বিধানসভাত 'ডি' ভোটাৰ প্ৰসংগ; শৰণাৰ্থী শিবিৰ বন্ধৰ দাবী বিৰোধীৰ
এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলামে দাবী কৰে যে সঠিক প্ৰমাণীকৰণ অবিহনে লাখ লাখ লোকক 'ডি' ভোটাৰ ঘোষণা কৰা হৈছিল ।

By PTI
Published : March 6, 2025 at 1:37 PM IST
গুৱাহাটী : অসম বিধানসভাৰ মজিয়াত 'ডি' (সন্দেহজনক) ভোটাৰৰ প্ৰসংগ । 'ডি' ভোটাৰসকলৰ দুৰ্দশাৰ কথা উল্লেখ কৰি বিৰোধীয়ে বুধবাৰে অসমৰ একমাত্ৰ শৰণাৰ্থী শিবিৰ, যাক এতিয়া ট্ৰেঞ্জিট কেম্প বুলি কোৱা হয়, বন্ধ কৰাৰ দাবী জনায় । লগতে বিধানসভাত এন আৰ চিৰ প্ৰতিবেদন প্ৰস্তুত কৰাৰো দাবী জনায় ।
বিতৰ্কিত বিষয়টোৰ ওপৰত আলোচনাৰ সময়ত এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলামে দাবী কৰে যে বিভাগীয় বিষয়াই ঘৰ পৰিদৰ্শন নকৰাকৈয়ে আৰু সঠিক প্ৰমাণীকৰণ অবিহনে লাখ লাখ লোকক 'ডি' ভোটাৰ ঘোষণা কৰা হৈছিল ।
"এনেকুৱা হাজাৰ ঘটনা আছে য'ত এটা পৰিয়ালৰ কেৱল এজন ব্যক্তিক 'ডি' ভোটাৰ হিচাপে ঘোষণা কৰা হৈছে, কিন্তু তেওঁৰ ভাই-ভনী আৰু পিতৃ-মাতৃ এতিয়াও ভাৰতীয় নাগৰিক । ইয়াৰ ফলত বহুতো পৰিয়াল ধ্বংস হৈছে আৰু হাজাৰ হাজাৰ যুৱক-যুৱতীৰ সপোন ভাঙি পৰিছে ।" তেওঁ লগতে কয় ।
আমিনুল ইছলামে 'ডি' ভোটাৰসকল আৰু ডিটেনচন চেণ্টাৰত বাস কৰা লোকসকলৰ পৰিস্থিতি অধ্যয়ন কৰিবলৈ অধ্যক্ষৰ দ্বাৰা এটা সৰ্বদলীয় দল গঠনৰ দাবী জনায় ।
"আনকি বিদেশী ন্যায়াধিকৰণেও উত্তৰদাতাই পৰ্যাপ্ত প্ৰমাণ দাখিল কৰা সত্ত্বেও ৰায় ঘোষণা কৰিছে । এই আদালতবোৰ অতি পক্ষপাতদুষ্ট আৰু ইয়াত ন্যায় কৰা নহয় ।" ইছলামে কয় ।
আনহাতে, চি পি আই(এম)ৰ সদস্য মনোৰঞ্জন তালুকদাৰে কয় যে বিজেপিয়ে ক্ষমতালৈ অহাৰ পূৰ্বে ডিটেনচন চেণ্টাৰ বন্ধ কৰাৰ প্ৰতিশ্ৰুতি দিছিল । কিন্তু বৰ্তমান দলটোৱে তেনে কৰা নাই আৰু অসমৰ গোৱালপাৰা জিলাত এই চেণ্টাৰ অব্যাহত ৰাখিছে ।
"কেন্দ্ৰটোত থকা সকলো ভাৰতীয়ক তৎক্ষণাৎ মুকলি কৰি দিয়া উচিত আৰু বিদেশীসকলক বিতাড়িত কৰা উচিত । ডিটেনচন চেণ্টাৰটো ভাঙি পেলাব লাগে । তাত বহুতো সিদ্ধান্ত একপক্ষীয়ভাৱে লোৱা হয় আৰু উচ্চতম ন্যায়ালয়েও এই সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰিছে ।" তেওঁ লগতে কয় ।
নিৰ্দলীয় বিধায়ক অখিল গগৈয়ে এই সন্দৰ্ভত সদনৰ দৃষ্টি আকৰ্ষণ কৰে যে কেৱল হিন্দু আৰু মুছলমানসকলকে 'ডি' ভোটাৰ হিচাপে ঘোষণা কৰা হোৱা নাই । নেপালী, কোচ-ৰাজবংচী, হাজং, গাৰো আৰু ৰাভা সম্প্ৰদায়ৰ লোকসকলকো এই শ্ৰেণীৰ অধীনত ৰখা হৈছে ।
"ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী (এন আৰ চি) সম্পূৰ্ণ হ'লে এই সমগ্ৰ সমস্যাটো সমাধান হ'লহেঁতেন । এন আৰ চিয়ে বিচাৰি পাইছিল কোন ভাৰতীয় হয় আৰু কোন নহয় । কিন্তু এইটো কেৱল মিছা । যদি এন আৰ চি ভুল, তেন্তে ইয়াক সংশোধন কৰক ।" তেওঁ কয় ।
উল্লেখ্য যে ২০১৯ চনৰ ৩১ আগষ্টত চূড়ান্ত এন আৰ চি প্ৰকাশ পাইছিল । তাৰ পৰা ১৯,০৬,৬৫৭ জন লোক বাদ পৰিছিল । অৱশ্যে ইয়াৰ ওপৰত এতিয়ালৈকে ভাৰতৰ মহাপঞ্জীয়কে জাননী দিয়া নাই । ফলত কোনো আনুষ্ঠানিক বৈধতা অবিহনে এই নথিখন পৰি আছে ।

