমবেদনা জনাইছো’’ - বুলি অসম এছ’চিয়েচনৰ ইনষ্টাগ্ৰাম পোষ্টত এই প্ৰতিক্ৰিয়া প্ৰকাশ পাইছে ।
উল্লেখযোগ্য যে অসম এছ’চিয়েচন ছিংগাপুৰৰ এজন সদস্যই সেই অভিশপ্ত য়টখন বুকিং কৰিছিল, যিখনত উঠি গৈ জুবিন গাৰ্গে মৰ্মান্তিকভাৱে প্ৰাণ হেৰুৱাবলগা হৈছিল । য়টখনত এছ’চিয়েচনৰ বহুকেইজন সদস্য আছিল ৷ এই নৌকা প্ৰমোদ ভ্ৰমণত যেতিয়া জুবিনে লাইফ জেকেট পৰিধান নকৰাকৈ পানীত জপিয়াই পৰিছিল, তেতিয়া এই সদস্যসকলৰ আচৰণ আছিল ভয়ংকৰভাৱে অসংবেদনশীল ৷
ইতিমধ্যে ভাইৰেল হৈ পৰা সেই ঘটনাৰ সময়ৰ ভিডিঅ’সমূহে এই কথা প্ৰমাণ কৰে ৷ এই কথাটোৱে মানুহৰ মাজত প্ৰশ্নৰ সৃষ্টি কৰিছে ৷ বহুতে প্ৰশ্ন পৰিছে যে অসমীয়াৰ প্ৰাণস্পন্দন গৰাকীয়ে সুৰক্ষাকৱচ অবিহনে সমুদ্ৰত নামিবলৈ লওতে কিয় কোনোৱে ৰখাবলৈ চেষ্টা নকৰিলে ? লগতে এয়াও প্ৰশ্ন উঠিছে যে অসম এছ’চিয়েচন ছিংগাপুৰৰ সদস্য কেইজনে জুবিনৰ সুৰক্ষা নিশ্চিত কৰাৰ ক্ষেত্ৰত অত্যধিক উদাসীন আছিল নেকি ? যিহেতু তেওঁৰ কিছু স্বাস্থ্যজনিত সমস্যাৰ কথা জনাজাত আছিল । এই উত্তৰহীন প্ৰশ্নবোৰে এই অসম এছ’চিয়েচন ছিংগাপুৰৰ প্ৰতি অসমবাসীৰ সন্দেহ আৰু বৃদ্ধি কৰিছে ।
যোৱা ১৯ ছেপ্টেম্বৰত ছিংগাপুৰৰ লাজাৰাছ দ্বীপৰ ওচৰত সাঁতুৰি থকাৰ সময়ত জুবিন গাৰ্গৰ অপমৃত্যুৰ ঘটনাৰ পিছত অসম আৰক্ষীয়ে বিষয়টোৰ গভীৰ তদন্তৰ বাবে এটা উচ্চ পৰ্যায়ৰ তদন্ত আৰম্ভ কৰিছে । চি আই ডিৰ বিশেষ ডি জি পি মুন্নাপ্ৰসাদ গুপ্তাই নজন সদস্যৰে গঠিত এটা বিশেষ তদন্তকাৰী দলৰ(SIT) নেতৃত্ব দিছে, যিয়ে এই ঘটনাৰ প্ৰতিটো দিশৰ তন্ন-তন্নকৈ তদন্ত কৰিব । ইফালে, এডিচনেল এছ পি মৰমী দাসৰ নেতৃত্বত এটা পৃথক আৰক্ষীৰ দলে জুবিন গাৰ্গৰ ভিচেৰা নমুনা দিল্লীলৈ নিছে । এই নমুনাসমূহ কেন্দ্ৰীয় ফৰেনচিক বিজ্ঞান পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰা হ’ব, য’ত উন্নত টক্সিক’লজি পৰীক্ষাৰ জৰিয়তে মৃত্যুৰ সঠিক কাৰণ জানিব পৰা যাব বুলি আশা কৰা হৈছে ।
উল্লেখযোগ্য যে সেইদিনা য়টখনত অসম এছ’চিয়েচন ছিংগাপুৰ সদস্যসকল ক্ৰমে দেৱজিত হাজৰিকা, সিদ্ধাৰ্থ বৰা, অভিমন্যু তালুকদাৰ, ৰিপকমল শইকীয়া, ৱাজিদ আহমেদ, পৰীক্ষিত শৰ্মা, তন্ময় ফুকন উপস্থিত আছিল বুলি নিশ্চিত হৈছে ৷ এইসকল অসংবেদনশীল প্ৰবাসী অসমীযাৰ নিমন্ত্ৰণমৰ্মে জুবিন গাৰ্গে সন্দীপন আৰু মেনেজাৰ সিদ্ধাৰ্থক লৈ য়ট পাৰ্টীটোলৈ গৈছিল । চকুৰ আগত সাগৰৰ পানীত জুবিন গাৰ্গৰ মৃত্যুু যন্ত্ৰণা দেখিও উদাসীন হৈ থকা এইসকল সংবেদনশীল বুলি চিহ্নিত হোৱা ছিংগাপুৰত থকা অসমীয়াক কিদৰে অসম আৰক্ষীৰ SIT এ জেৰা চলাব ? মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে তদন্তৰ আওতালৈ কিদৰে আহে, সেয়া হ’ব লক্ষণীয় ।

