গুৱাহাটী: ৰাজ্যত ভয়াৱহ হাৰত বৃদ্ধি পাইছে কৰ্কট ৰোগীৰ সংখ্যা । ৰাজ্যখনত প্ৰতিবছৰে ৪০ হাজাৰৰ পৰা ৪৬ হাজাৰ লোক কৰ্কট ৰোগত আক্ৰান্ত হয় । কৰ্কট ৰোগৰ ভয়াৱহতাৰ এই তথ্য অসম চৰকাৰৰ । অসম বিধানসভাৰ চলিত বাজেট অধিৱেশনত ৰাজ্যখনত ভয়াৱহ ৰূপ ধাৰণ কৰা কৰ্কট ৰোগৰ প্ৰসংগটো বিশেষভাৱে চৰ্চালৈ আহে । বিধানসভাৰ প্ৰশ্নোত্তৰ কালত বিজেপি বিধায়ক মৃণাল শইকীয়াই উত্থাপন কৰা লিখিত প্ৰশ্নৰ আধাৰতে কৰ্কট ৰোগৰ প্ৰসংগটোক লৈ চর্চা হয় ।
বিধায়ক মৃণাল শইকীয়াৰ এক প্ৰশ্নৰ উত্তৰত স্বাস্থ্যমন্ত্ৰী অশোক সিংহলে সদৰী কৰা মতে ইণ্ডিয়ান কাউন্সিল অব মেডিকেল ৰিছাৰ্চ (আই চি এম আৰ) আৰু ডাঃ ভূৱনেশ্বৰ বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ (বি বি চি আই) পৰা পোৱা তথ্য অনুসৰি ৰাজ্যখনত প্ৰতিবছৰে প্ৰায় ৪০ হাজাৰৰ পৰা ৪৬ হাজাৰ লোক কৰ্কট ৰোগত আক্ৰান্ত হয় ।

- অসমত কৰ্কট ৰোগীৰ পৰিসংখ্যা :
অসম কেন্সাৰ কেয়াৰ ফাউণ্ডেচনৰ তথ্য অনুসৰি উক্ত প্ৰতিষ্ঠানত ২০২২ চনৰ ২৮ এপ্ৰিলৰ পৰা বৰ্তমানলৈ চিকিৎসা গ্রহণ কৰা কৰ্কট ৰোগীৰ সংখ্যা হৈছে ২৭২৫১ গৰাকী । ইফালে ৰাজ্যিক কেঞ্চাৰ কেয়াৰ প্ৰতিষ্ঠানত ২০১৭ চনৰ পৰা চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহলৈ চিনাক্তকৰণ কৰা কৰ্কট ৰোগীৰ সংখ্যা হৈছে ৩২৬০২ গৰাকী । ইয়াৰে ১৩৫৮৬ গৰাকী ৰোগীয়ে বৰ্তমান প্ৰতিষ্ঠানখনত চিকিৎসা গ্ৰহণ কৰি আছে ।
আনহাতে এন পি-এন চি ডি পৰ্টেল অনুসৰি অসমত এই পৰ্যন্ত চিনাক্ত কৰা কৰ্কট ৰোগীৰ সংখ্যা হৈছে ২৬২১ গৰাকী । ইয়াৰে মুখগহ্বৰ হোৱা কৰ্কট ৰোগীৰ সংখ্যা ২৩৭১ গৰাকী, স্তনত হোৱা কৰ্কট ৰোগীৰ সংখ্যা ১৫২ গৰাকী আৰু জৰায়ুত হোৱা কৰ্কট ৰোগীৰ সংখ্যা ৯৮ গৰাকী ।

ইণ্ডিয়ান কাউন্সিল অব মেডিকেল ৰিছাৰ্চ আৰু ডাঃ ভূবনেশ্বৰ বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ তথ্য অনুসৰি ৰাজ্যখনত প্ৰতিবছৰে প্ৰায় ৪০ হাজাৰৰ পৰা ৪৬ হাজাৰ লোক কৰ্কট ৰোগত আক্ৰান্ত হয় । কৰ্কট ৰোগৰ এই উদ্বেগজনক তথ্য খোদ ৰাজ্য চৰকাৰৰ ।
