ETV Bharat / state

ৰাজ্যৰ দ্বিতীয়টো জৈৱিক সাৰ আৰু কীটনাশক দ্ৰব্য উৎপাদন কেন্দ্ৰ মুকলি

কৃষি মন্ত্ৰী অতুল বৰাই কয় যে কেন্দ্ৰটোত বছৰি ডেৰ লাখ লিটাৰ বায়' ফাৰ্টিলাইজাৰ আৰু ১০ মেট্ৰিক টন জৈৱিক কীটনাশক দ্ৰব্য উৎপাদনৰ লক্ষ্য ৰখা হৈছে ৷

Minister Atul Bora at Biswanath
জৈৱিক সাৰ আৰু কীটনাশক দ্ৰব্য উৎপাদন কেন্দ্ৰ মুকলি (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : February 3, 2025 at 9:03 AM IST

2 Min Read
Choose ETV Bharat

বিশ্বনাথ : অসমৰ দ্বিতীয়টো অত্যাধুনিক প্ৰযুক্তি সম্পন্ন জৈৱিক সাৰ আৰু কীটনাশক দ্ৰব্য উৎপাদন কেন্দ্ৰ মুকলি হ'ল ৷ বিশ্বনাথ জিলাৰ বিশ্বনাথ কৃষি মহাবিদ্যালয়ৰ ৩৮ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি দেওবাৰে এই কেন্দ্ৰটো মুকলি কৰে কৃষি মন্ত্ৰী অতুল বৰাই ।

জৈৱিক সাৰ আৰু কীটনাশক দ্ৰব্য উৎপাদন কেন্দ্ৰ

Minister Atul Bora at Biswanath
জৈৱিক সাৰ আৰু কীটনাশক দ্ৰব্য উৎপাদন কেন্দ্ৰ (ETV Bharat)

উত্তৰ-পূব পৰিষদৰ (এন ই চি) আঁচনিৰ অধীনত ১৫ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মিত কেন্দ্ৰটো দেওবাৰে মুকলি কৰা হয় । এই জৈৱিক সাৰ আৰু দ্ৰব্যৰ বাণিজ্যিক উৎপাদনৰ বাবে প্ৰ'মেক টেকন'ল'জি এণ্ড ছাৰ্ভিচেছে ইতিমধ্যে ৮ টাকৈ প্ৰডাক্ট প্ৰস্তুত কৰি কৃষকৰ বাবে মুকলি কৰিছে । তাৰ ভিতৰত বিশেষকৈ ধান খেতি, চাহ উদ্যোগ, মাহজাতীয় শস্যৰ লগতে সকলো ধৰণৰ শাক-পাচলি আৰু কৃষিজাত সামগ্ৰী উৎপাদনৰ বাবে এই জৈৱিক সাৰ বিশেষ লাভদায়ক হিচাপে বিবেচিত হোৱাৰ লগতে স্বাস্থ্যসন্মত হ'ব বুলি আশা প্ৰকাশ কৰা হৈছে ৷

Minister Atul Bora at Biswanath
বিশ্বনাথত কৃষি মন্ত্ৰী অতুল বৰা (ETV Bharat)

কেন্দ্ৰটোত বছৰি ডেৰ লাখ লিটাৰ বায়' ফাৰ্টিলাইজাৰ আৰু ১০ মেট্ৰিক টন জৈৱিক কীটনাশক দ্ৰব্য উৎপাদনৰ লক্ষ্য ৰখা হৈছে আৰু বজাৰত চাহিদা হিচাপে ইয়াৰ উৎপাদন আৰু বৃদ্ধি কৰা হ'ব ৷

কেন্দ্ৰটোৰ মুকলি অনুষ্ঠানত কৃষি মন্ত্ৰী অতুল বৰাৰ লগতে বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ, প্ৰাক্তন মন্ত্ৰী প্ৰবীণ হাজৰিকা, যোৰহাট কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য বিদ্যুৎ চন্দন ডেকা, বিশ্বনাথ জিলাৰ আয়ুক্ত মুনীন্দ্ৰ নাথ ঙাটে, বিশ্বনাথ ফাৰ্ম মেচিনাৰীৰ সঞ্চালিকা পি কমলাবাই আদি বিশিষ্ট লোক উপস্থিত থাকে । ইফালে কৃষি মহাবিদ্যালয়খনৰ ৩৮ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে মন্ত্ৰীগৰাকীয়ে বন্তি প্ৰজ্বলন কৰাৰ পিছতে কৃষি মহাবিদ্যালয়ৰ ডীন ৰণেন্দ্ৰ বৰ্মনে আদৰণি ভাষণ আগবঢ়ায় ।

Minister Atul Bora at Biswanath
বিশ্বনাথ কৃষি মহাবিদ্যালয়ৰ ৩৮ সংখ্যক প্ৰতিষ্ঠা দিৱস (ETV Bharat)

অনুষ্ঠানৰ আঁত ধৰে সহকাৰী অধ্যাপিকা সৃমনা তামুলীয়ে । মন্ত্ৰীগৰাকীয়ে একেদিনাই ভাৰত চৰকাৰৰ অধীনস্থ উত্তৰ-পূৱ কৃষি যন্ত্ৰ প্ৰশিক্ষণ আৰু পৰীক্ষণ প্ৰতিষ্ঠান ভ্ৰমণ কৰি ভাৰতবৰ্ষৰ ভিতৰত স্থাপন হ'বলগীয়া প্ৰথমটো কৃষি ড্ৰোণ পাইলট প্ৰশিক্ষণ কেন্দ্ৰ পৰিদৰ্শন কৰে ।

ইয়াৰ পিছতে অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চল ৰাজ্যৰ কৃষকসকল কেনেদৰে উপকৃত হ'ব সেই বিষয়ে উত্তৰ-পূৱ কৃষি যন্ত্ৰ প্ৰশিক্ষণ আৰু পৰীক্ষণ প্ৰতিষ্ঠানৰ নিৰ্দেশক পি কমলাবাইৰ লগতে বিষয়া কৰ্মচাৰীৰ লগত এক আলোচনাত মিলিত হয় মন্ত্ৰীগৰাকী ।

লগতে পঢ়ক :দেওবাৰে ৪ খনকৈ দিল্লী নিৰ্বাচনৰ প্ৰচাৰ সভা অসমৰ মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শর্মাৰ - CM HIMANTA BISWA SARMA