ETV Bharat / state

সুধাকণ্ঠময় বিধানসভাৰ মজিয়া; মোহনবাৰী নহয়, নাম হ'ব ভূপেন হাজৰিকা বিমান বন্দৰ

অসম বিধানসভাৰ মজিয়াত ডিব্ৰুগড় বিমানবন্দৰৰ নাম ভূপেন হাজৰিকাৰ নামেৰে ৰখাৰ প্ৰস্তাৱ গৃহীত ।

ASSAM ASSEMBLY
ডিব্ৰুগড় বিমান বন্দৰ (ANI)
author img

By ETV Bharat Assamese Team

Published : June 9, 2025 at 9:16 PM IST

5 Min Read
Choose ETV Bharat

গুৱাহাটী : যিখন অসম বিধানসভাৰ মজিয়াত প্ৰায় ছয় দশকৰ আগতে জনতাৰ জয় গীতি গাই বিৰোধীৰ আসন শুৱনি কৰিছিল ড° ভূপেন হাজৰিকাই, সেইখন বিধানসভাৰ মজিয়াই সোমবাৰে হৈ পৰিল সুধাকণ্ঠময় । শাসক-বিৰোধী সকলোৱেই একেমুখে গালে ভূপেন হাজৰিকাৰ বিশ্বজনীন মানৱতাৰ জয়গান । একেলগে সকলোৱেই গালে, “We are in the same boat brother."

“ডিব্ৰুগড়ৰ বিমান বন্দৰৰ নামটো হওক সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ নামেৰে ।”- সোমবাৰৰ অসম বিধানসভাৰ বিশেষ অধিৱেশনত সৰ্বসন্মতভাৱে গৃহীত হ’ল এই প্ৰস্তাৱ । বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে সকলোৰে সন্মতি সাপেক্ষে গৃহীত কৰে এই প্ৰস্তাৱ ।

অসম চৰকাৰে অহা ৮ ছেপ্টেম্বৰৰ পৰা উদযাপন কৰিব সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ বছৰজোৰা জন্ম শতবাৰ্ষিকী । অসম কেবিনেটৰ সিদ্ধান্ত মৰ্মে লোৱা হৈছে এলানি বিশেষ কাৰ্যসূচী ৷ তাৰেই অংশস্বৰূপে ডিব্ৰুগড়ৰ মোহনবাৰী বিমান বন্দৰটো সুধাকণ্ঠৰ নামেৰে নামকৰণৰ প্ৰস্তাৱ গ্ৰহণ কৰিছিল কেবিনেটে ।

সেই প্ৰস্তাৱৰ কাৰ্যকৰীকৰণৰ বাবে সোমবাৰে আয়োজন কৰা হৈছিল অসম বিধানসভাৰ বিশেষ অধিৱেশন ৷ এই অধিৱেশনৰ মূল বিষয়েই আছিল ড° ভূপেন হাজৰিকা ।

বিধানসভাৰ মজিয়াত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সুধাকণ্ঠ ভূপেন হাজৰিকাৰ প্ৰতি সন্মান জনাই কয়, “ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী কেৱল এক চৰকাৰী আৰু ৰাজকীয় অনুষ্ঠান হ’ব নোৱাৰে । ড° ভূপেন হাজৰিকা গণ শিল্পী আছিল ৷ ভূপেন হাজৰিকা অসমৰ আদৰৰ সন্তান আছিল । সেই কাৰণে মই বিধায়ক আৰু ৰাইজলৈ আহ্বান জনাম যে চৰকাৰে যি কৰিব পাৰিছে তাতকৈ বেছি ৰাইজে কৰিব পাৰিব । আমি প্ৰত্যেকেই নিজৰ নিজৰ সমষ্টি, নিজৰ গাঁওখন, নিজৰ বিদ্যালয়খন, নিজৰ বিশ্ববিদ্যালয়খন সকলোতে কিদৰে ভূপেন হাজৰিকাক চিৰ স্মৰণীয় কৰিব পাৰো, নৱ প্ৰজন্মৰ বাবে আদৰ্শ কৰি ৰাখিব পাৰো তাৰ বাবে চেষ্টা কৰো আহক ৷”

জন্ম শতবাৰ্ষিকী উপলক্ষ্যে ডিব্ৰুগড় বিমান বন্দৰটো সুধাকণ্ঠৰ নামেৰে নামকৰণ কৰাৰ প্ৰস্তাৱৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে পৰৱৰ্তী সময়ত তেজপুৰৰ বিমান বন্দৰৰ নামো জ্যোতি-বিষ্ণু নামেৰে নামকৰণৰ প্ৰস্তাৱ বিধানসভাৰ মজিয়াৰ পৰা গ্ৰহণ কৰা হ’ব ।

