বেলজিয়ামৰ মিউজিয়ামত সংৰক্ষিত এজন অসমীয়াই অংকন কৰা ছবি
ইউৰোপৰ বেলজিয়ামত সমাদৃত মৰাণৰ চিত্ৰশিল্পী দেৱব্ৰত মহন্তৰ চিত্ৰ ৷ প্ৰদৰ্শনীত বিক্ৰী হ'ল দুখনকৈ ছবি ৷ সংৰক্ষিত হ'ল কলাগুৰু বিষ্ণু ৰাভাৰ চিত্ৰ ৷

Published : March 11, 2025 at 4:06 PM IST
ডিব্ৰুগড়: ছবি অংকনৰ প্ৰতি থকা ভালপোৱাৰ বাবে বিশ্ব ভ্ৰমণৰ সুযোগ লাভ কৰিছে এজন অসমীয়াই । ইউৰোপৰ বেলজিয়ামত সংৰক্ষিত হৈছে এজন অসমীয়া শিল্পীয়ে অংকন কৰা ছবি । যি খবৰে এতিয়া গৌৰৱাম্বিত কৰিছে প্ৰতিজন অসমীয়াক ।
শেহতীয়াকৈ ইউৰোপৰ বেলজিয়ামত সমাদৰ লাভ কৰিলে অসমৰ চিত্ৰশিল্পীৰ ছবিয়ে ৷ যোৱা ২৪, ২৫ আৰু ২৬ জানুৱাৰীত বেলজিয়ামৰ ব্ৰুছেলছত অনুষ্ঠিত কলকতাৰ সৰ্বভাৰতীয় সংগীত আৰু সংস্কৃতি পৰিষদৰ সপ্তম কলা প্ৰদৰ্শনীত অসমৰ হৈ মৰাণৰ চিত্ৰশিল্পী তথা মৰাণ মহিলা বিশ্ববিদ্যালয়ৰ অধ্যাপক দেৱব্ৰত মহন্ত আৰু মিণ্টু ডেকাই চিত্ৰ প্ৰদৰ্শন কৰিবলৈ নিমন্ত্ৰণ লাভ কৰিছিল ।
এই প্ৰদৰ্শনীত দেৱব্ৰত মহন্তৰ চাৰিখন চিত্ৰ প্ৰদৰ্শিত হৈছিল । মহন্তৰ দুখনকৈ চিত্ৰ এই প্ৰদৰ্শনীত বিক্ৰী হৈছিল । মৰাণৰ চিত্ৰশিল্পী দেৱব্ৰত মহন্তৰ দুখনকৈ চিত্ৰ বেলজিয়ামত বিক্ৰী হোৱাৰ খবৰে ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিছে । মহন্তৰ "Night of Flooding" আৰু "Peace being chased" শীৰ্ষক চিত্ৰ দুখন বেলজিয়ামৰ এক দম্পতিয়ে ক্ৰয় কৰে ।

লগতে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা বিষয়ক চিত্ৰ আৰু মানুহৰ আবেগ-অনুভূতিক প্ৰতীকী হিচাপে লৈ অংকন কৰা দুখন ছবি বেলজিয়ামৰ ব্ৰুছেলছত অৱস্থিত সৰ্বভাৰতীয় সংগীত আৰু সংস্কৃতি পৰিষদৰ কাৰ্যালয়ত সংৰক্ষিত কৰা হৈছে ৷ জানিব পৰা অনুসৰি, শিল্পীগৰাকীয়ে পেৰিচ, বাৰ্চিলোনাকে ধৰি ইউৰোপৰ বহুকেইখন চহৰ পৰিভ্ৰমণ কৰি বিখ্যাত শিল্পীৰ কৰ্মৰাজি পৰিদৰ্শন কৰে ৷

লগতে পঢ়ক : অসমীয়া চিনেমাৰ গৌৰৱোজ্জ্বল ৯০ বছৰ: 'মন মন্দিৰ'ৰ পৰা কেনেকৈ আৰম্ভ হৈছিল ধীৰেণ কলিতাৰ যাত্ৰা লগতে পঢ়ক : অসম সৌৰভ বঁটা: ১১৬ শাৰীৰ আটাইতকৈ দীঘলীয়া গীতটি ৰচনা কৰা গীতিকাৰগৰাকী আজি অভিভূত |
উল্লেখ্য যে শিল্পী মহন্তৰ চিত্ৰ ইতিমধ্যে ইজিপ্ত, কোৰিয়া, ম্যানমাৰ, ইটালী, ইউৰোপ, ইণ্ডোনেছিয়া, জাকাৰ্টা আদি দেশৰ বিভিন্ন মিউজিয়াম আৰু গেলাৰীত প্ৰদৰ্শিত হৈছে ৷ শ্ৰীলংকাৰ কলম্বোত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় প্ৰদৰ্শনীতো মহন্তই "বেষ্ট পেইণ্টিং এৱাৰ্ড" আৰু ইজিপ্তৰ লস্কৰ বিশ্ববিদ্যালয়ৰ ৰিভাৰ নীল উৎসৱত আন্তঃৰাষ্ট্ৰীয় পৰিৱেশ বঁটা লাভ কৰিছে । মৰাণৰ চিত্ৰশিল্পীগৰাকীৰ এনে সাফল্যই অসমলৈ গৌৰৱ কঢ়িয়াই অনাত স্বাভাৱিকতে উৎফুল্লিত হৈ পৰিছে মৰাণবাসী ।

- প্ৰদৰ্শনীত বিক্ৰী হ'ল দুখনকৈ চিত্ৰ, সংৰক্ষিত হ'ল কলাগুৰু বিষ্ণু ৰাভাৰ চিত্ৰ :
বেলজিয়ামৰ চিত্ৰশিল্প সমাদৃত হোৱাৰ পাছতে দেৱব্ৰত মহন্তই মঙলবাৰে সংবাদ মাধ্যমক কয়, "বেলজিয়ামত কলকতাৰ সৰ্বভাৰতীয় সংগীত আৰু সংস্কৃতি পৰিষদৰ সপ্তম কলা প্ৰদৰ্শনীৰ ছবি প্ৰদৰ্শনীত অংশ ল'বলৈ আমি নিমন্ত্ৰণ লাভ কৰিছিলো । তাত প্ৰদৰ্শনৰ বাবে মোৰ চাৰিখন ছবি নিছিলো যদিও দ্বিতীয় দিনা মোৰ দুখন ছবি বিক্ৰী হৈছিল । ইমান দাম বিচৰা নাছিলো যদি ভাল পইচা দিছে ।’’
‘‘শান্তি আৰু সপোনৰ ওপৰত অংকন কৰা দুখন ছবি বিক্ৰী হ'ল । কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা বিষয়ক চিত্ৰ আৰু মানুহৰ আবেগ অনুভূতিক প্ৰতীকী হিচাপে লৈ অংকন কৰা দুখন ছবি বেলজিয়ামত সংৰক্ষণৰ বাবে থৈ আহিছো । সৰুৰে পৰা ছবিৰ প্ৰতি থকা আগ্ৰহৰ বাবেই নিশা ১২/ ২ বজাতো ছবি আঁকিছিলো । বৰ্তমান সময়ত চাকৰিৰ ব্যস্ততাৰ মাজতো সময় উলিয়াই ভাল লগা ছবিখন অংকন কৰাৰ বাবে চেষ্টা কৰো ।’’ মহন্তই কয় ৷

