বিধানসভাৰ উপাধ্যক্ষক আক্ৰমণ: উত্তাল বিধানসভাত সৰৱ মুখ্যমন্ত্ৰী
বিধানসভাত পুনৰ অনাকাংক্ষিত ঘটনা । এইবাৰ উপাধ্যক্ষক কংগ্ৰেছ বিধায়ক নুৰুল হুদাই আক্ৰমণ কৰাৰ অভিযোগ ।

Published : March 24, 2025 at 6:15 PM IST
গুৱাহাটী: অসম বিধানসভাৰ মজিয়াত উপাধ্যক্ষক আক্ৰমণ কংগ্ৰেছ বিধায়কৰ ! সদনৰ দুৱাৰমুখত কংগ্ৰেছ বিধায়ক নুৰুল হুদাই উপাধ্যক্ষ ডাঃ নোমল মমিনক আক্ৰমণ কৰি আহত কৰাৰ গুৰুতৰ অভিযোগ তুলি সোমবাৰে বিধানসভাত সভাস্থগিতৰ প্ৰস্তাৱ আনি সদন উত্তাল কৰিলে শাসকীয় বিজেপিয়ে । বিজেপি বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে বিৰোধী বিধায়কক আক্ৰমণ কৰিবলৈ খেদি যোৱা বিতৰ্কৰ সমান্তৰালভাৱে সোমবাৰে 'উপাধ্যক্ষক আক্ৰমণ' বিতর্কৰে সদন উত্তাল কৰিলে শাসকীয় বিজেপিয়ে ৷
নুৰুল হুদাৰ বিৰুদ্ধে উপাধ্যক্ষক আক্ৰমণৰ অভিযোগ
কংগ্ৰেছ বিধায়ক নুৰুল হুদাৰ বিৰুদ্ধে বিধানসভাৰ উপাধ্যক্ষক আক্ৰমণৰ অভিযোগ তুলি হুদাক সদনৰ পৰা বহিষ্কাৰৰ দাবীৰে সদন উত্তাল কৰিলে শাসকীয় বিজেপি আৰু মিত্ৰজোঁটৰ বিধায়কে । ইফালে সোমবাৰে বিধানসভালৈ হাতত বেণ্ডেজ মাৰি অহা দেখা গ'ল উপাধ্যক্ষ ডাঃ নোমল মমিনক । আনহাতে তাৰ পূৰ্বে স্বয়ং মুখ্যমন্ত্ৰীয়ে বিধানসভাৰ মজিয়াত তুলিলে অভিযুক্ত কংগ্ৰেছ বিধায়ক নুৰুল হুদাৰ বিৰুদ্ধে উপাধ্যক্ষকক আক্ৰমণ কৰাৰ অভিযোগ ৷ লগতে ক'লে নুৰুল হুদাৰ বিৰুদ্ধে পৰৱৰ্তী সময়ত গোচৰ ৰুজু কৰাৰ কথা । সদনৰ প্ৰশ্নোত্তৰ কাৰ্যাৱলীৰ মাজতেই বিধানসভাৰ মজিয়াত মুখ্যমন্ত্ৰীয়ে প্ৰসংগ ক্ৰমে অভিযোগ তুলিলে কংগ্ৰেছ বিধায়ক নুৰুল হুদাই উপাধ্যক্ষ ডাঃ নোমল মোমিনক আক্ৰমণ কৰি আহত কৰাৰ ।
উপাধ্যক্ষ ডাঃ মমিনে মুখ্যমন্ত্ৰীলৈ মোবাইলযোগে প্ৰেৰণ কৰা চিকিৎসকৰ নিদান পত্ৰ আৰু চিকিৎসা গ্ৰহণৰ ফটোৰ কথাও উল্লেখ কৰি মুখ্যমন্ত্ৰীৰ মন্তব্য, "মই নোমল মমিনৰ পৰা মেছেজ পাইছোঁ, তেওঁক নুৰুল হুদাই আক্ৰমণ কৰিছে । এতিয়া মমিন ডাঙৰীয়া চিকিৎসালয়ত আছে ৷ ঘটনাটো সদনৰ বাহিৰত ঘটাৰ বাবে আৰক্ষীৰ ওচৰত উপাধ্যক্ষ মমিনে নিজে এজাহাৰ তৰিব ৷ আৰক্ষীয়ে এজাহাৰৰ তদন্ত কৰাৰ আগতে আপোনাৰ অনুমতি ল'ব ৷ আইনে যি ৰাস্তা দেখুৱাব আমি ল'ম । কিন্তু আপুনি যদি ভাবে অতিৰিক্তভাৱে সদন কমিটী হ'ব লাগে সেইটো আপুনি চাব । কাৰণ মেছেজটো ভাল যোৱা নাই ।"
ঘটনা অস্বীকাৰ কংগ্ৰেছ বিধায়কৰ
উল্লেখ্য যে অভিযুক্ত কংগ্ৰেছ বিধায়ক নুৰুল হুদাই বিষয়টো অস্বীকাৰ কৰি এখন সদন কমিটীৰ দ্বাৰা তদন্ত হোৱাটো বিচাৰে সদনৰ মজিয়াত ৷ বিতৰ্কৰ মাজতেই নুৰুল হুদাই এই ঘটনা অস্বীকাৰ কৰি কয়, "পবিত্ৰ সদনত মই শপত খাই কৈছো তেনেকুৱা একো ঘটনা ঘটা নাই ৷ প্ৰয়োজনত অধ্যক্ষ মহোদয়ক চিচি টিভি ফুটেজ পৰীক্ষা কৰি সদন কমিটীৰ দ্বাৰা তদন্ত কৰিবলৈ মই আহ্বান জনালো ।"
