হয় অসম এৰি যা, নহ'লে পচলা কটা দিম: এইবাৰ অবৈধ বাংলাদেশীৰ বিৰুদ্ধে হুংকাৰ অসমীয়া যুৱ মঞ্চৰ
আমগুৰিত অবৈধ বাংলাদেশীৰ বিৰুদ্ধে তীব্ৰ হুংকাৰ । চৰম সকীয়নি অসমীয়া যুৱ মঞ্চৰ । অখিল গগৈকো লাভ জেহাদী আখ্যা ।

Published : August 8, 2025 at 4:14 PM IST
আমগুৰি : এইবাৰ আমগুৰিত অবৈধ বাংলাদেশীৰ বিৰুদ্ধে হুংকাৰ অসমীয়া যুৱ মঞ্চৰ । আজিৰ পৰাই অবৈধ বাংলাদেশীক উজনি অসম এৰি যাবলৈ চৰম সকীয়নি । নহ'লে পচলা কটা দিব বুলিও হুংকাৰ অসমীয়া যুৱ মঞ্চৰ । আনহাতে, শিৱসাগৰৰ বিধায়ক অখিল গগৈকো লাভ জেহাদী আখ্যা অসমীয়া যুৱ মঞ্চৰ ।
আনহাতে, বিধায়ক অখিল গগৈলৈয়ো তীব্ৰ বাক্যবাণ অসমীয়া যুৱ মঞ্চৰ । "অসমত এজন লাভ জেহাদী ওলাইছে । তেওঁৰ নামটো হৈছে অখিল গগৈ । চুমা খাই খাই উচ্ছেদিত মহিলাৰ লগত যিটো প্ৰেম আৰম্ভ কৰিছে এই প্ৰেমেৰে কিন্তু তেওঁ এইবাৰ শিৱসাগৰৰ পৰা জিকিব নোৱাৰিব । তেওঁ ৰাজনৈতিক মুনাফাৰ কাৰণে অসমীয়াৰ স্বাভিমানৰ বুকুত যিটো গোৰ মাৰিছে অখিল গগৈয়ে, তেওঁ সিদিনা সংবাদমেলত কৈছে তেওঁ হেনো অসমৰ এক নম্বৰ সংগঠন । এক নম্বৰ সংগঠনে এনেদৰে বাংলাদেশী মিঞাক বুকুৰ মাজত সাৱটি লোৱা দেখাৰ পৰা মোৰ নিজকে এজন অসমীয়া বুলি কোৱাত শংকা অনুভৱ হৈছে ।" এই মন্তব্য অসমীয়া যুৱ মঞ্চৰ মুখ্য সাংগঠনিক সম্পাদক বৈকুণ্ঠ প্ৰিন্স পাঠকৰ ।
ইফালে অবৈধ বাংলাদেশীৰ বিৰুদ্ধে অসমীয়া যুৱ মঞ্চৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সম্পাদক আকাশ শইকীয়াৰ হুংকাৰ, "জোঁৰ পুৰি হাত পালেহি, আমি কিন্তু আইন হাতত তুলি ল'বলৈ বাধ্য হ'ব । পচলা কটা দি কাটিবলৈ বাংলাদেশী মিঞাক কিন্তু বাধ্য হৈ যাম । যোৱানিশা আমাৰ এজনী অসমীয়া ছোৱালী বাংলাদেশী লম্পটে পলুৱাই লৈ গুচি গ'ল । আমাৰ কিন্তু ধৈৰ্যৰ বান্ধ ছিঙি গৈছে ... চিধা কথা আজিৰে পৰা উজনি অসম ত্যাগ কৰক, উজনি-নামনি বুলি কথা নাই সমগ্ৰ অসম এৰি গুচি যাওক ।"
আনহাতে, অসমীয়া যুৱ মঞ্চৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক অনুপম শইকীয়াই কয়, "অসমত মিঞাই দুটা জেহাদ চলাইছে- লাভ জেহাদ আৰু ভূমি জেহাদ । মিঞাৰ এই দুটা ডাঙৰ পলিচি । অসমৰ চৰকাৰী ভূমি দখল কৰি নিশাটোৰ ভিতৰতে জামাই গাঁও প্ৰতিষ্ঠা কৰিছে অবৈধ মিঞাই । শিৱসাগৰৰ ইউনিচ তামুলী খিলঞ্জীয়া মুছলমানৰ বদন । অবৈধ বাংলাদেশী আৰু মিঞাক ইউনিচ তামুলীৰ দৰে বদনে ৰক্ষণাবেক্ষণ দি আহিছে । এই বদনক চিনাক্ত কৰিব লাগে ।"
উল্লেখ্য যে শুকুৰবাৰে অসমীয়া যুৱ মঞ্চৰ আমগুৰিস্থিত কাৰ্যালয়ত সংবাদমেল সম্বোধন কৰে সংগঠনটোৰ নেতৃবৃন্দই । আনহাতে, অসমীয়া যুৱ মঞ্চই বৈকুণ্ঠ প্ৰিন্স পাঠকক সংগঠনটোৰ মুখ্য সাংগঠনিক সম্পাদকৰ দায়িত্ব প্ৰদান কৰে ।

