ETV Bharat / state

অসম-মেঘালয়ৰ সীমান্ত এলেকাত অসম চৰকাৰে ১৫ আগষ্টৰ পূৰ্বে স্থাপন কৰিব খুঁটা

কইনাধৰাত অসম-মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ বৈঠক । গুৱাহাটীৰ বান সমস্যা সমাধানৰ বাবে কি আলোচনা কৰিলে অসম-মেঘালয়ৰ মুখ্যমন্ত্ৰীয়ে ?

Assam and Meghalaya CMs Talks in Guwahati Over Border, Flood, Power Issues
অসম-মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ বৈঠক (@himantabiswa X)
author img

By ETV Bharat Assamese Team

Published : June 2, 2025 at 11:14 PM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী : উত্তৰ পূবৰ দুবাৰমুখ ৰাজধানী চহৰ গুৱাহাটী মহানগৰীৰ জটিল হৈ পৰা কৃত্ৰিম বান প্ৰতিৰোধ কৰাৰ বাবে আগবাঢ়ি আহিছে মেঘালয় চৰকাৰ । অসম চৰকাৰক গুৱাহাটীৰ বানপানী ৰোধ কৰাৰ বাবে প্ৰতিশ্ৰুতি দিছে মেঘালয় চৰকাৰে ।

অসমৰ মুখ্যমন্ত্ৰীয়ে গুৱাহাটীৰ বানপানীৰ বাবে মেঘালয়ত থকা ইউ এছ টি এমক দোষাৰোপ কৰি এক প্ৰকাৰ ''ফ্লাড জেহাদ" ঘোষণা কৰিছিল । মন কৰিবলগীয়া যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৰোষত পৰি মেঘালয়ত থকা এই বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য জেলত যাবলগীয়া হৈছিল ।

অসম-মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ বৈঠক (ETV BHARAT ASSAM)

উল্লেখ্য যে, আজি অসম আৰু মেঘালয়ৰ আন্তঃৰাজ্যিক কেইবাটাও বিষয় আলোচনাৰ হেতুকে চুবুৰীয়া ৰাজ্যখনৰ মুখ্যমন্ত্রী কনৰাড চাংমা সৈতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা গুৱাহাটীৰ কইনাধৰাত এখন বিশেষ বৈঠকত মিলিত হয় । এই বৈঠকতে গুৱাহাটীৰ বানপানী সমস্যাটো সমাধান ‌কৰাৰ বাবে বিশেষ আলোচনা কৰা হয় ।‌

বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব‌ শৰ্মাই কয়, ''গুৱাহাটীৰ কৃত্ৰিম বানপানী সমস্যা সমাধান‌ কৰাৰ বাবে সহযোগিতাৰ হাত আগবঢ়াইছে মেঘালয় চৰকাৰে । অসম-মেঘালয়ৰ সীমান্তৰ তিনিটা পইণ্টৰ‌ পৰা বৰষুণৰ পানী আহে । মেঘালয়ৰ বহুত পাহাৰৰ মাটি ব্যক্তিগত মানুহৰ ‌হাতত আছে ।‌ এইবোৰত কিদৰে আইনৰ দ্বাৰা নিয়ন্ত্ৰণ কৰিব পাৰে, সেয়া মেঘালয় চৰকাৰৰ ওপৰত নিৰ্ভৰ । এইবোৰ বিষয় আজি বৈঠকত আলোচনা হৈছে ।''

মুখ্যমন্ত্ৰীয়ে কয়, ''দুয়োখন ৰাজ্য চৰকাৰে গুৱাহাটী আৰু মেঘালয়ৰ সীমান্তৱৰ্তী এলেকা চেটেলাইটৰ দ্বাৰা মেপিং কৰাৰ সিদ্ধান্তত উপনীত হৈছে । এই মেপিং কৰাৰ দায়িত্ব North Eastern Space Applications Centre ক দিয়া হ'ব ।''