লগতে পঢ়ক : ধূমপান নকৰা মহিলাসকলৰ ক্ষেত্ৰত কিয় বৃদ্ধি পাইছে হাওঁফাওঁৰ কৰ্কট ৰোগ ? লগতে পঢ়ক : কৰ্কট ৰোগৰ চিকিৎসা: অসমত স্থাপন হ’ব দেশৰ তৃতীয়টো প্ৰ’টন থেৰাপী কেন্দ্ৰ |
- মুখগহ্বৰত হোৱা কৰ্কট ৰোগীৰ সংখ্যা বেছি :
ৰাজ্য চৰকাৰে এন চি ডি পৰ্টেল অনুসৰি দিয়া তথ্য অনুসৰি ৰাজ্যৰ ধেমাজি জিলাত মুখগহ্বৰত হোৱা কৰ্কট ৰোগীৰ সংখ্যা সৰ্বাধিক ৮৩৪ গৰাকী । আনহাতে লখিমপুৰ জিলাত স্তন কৰ্কট ৰোগী সৰ্বাধিক ৩০ গৰাকী চিনাক্ত কৰা হৈছে ।
আনহাতে ডিব্ৰুগড় আৰু কামৰূপ দুয়োখন জিলাতে সৰ্বাধিক জৰায়ু মুখৰ কৰ্কট ৰোগী চিনাক্ত কৰা হৈছে । ডিব্ৰুগড় জিলাত চিনাক্ত কৰা মুখৰ কৰ্কট ৰোগীৰ সংখ্যা ১৬ গৰাকী আৰু কামৰূপ জিলাতো ১৬ গৰাকী । অসমৰ কামৰূপ জিলাৰ জনসংখ্যা তুলনামূলকভাৱে বেছি হোৱা বাবে কামৰূপ জিলাত কৰ্কট ৰোগীৰ সংখ্যাও আটাইতকৈ বেছি ।
- চৰকাৰী দৃষ্টিভংগীত কৰ্কট ৰোগ বৃদ্ধিৰ কাৰণসমূহ :
বিধানসভাত স্বাস্থ্যমন্ত্ৰীয়ে সদৰী কৰা অনুসৰি বৰ্তমান সময়ত সমগ্ৰ বিশ্বৰ লগতে অসমতো কৰ্কট ৰোগৰ প্ৰাদূৰ্ভাৱ দিনক দিনে বৃদ্ধি পাই আহিছে । যাৰ বাবে অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ অধীনস্থ আসাম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেচন, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান আৰু টাটা ট্ৰাষ্টৰ সহযোগত কৰ্কট ৰোগ নিয়ন্ত্ৰণ তথা প্ৰতিৰোধৰ বাবে অহৰহ প্ৰচেষ্টা চলাই থকা হৈছে । ৰাজ্যত কৰ্কট ৰোগ বৃদ্ধিৰ বিভিন্ন বিপদজনক কাৰকসমূহ হৈছে-
১. তামোল-পান, ধঁপাত সেৱন (ধোঁৱা আৰু ধোঁৱাবিহীন) অত্যাধিক মদ্যপান কৰা
২. অত্যাধিক মচলাযুক্ত খাদ্য আৰু গৰম পানীয় সেৱন
৩. ধোঁৱাজাতীয় খাদ্য সেৱন
৪. ফল-মূল আদি কমকৈ খোৱা
৫. খাদ্যত চ'ডাৰ (খাৰ) ব্যৱহাৰ
৬. এপষ্টেইন-বাৰ ভাইৰাছ (EBV), হিউমেন পেপিলোমা ভাইৰাছৰ (HPV) সংক্ৰমণ আৰু বংশগত কাৰক
লগতে পঢ়ক : আৰ্ছেনিকযুক্ত পানীয়ে গল-ব্লাডাৰত সৃষ্টি কৰিব পাৰে কৰ্কট ৰোগৰ : গৱেষণাৰ তথ্য লগতে পঢ়ক : আপুনি কমকৈ শুৱে নেকি ? তেন্তে সাৱধান! |