মুখ্যমন্ত্ৰী শৰ্মাই কয়, “কিছুদিনৰ পূৰ্বে আমালৈ তেজপুৰৰ ৰাইজৰ পৰা এটা প্ৰস্তাৱ আহিছিল, তেজপুৰৰ বিমান বন্দৰটো ড° ভূপেন হাজৰিকাৰ নামেৰে নামাংকিত কৰিব লাগে ৷ কিন্তু ইতিমধ্যে গুৱাহাটীৰ পিছতে ডিব্ৰুগড়ক দ্বিতীয়খন ৰাজধানী ৰূপে গঢ়ি উজলাই তোলাৰ চেষ্টা কৰিছোঁ । আমি ভাবিছিলো যে দুয়োখন ৰাজধানীৰ দুয়োটা বিমান বন্দৰ দুজন ভাৰত ৰত্নৰ নামতেই থাকক । সেই উদ্দেশ্য আগত ৰাখিয়েই আমি ডিব্ৰগড়ৰ বিমান বন্দৰটো ভূপেন হাজৰিকাৰ নামেৰে নামাংকিত কৰাৰ প্ৰস্তাৱ লৈ আহিছো । কিন্তু মই তেজপুৰৰ ৰাইজক জনাব খুজিছোঁ যে সময় আৰু সুবিধা অনুসৰি তেজপুৰ বিমান বন্দৰৰ নামটো জ্যোতি-বিষ্ণু বিমান বন্দৰ নামেৰে নামাংকিত কৰাৰ প্ৰস্তাৱ বিধানসভাৰ মাজলৈ লৈ আহিম ৷ আমাৰ কেবিনেটতো এই বিষয়ে আলোচনা হৈছে ।”

যদি বিজেপি মন্ত্ৰী প্ৰশান্ত ফুকনে এটাৰ পিছত এটি ভূপেন্দ্ৰ সংগীত গাই গৈছে তেন্তে বিৰোধী কমিউনিষ্ট বিধায়ক মনোৰঞ্জন তালুকদাৰে গাইছে 'We are in the same boat brother' । বিধায়ক তালুকদাৰৰ লগতে বিধায়কসকলৰ কণ্ঠেৰে নিগৰি উঠিছে 'আমি একেখন নাৱৰে যাত্ৰী' ৷

বিৰোধী বিধায়ক, বিধানসভাত মুখ্যমন্ত্ৰী আৰু বিজেপিৰ মূৰৰ কামোৰণি স্বৰূপ হৈ পৰা অখিল গগৈয়ে যদি কৈছে-বিধায়ক হিচাবে বিধানসভাৰ মজিয়াত সুধাকণ্ঠৰ গণমুখী স্থিতিৰ কথা, তেন্তে শাসকীয় মিত্ৰ দলৰ মন্ত্ৰী অতুল বৰাই কৈ গ’ল সুধাকণ্ঠৰ সান্নিধ্যত পোৱা বিৰল অভিজ্ঞতাৰ কথা ৷

বাদ নপৰিল আবৃতিকাৰ, অভিনেতা ৰূপে সুনাম থকা বিধায়ক পদ্ম হাজৰিকাও । কি শাসক, কি বিৰোধী সকলোৰেই সমৰ্থন- বিধানসভাত প্ৰস্তাৱ গৃহীত হ’ব লাগে - ডিব্ৰুগড়ৰ বিমান বন্দৰৰ নাম হওক সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ নামেৰে ।

শেষত সৰ্বসন্মতিত গৃহীত হ’ল ডিব্ৰুগড় বিমান বন্দৰটি সুধাকণ্ঠৰ নামেৰে নামকৰণৰ প্ৰস্তাৱ । অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে ঘোষণা কৰিলে এই কথা । পৰৱৰ্তী সময়ত এই প্ৰস্তাৱ যাব কেন্দ্ৰীয় চৰকাৰলৈ ৷ কেন্দ্ৰীয় চৰকাৰে বিধি অনুসৰি অনুমোদন জনাব এই প্ৰস্তাৱত ।

উল্লেখযোগ্য যে, ৰাজ্যৰ ভিতৰৰ যিকোনো বিমান বন্দৰৰ নাম ইচ্ছা কৰিলেই সলনি কৰিব নোৱাৰে ৰাজ্য চৰকাৰে ৷ ইয়াৰ বাবে আছে কিছু গাইডলাইন ৷ যাৰ এটা পৰ্যায়- ৰাজ্যৰ বিধানসভাত নতুন নামকৰণৰ বাবে প্ৰস্তাৱ অনুমোদন ।

হয়তো অহা ৮ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী মোদী অসমলৈ আহি সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকী আনুষ্ঠানিকভাৱে আৰম্ভ কৰাৰ সময়তেই নতুনকৈ সুধাকণ্ঠৰ নামেৰে নামকৰণ হ’ব ডিব্ৰুগড়ৰ বিমান বন্দৰটো ৷

লগতে পঢ়ক : বিধানসভা চাবলৈ আহিল গৌৰৱ গগৈ: সোণোৱালে ক’লে- কাম নহ’ব

লগতে পঢ়ক : ৰাজ্যসভাত আসনো দুখন, মনোনয়নো দিলে দুজনেই: বৈশ্য-পুৰকায়স্থ দিল্লীমুখী