ETV Bharat / state

ৰাজনৈতিক ভৱিষ্যতক লৈ কিয় শংকিত বিশ্বজিৎ দৈমাৰী ?

গোৰেশ্বৰত এক অনুষ্ঠানত অংশগ্ৰহণ কৰি বিশ্বজিৎ দৈমাৰীয়ে ৰাজনৈতিক ভৱিষ্যৎ সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য কৰে ।

Assam Assembly Speaker Biswajit Daimary
ৰাজনৈতিক ভৱিষ্যতক লৈ শংকিত বিশ্বজ্যিৎ দৈমাৰী (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : January 29, 2025 at 8:16 PM IST

2 Min Read
Choose ETV Bharat

গোৰেশ্বৰ : বৰ্তমান সময়ত অসমৰ এগৰাকী ৰাজনৈতিক ভৱিষ্যৎ নোহোৱা বিধায়ক ! নিজৰ ৰাজনৈতিক ভৱিষ্যতক লৈ শংকিত এইগৰাকী বিধায়ক । এইগৰাকী বিধায়ক আন কোনো নহয় তেওঁ হৈছে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী । এয়া আমাৰ কথা নহয়, বিশ্বজিৎ দৈমাৰীয়ে নিজেই এই কথা উল্লেখ কৰে ।

'ভৱিষ্যৎ নোহোৱা বিধায়কটো মইয়ে আছো'

বুধবাৰে গোৰেশ্বৰৰ পশ্চিম নাওকাটাৰ বালাপাৰাত শুক্লাই নৈৰ মথাউৰিৰ গৰাখহনীয়া প্ৰতিৰোধৰ এক প্ৰকল্পৰ শুভাৰম্ভ অনুষ্ঠানত অংশগ্ৰহণ কৰি সংবাদ মাধ্যমৰ আগত তেওঁ কয়, "টংলা সমষ্টিৰ বিধায়ক নাই ৷ ভেৰগাঁও সমষ্টিৰ বিধায়কো নাই । সেইকাৰণে যাৰে তাৰে নাম লৈ থাকে নহ’লে কি লৈ কথা পাতিব । মই যিহেতু বিধায়ক হৈয়ে আছো । মোৰ ঘৰ গোৰেশ্বৰ সমষ্টিত । মই আকৌ পানেৰীৰ বিধায়ক আছিলো । এতিয়া মোৰ সমষ্টিয়ে নাই । পানেৰী ভংগ হৈ গ'ল ৷ এতিয়া টংলা আৰু ভেৰগাঁও নতুন সমষ্টি হৈ গ'ল । পানেৰী সমষ্টি নাই । ভৱিষ্যৎ নোহোৱা বিধায়কটো মইয়ে আছো । এতিয়া ৩ টা সমষ্টি আকৌ বিধায়ক নাই আৰু মোৰ নাম লৈ আছে । এনেকুৱাও হ'ব পাৰে অধিক মাছত বগলী কণা । বেছি মাছ দেখিছে আৰু যাই যাই এটা মাছো মই নাপাবও পাৰো ।"

ৰাজনৈতিক ভৱিষ্যতক লৈ শংকিত বিশ্বজ্যিৎ দৈমাৰী (ETV Bharat)

ইফালে বিটিআৰৰ নিৰ্বাচন সন্দৰ্ভত তেওঁ কয়, "যিহেতু বিধানসভা নিৰ্বাচনো আছে গতিকে ছেপ্টেম্বৰত বিটিআৰ নিৰ্বাচন হ'লে সকলো ফালৰ পৰা সুবিধা হয় ।" ইফালে কোকৰাঝাৰত পোন প্ৰথমবাৰৰ বাবে বিধানসভাৰ অধিবেশন অনুষ্ঠিত হ'ব । এই সন্দৰ্ভত অধ্যক্ষই কয়, "কোকৰাঝাৰত বিধানসভাৰ অধিবেশন হোৱাৰ বাবে যি আন্তঃগাঁথনি লাগে সেয়া আছে । বিটিচিৰ বিধানসভাত ১২৬ জন বিধায়ক বহিব পৰা ব্যৱস্থা কৰি থোৱা আছে । বাকী যিখিনি লাগে সেইখিনি সকলো সম্পূৰ্ণ হৈ আছে । বিটিচিবাসীৰ বাবে এয়া সৌভাগ্যৰ কথা ।"

লগতে পঢ়ক :বাংলাদেশৰ পৰিস্থিতিয়ে অসমত কোনো প্ৰভাৱ নেপেলায় : মুখ্যমন্ত্ৰীৰ মুখত বিপৰীত ভাষ্য - ASSAM CM ON BANGLADESH SITUATION