ETV Bharat / state

বিদ্যালয়ৰ গৰম বন্ধৰ সময় সলনি কৰক: যুক্তি সহকাৰে ক'লে অৰণ্য মানৱে - ASSAM AGRICULTURAL UNIVERSITY

অসম কৃষি বিশ্ববিদ্যালৰ ২৫ সংখ্যক দীক্ষান্ত সমাৰোহ । অৰণ্য মানৱ যাদৱ পায়েং আৰু বিপন্ন হাড়গিলা সংৰক্ষক পূৰ্ণিমা দেৱী বৰ্মনক সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান ।

Assam Agricultural University organises 25th Convocation
অসম কৃষি বিশ্ববিদ্যালত ২৫ সংখ্যক দীক্ষান্ত সমাৰোহ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : April 9, 2025 at 5:10 PM IST

2 Min Read

যোৰহাট: বুধবাৰে অসম কৃষি বিশ্ববিদ্যালয়ে অনুষ্ঠিত কৰে ২৫ সংখ্যক দীক্ষান্ত সমাৰোহ । উদুলি-মুদুলি পৰিৱেশৰ মাজত বিশ্ববিদ্যালয়ৰ মাধৱ চন্দ্ৰ দাস সোঁৱৰণী প্ৰেক্ষাগৃহত বিশ্ববিদ্যালয়খনৰ দীক্ষান্ত সমাৰোহ অনুষ্ঠিত হয় । ২৫ সংখ্যক দীক্ষান্ত সমাৰোহৰ পৌৰহিত্য কৰে বিশ্ববিদ্যালয়ৰ আচাৰ্য তথা অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই । উপস্থিত থাকে মন্ত্ৰী অতুল বৰা ।

এই দীক্ষান্ত সমাৰোহতে অৰণ্য মানৱ যাদৱ পায়েং আৰু বিপন্ন হাড়গিলা সংৰক্ষক গ্ৰীণ অস্কাৰ বিজয়ী পূৰ্ণিমা দেৱী বৰ্মনক সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান কৰা হয় । ইয়াৰোপৰি ৫৪৮ গৰাকী শিক্ষাৰ্থীক আনুষ্ঠানিকভাৱে ডিগ্ৰী প্ৰদান কৰা হয় । উক্ত সমাৱৰ্তনত অংশগ্ৰহণ কৰি শিক্ষানুষ্ঠানৰ গৰম বন্ধ উঠাই দিয়াৰ পোষকতা কৰে অৰণ্য মানৱ যাদৱ পায়েঙে ।

অসম কৃষি বিশ্ববিদ্যালত ২৫ সংখ্যক দীক্ষান্ত সমাৰোহ (ETV Bharat Assam)

এই সন্দৰ্ভত পায়েঙে কয়, "যিহেতু পৰিস্থিতিটো বহুত বেয়া, জলবায়ু পৰিৱৰ্তন সম্পৰ্কে এটা বিশেষ কথা অনুৰোধ কৰিব বিচাৰিছো, যোৱা বছৰ ৪২ ডিগ্ৰী তাপমাত্ৰা হোৱা সময়ত শিক্ষাৰ্থী মৰিছিল, এইবাৰ ৫২ ডিগ্ৰী হ'লে কি অৱস্থা হ'ব সহজে অনুমেয় । সেয়েহে মই কও গৰম বন্ধ যেতিয়া দিয়া হয়, তেতিয়া বৰষুণ হয়, তাপমাত্ৰা যি সময়ত বৃদ্ধি হয় সেই সময়ছোৱাতহে গৰম বন্ধ দিয়া প্ৰয়োজন ।"

Assam Agricultural University organises 25th Convocation
অৰণ্য মানৱ যাদৱ পায়েঙক সন্মানীয় ডক্টৰেট ডিগ্ৰী (ETV Bharat Assam)

ইফালে ডক্টৰেট ডিগ্ৰী লাভ কৰি যাদৱ পায়েঙে কয়, "কৃষি বিশ্ববিদ্যালয়ক ধন্যবাদ জনাইছো । এনেকৈ উৎসাহ-উদ্দীপনা দিব লাগে, কেৱল মই বুলি নহয়, অসমত বুলি নহয় ভাৰতবৰ্ষত তেনেকুৱা কাম কৰা মানুহ যিমান আছে সকলোকে ।"

পূৰ্ণিমা দেৱী বৰ্মনক সন্মানীয় ডক্টৰেট ডিগ্ৰী (ETV Bharat Assam)

বিশ্ববিদ্যালয়খনৰ আচাৰ্য লক্ষ্মণ প্ৰসাদ আচাৰ্যই কয়, "অসম কৃষি বিশ্ববিদ্যালয়ৰ ২৫ সংখ্যক দীক্ষান্ত সমাৰোহত মই অংশগ্ৰহণ কৰিবলৈ সুবিধা পালো । বিশ্ববিদ্যালয় কৰ্তৃপক্ষক অভিনন্দন জনাইছো । এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত এই দীক্ষান্ত সমাৰোহ অনুষ্ঠিত কৰা হ'ল । মই সুখী অনুভৱ কৰিছো যে এই বিশ্ববিদ্যালয়ে ৰাজ্য তথা দেশৰ আশা-আকাংক্ষাৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ শিক্ষাৰ্থীসকলক নিৰ্মাণ কৰিছে । সকলোলৈ মোৰ অভিনন্দন, শুভকামনা ।"

লগতে পঢ়ক: স্নাতক ডিগ্ৰীধাৰী হ'ল ক্ৰিকেটাৰ ৰিয়ান পৰাগ - COTTON UNIVERSITY CONVOCATION

সমালোচনাই ছাত্ৰ-ছাত্ৰীক জাতিৰ প্ৰতি থকা দায়িত্ব সোঁৱৰাই দিয়ে: ৰাজ্যপাল - TEZPUR UNIVERSITY CONVOCATION

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.