Bihar Election Results 2025

ETV Bharat / state

কাজলি-লাইকা-প্ৰবালী উদ্ভাৱন অসম কৃষি বিশ্ববিদ্যালয়ৰ

প্ৰথমবাৰৰ বাবে ‘কাজলি’ আৰু ‘লাইকা’ নামৰ লাই শাকৰ দুটা জাত আৰু ‘প্ৰবালী’ নামৰ এটা জলকীয়াৰ জাত উদ্ভাৱন কৰিছে অসম কৃষি বিশ্ববিদ্যালয়ৰ উদ্যান বিজ্ঞান বিভাগে ।

ASSAM AGRICULTURAL UNIVERSITY
অসম কৃষি বিশ্ববিদ্যালয় (Etv Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : October 14, 2024 at 10:30 PM IST

2 Min Read
Choose ETV Bharat

যোৰহাট, ১৪ অক্টোবৰ: ৰবি শস্যৰ বতৰতে অসমৰ কৃষিক্ষেত্ৰৰ বাবে সুখবৰ কঢ়িয়াই অসম কৃষি বিশ্ববিদ্যালয়ৰ গৱেষক বিজ্ঞানীয়ে অধিক উৎপাদনক্ষম লাই শাকৰ দুটা জাত আৰু এটা জলকীয়াৰ জাত উদ্ভাৱন কৰিবলৈ সক্ষম হৈছে । বিশ্ববিদ্যালয়ৰ উদ্যান বিজ্ঞান বিভাগৰ গৱেষক বিজ্ঞানীসকলে দীৰ্ঘদিনীয়া গৱেষণাৰ জৰিয়তে প্ৰথমবাৰৰ বাবে ‘কাজলি’ আৰু ‘লাইকা’ নামৰ লাই শাকৰ দুটা জাত আৰু ‘প্ৰবালী’ নামৰ এটা জলকীয়াৰ জাত কৃষকৰ বাবে সাজু কৰিছে ।

অসমীয়া খাদ্যাভ্যাসৰ ক্ষেত্ৰত অতীজৰে পৰা বিশেষ প্ৰভাৱ থকা তথা অতি জনপ্ৰিয় লাই শাকৰ উচ্চ উৎপাদনক্ষম জাত নথকাৰ বাবে কৃষকসকলে সমস্যাৰ সন্মুখীন হৈ আহিছে । সেয়ে অসম কৃষি বিশ্ববিদ্যালয়ৰ গৱেষকসকলে পাঁচ বছৰ নিৰৱচ্ছিন্ন গৱেষণাৰ জৰিয়তে উচ্চ উৎপাদনক্ষম থলুৱা প্ৰজাতিৰ এই লাই শাকৰ জাত উদ্ভাৱন কৰে । এই জাত দুটা ৮৫-৯০ দিনৰ শস্যক্ৰমৰ লগতে হেক্টৰে প্ৰতি ৪০০-৪৫০ কুইন্টল উৎপাদন হ’ব ।

লগতে পঢ়ক: গাহৰি পালকক উপকৃত কৰিব পৰাকৈ স্বাক্ষৰিত বুজাবুজিৰ চুক্তি - MoU signed

লাইকা জাতটো সেউজীয়া ৰঙৰ ডাল, ডাঠ আৰু দীঘলীয়া পাতল পাত সমৃদ্ধ হোৱাৰ লগতে অসমীয়া থলুৱা লাই শাকৰ দৰে সোৱাদৰ হ'ব । আনহাতে কাজলি জাতটো একেধৰণৰ গুণ বিশিষ্ট হ'ব যদিও কজলা বৰণৰ হ'ব । সেয়ে এই জাতটোৰ নাম কাজলি ৰখা হৈছে । জলকীয়াৰ জাত প্ৰবালীৰ হেক্টৰে প্ৰতি ১২০-১৩০ কুইন্টল উৎপাদন হ'ব । উচ্চ জ্বলা স্বাদৰ হ'ব এই জলকীয়া ।

অধিক পুষ্টিকৰ গুণসম্পন্ন এই লাই শাক আৰু জলকীয়াত সেউজীয়া শাক-পাচলিৰ গুণসমূহ উপলব্ধ হ'ব বাবে ইয়াৰ ব্যৱহাৰৰ ফলত অধিক পুষ্টিকৰ দ্ৰব্য মানৱ শৰীৰে আহৰণ কৰিব পাৰিব । তদুপৰি লাই শাকৰ বৰ্তমান সময়ত চাহিদা অনুসাৰে পৰ্যাপ্ত পৰিমাণে উপলব্ধ নোহোৱাৰ বাবে এই জাতৰ খেতিৰ জৰিয়তে কৃষকে অধিক উৎপাদন কৰি ব্যৱসায়িকভাৱে লাভাৱান্বিত হ'ব পাৰিব বুলি আশা কৰিছে অসম কৃষি বিশ্ববিদ্যালয়ৰ উদ্যান বিজ্ঞান বিভাগে ।

লগতে পঢ়ক: ভাল জাতৰ ফল-মূলৰ পুলি সংগ্ৰহেৰে আৰ্থিকভাৱে স্বচ্ছল হ'ব পাৰি: কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য - Assam Agricultural University

গছপুলিৰ কাৰ্বন পৰীক্ষণৰ জৰিয়তে অসমৰ কৃষকক লাভান্বিত কৰাৰ প্ৰয়াস - Assam Agricultural University