- কৰ্কট ৰোধ প্ৰতিৰোধৰ চৰকাৰী পদক্ষেপ :
মাৰাত্মক কৰ্কট ৰোগ প্ৰতিৰোধৰ বাবে চৰকাৰে গ্ৰহন কৰা পদক্ষেপসমূহ হৈছে -
১. ৰাজ্যৰ প্ৰতিখন জিলাতে জনসাধাৰণক সচেতন কৰাৰ উদ্দেশ্যে প্ৰচাৰ আৰু প্ৰসাৰ কার্যসূচী
২. ৩০ বছৰৰ উৰ্দ্ধৰ ব্যক্তিসকলৰ বাবে ৩টা সাধাৰণ কৰ্কট ৰোগৰ স্বাস্থ্য পৰীক্ষা
৩. আয়ুষ্মান আৰোগ্য মন্দিৰত আগতীয়াকৈ কৰ্কট ৰোগ চিনাক্তকৰণৰ বাবে স্বাস্থ্য পৰীক্ষা
৪. মহিলাসকলক স্তন পৰীক্ষাৰ সঠিক পদ্ধতিসমূহ শিকোৱাৰ লগতে নিয়মীয়াকৈ পৰামৰ্শ আগবঢ়োৱা
- অসমত কৰ্কট ৰোগৰ প্ৰভাৱ :
অসম চৰকাৰে সদনত দিয়া এই তথ্যৰ উপৰি অসমত কৰ্কট ৰোগীৰ হাৰ যথেষ্ট বেছি । কাৰণ বহু ৰোগীয়ে ব্যক্তিগত খণ্ডৰ হাস্পটালতো চিকিৎসা গ্ৰহণ কৰে তথা চিকিৎসাৰ বাবে বাহিৰলৈ যায় । যিবোৰ ৰোগী চৰকাৰী হিচাপত নাথাকে । তেনেস্থলত অসমত কৰ্কট ৰোগৰ পৰিসংখ্যাটো যথেষ্ট উদ্বেগজনক ।
লক্ষণীয় বিষয় যে অসমত প্ৰতি লাখ জনসংখ্যাৰ মাজত ২০৬ জন লোক কৰ্কট ৰোগত আক্ৰান্ত হয় । যিটো দেশৰ আক্ৰান্তৰ সংখ্যাতকৈ বেছি । ভাৰতত প্ৰতি লাখ জনসংখ্যাত ৮০ ৰ পৰা ১১০ জন লোক আক্ৰান্ত হয় । কৰ্কট ৰোগৰ ক্ষেত্ৰত অসমসহ উত্তৰ-পূৰ্বাঞ্চল দেশৰ ৰাজধানী ৰূপে পৰিগণিত হৈছে ৷
অসমত প্ৰত্যেক বছৰে প্ৰায় ২৫ হাজাৰ কৰ্কট ৰোগীৰ মৃত্যু হয় । দেশত বছৰি প্ৰায় ১৪ লাখ কৰ্কট ৰোগী নতুনকৈ চিনাক্ত হয় । ইয়াৰে ৮ লাখ লোক মৃত্যু মুখত পৰে । অসমত কৰ্কট ৰোগত সবাতকৈ বেছি লোক আক্ৰান্ত হয় কামৰূপ মহানগৰ জিলাত । জিলাখনৰ প্ৰতি এক লাখ পুৰুষৰ মাজত ২১৩ জন আৰু প্ৰতি এক লাখ মহিলাৰ মাজত ১৬৯ গৰাকী কৰ্কট ৰোগত আক্ৰন্ত হয় ।
সাধাৰণতে ৰাজ্যখনৰ পুৰুষসকলৰ ক্ষেত্রত মুখগহ্বৰ, খাদ্যনলী আৰু হাওঁফাওঁত হোৱা কৰ্কট ৰোগীৰ হাৰ সৰ্বাধিক । ইয়াৰ বিপৰীতে মহিলাসকলৰ ক্ষেত্রত স্তন আৰু জৰায়ুত হোৱা কৰ্কট ৰোগীৰ সংখ্যা সৰ্বাধিক । অসম তথা উত্তৰ-পূৰ্বাঞ্চলত ধঁপাত সেৱন, মদ্যপান আৰু খাদ্যাভ্যাসৰ বাবে অধিক লোক কৰ্কট ৰোগত আক্ৰান্ত হয় । অসমৰ চিনাক্ত হোৱা মুঠ কৰ্কট ৰোগীৰ ৪৮ শতাংশই ধঁপাত সেৱনকাৰী ৷