''খানাপাৰা, জুৰিপাৰ, বাহিনী আৰু খানাপাৰা এলেকাত এই Centre-এ তিনিমাহৰ ভিতৰত চেটেলাইটৰ দ্বাৰা কৰা মেপিং জমা দিব । এই মেপিঙৰ সবিশেষ তথ্যৰ ভিত্তিত আই আই টি, ৰুৰকীয়ে (IIT Roorkee) গুৱাহাটীৰ কৃত্ৰিম বানৰ সমস্যা সমাধানৰ কাম কৰিব ।'' তেওঁ কয় ।

কুলসী নদীত জলবিদ্যুৎ প্ৰকল্প :

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰে যে বৈঠকত দুয়োখন চৰকাৰে যৌথভাৱে কুলসী নদীত জলবিদ্যুৎ প্ৰকল্পৰ কাম কৰিব । এই জলবিদ্যুৎ প্ৰকল্পটো ৫৫ মেগাৱাটৰ হ'ব । এই প্ৰকল্পটো ৰূপায়ণৰ বাবে ওচৰৰ স্থানীয় ৰাইজৰ লগত আলোচনা কৰি আগবঢ়া যাব ।‌ এই প্ৰকল্পটো ৰূপায়ণ হ'লে বিদ্যুৎ উৎপাদনৰ‌ লগতে কামৰূপ আৰু গোৱালপাৰা জিলাত জলসিঞ্চনৰ ব্যৱস্থাও হ'ব ।

অসম-মেঘালয়ৰ সীমা সমস্যা :

অসম-মেঘালয় সীমা সমস্যা সন্দৰ্ভত মুখ্যমন্ত্ৰী শৰ্মা কয়, ''অসম-মেঘালয়ৰ ছটা সীমা সমস্যাৰ ইতিমধ্যে বুজাবুজি চুক্তি সম্পন্ন কৰা হৈছে ।‌ ইয়াৰে বুজাবুজি চুক্তি সম্পন্ন হোৱা পাঁচটা সীমান্ত এলেকাত অসম চৰকাৰে অহা ১৫ আগষ্টৰ পূৰ্বে খুঁটা স্থাপন কৰিব । বাকী এটা এটা সীমান্ত এলেকাত কিছু আলোচনা কৰিব আছে । মেঘালয়ে অসমৰ এখন গাঁও বিচাৰিছে । তাৰ বিনিময়ত সম পৰিমাণৰ ভূমি মেঘালয়ে অসমক এৰি দিয়াৰ প্ৰতিশ্ৰুতি দিছে ।‌ ইপিনে অসম মেঘালয় ‌সীমান্তত থকা পিলিংকাটা গাঁওখনৰ সীমা সমস্যালৈ দুয়ো ৰাজ্যৰ সংশ্লিষ্ট জিলা প্ৰশাসনে আলোচনাত মিলিত‌ হ'ব ।''

ইপিনে মেঘালয়ৰ মুখ্যমন্ত্রী কনৰাড চাংমায়ে‌‌ সংবাদ মাধ্যমৰ আগত কুলসী জলবিদ্যুৎ প্ৰকল্পটো আৰু গুৱাহাটীৰ বানপানীৰ‌ সমস্যাটো সন্দৰ্ভত কয়, ''দুয়োখন ৰাজ্যই এই সন্দৰ্ভত বিশদ আলোচনা কৰিছে ।‌''

মেঘালয়ৰ পৰা সৃষ্টি হোৱা গুৱাহাটীৰ বান‌ সমস্যাৰ সন্দৰ্ভত ‌তেওঁ কয়, ''মেঘালয় চৰকাৰে এই‌ ক্ষেত্ৰত অসম চৰকাৰৰ সকলো সহযোগীতা‌ আগবঢ়াব ।‌''

লগতে পঢ়ক : গুৱাহাটীৰ কৃত্রিম বান : মুখ্যমন্ত্ৰীৰ সৈতে সুৰ মিলাই USTMক টাৰ্গেট মন্ত্রী জয়ন্ত মল্লবৰুৱাৰ

লগতে পঢ়ক : গুৱাহাটীত কোনে 'ফ্লাড জেহাদ' আৰম্ভ কৰিছে ? ক'লে মুখ্যমন্ত্রীয়ে - Artificial flood in Guwahati