সৰৱ মুখ্যমন্ত্ৰী
আনহাতে এজন জনজাতীয় জনপ্ৰতিনিধিক লক্ষ্য কৰি আক্ৰমণ কৰা বুলি মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছকো সদনত সমালোচনাৰ লক্ষ্য কৰি ল'লে এইদৰে, "চাহ জনজাতীয় লোক, জনজাতীয় লোক এইসকলক টাৰ্গেট কৰাৰ এটা ছিষ্টেম তেওঁলোকে বনাই লৈছে...যিবিলাক মানুহে আমাৰ ট্ৰাইবেল মানুহৰ গাত হাত তুলিছে, এই বিলাক কথাৰ পিছফালে যদি আমি যাও তেতিয়া ঘটনাটো এটা ডাঙৰ কথা হ'বগৈ ।" লগতে মুখ্যমন্ত্ৰীয়ে সদনত কংগ্ৰেছক উদ্দেশ্যি কয়,"আপোনালোকে যদি নোমল মমিনৰ গাত হাত দিছে তেন্তে বেয়া মেছেজ যাব ৷ ৰূপজ্যোতি কুৰ্মীয়ে অলপ আগবাঢ়ি যাওঁতেই ইচ্ছ্যু কৰি পেলালে, এতিয়া আপোনালোকে উপাধ্যক্ষৰ গাত হাত দিছে ।...অধ্যক্ষ মহোদয় কাইলৈ যদি আপোনাৰ গাত হাত দিয়ে তেতিয়া ?"
এইদৰে কৈ মুখ্যমন্ত্ৰীয়ে বিষয়টো অধ্যক্ষৰ ৰুলিঙক মৰ্যাদা দি বিষয়টোৰ বিতৰ্ক সামৰিবলৈ শাসকীয় সদস্যসকলক আহ্বান জনায় । অধ্যক্ষয়ো বিষয়টো প্ৰসংগত চিচি টিভি ফুটেজ আদি পৰীক্ষা কৰি প্ৰয়োজনত সদন কমিটী গঠনকে ধৰি বিহীত ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিয়ে । সঁচাকৈয়ে অসম বিধানসভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিনক কংগ্ৰেছ বিধায়ক নুৰুল হুদাই আক্ৰমণ কৰাৰ ঘটনা ঘটিছিল নে ?
উপাধ্যক্ষ ডাঃ নোমল মমিনৰ প্ৰতিক্ৰিয়া
এই সন্দৰ্ভত পৰৱৰ্তী সময়ত চিকিৎসাৰ পিছত সদনত উপস্থিত হৈ ডাঃ নোমল মমিনে কয়, "আজি প্ৰশ্নোত্তৰ কালৰ আগে আগে আমি সদনত সোমাবলৈ আহিছিলো । ডেপুটি স্পীকাৰৰ দুৱাৰত ক'লা কাপোৰ পিন্ধি নুৰুল হুদা আৰু তেওঁৰ সতীৰ্থসকলে মোক প্ৰৱেশ কৰাত বাধা দিয়ে । ঠেলা-হেঁচাত আমি হাতত দুখ পাইছো । কি উদ্দেশ্য লৈ তেওঁলোকে এইটো তাত কৰিছিল ?...মনৰ আক্ৰোশ থাকি যদি কিবা., বিধানসভা সোমোৱাৰ দৰ্জাত ৷ বিধানসভাৰ উপাধ্যক্ষ সোমোৱাৰ দৰ্জাত বাধা দিয়াটো এক খুব বেয়া নিদৰ্শন হৈছে । হয়, আমাক তাত সোমোৱাৰ সময়ত নিৰাপত্তা দিব লাগিব, নহয় তাত সকলোৰে প্ৰৱেশ বন্ধ কৰিব লাগিব ।" লগতে মমিনে ঘটনাৰ বিৱৰণ দি কয়,"মই আহি বিধানসভাত সোমাই বহিছিলো । বহাৰ পিছত দেখিলো যে মোৰ হাতত তেজ ওলাইছে । লগে লগে বিধানসভাৰ ফাৰ্মাচীত গৈ চিকিংসা কৰালো ।"
অৱশ্যে ঘটনাটো প্ৰকৃততে কি তাৰ বাবে অপেক্ষা কৰিব লাগিব বিধানসভাৰ অধ্যক্ষই বিষয়টোক লৈ গ্ৰহণ কৰা তদন্ত বা বিহীত ব্যৱস্থাৰ ফলাফললৈ ।
লগতে পঢ়ক :ৰূপজ্যোতিকাণ্ডৰ বিৰোধিতাৰে জেওৰা-জপনা লৈ সদনলৈ আহিল বিৰোধী - OPPOSITION PROTEST AGAINST BJP MLA

