ETV Bharat / state

বিতৰ্কত অসম সাহিত্য সভা : পুনৰ ভোটগণনাৰ আহ্বান সভাপতি পদৰ প্ৰাৰ্থী উপেন ৰাভা হাকাচামৰ

ড৹ সূৰ্যকান্ত হাজৰিকাৰ ঘোষণা-“পুনৰ নহয় ভোটগণনা । উপেন ৰাভা হাকাচামৰ আনুষ্ঠানিক প্ৰতিনিধিয়ে সভাপতিৰ ফলাফলত স্বাক্ষৰ কৰাৰ পিছতহে ঘোষণা কৰা হৈছিল সভাপতিৰ ফলাফল ।”

Recount of Vote Assam Sahitya Sobha Election
বিতৰ্কত অসম সাহিত্য সভা (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : December 30, 2024 at 3:47 PM IST

|

Updated : December 30, 2024 at 4:07 PM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী : মাৰ-পিটতে শেষ হোৱা নাই সাহিত্য সভাৰ নিৰ্বাচনী বিতৰ্ক । এইবাৰ অসম সাহিত্য সভাৰ সভাপতিৰ নিৰ্বাচনত ভোটগণনাত আসোঁৱাহ বিতৰ্ক ! ভোটগণনা পদ্ধতিটোকে আসোঁৱাহপূৰ্ণ আখ্যা দি সমস্ত প্ৰক্ৰিয়াটোৰ পুনৰ বিবেচনা কৰিবলৈ নিৰ্বাচনী সমিতিক আহ্বান জনাইছে সভাপতি পদৰ প্ৰাৰ্থী উপেন ৰাভা হাকাচমে ৷ বিপৰীতে সাহিত্য সভাৰ ঘোষণা, পুনৰ কৰা নহয় ভোটগণনা । নিয়ম অনুসাৰেই হৈছে ভোটগণনা ।

দেওবাৰে উত্তৰ গুৱাহাটীৰ দদৰাত অসম সাহিত্য সভাৰ ২০২৫-২৭ বৰ্ষৰ বিভিন্ন বিষয়-বাবৰ বাবে হোৱা নিৰ্বাচনৰ ভোটগণনা অনুষ্ঠিত হয় ৷ অসম সাহিত্য সভাৰ সভাপতি হিচাপে নিৰ্বাচিত হ'ল সাহিত্যিক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক ড৹ বসন্ত কুমাৰ গোস্বামী । গোস্বামীয়ে মুঠ ৪০৪টা ভোট লাভ কৰি সভাপতি হিচাপে নিৰ্বাচিত হয় ৷

বিতৰ্কত অসম সাহিত্য সভা (ETV Bharat)

আনহাতে তেওঁৰ প্ৰতিদ্বন্দ্বী বিশিষ্ঠ গৱেষক-সাহিত্যিক ড৹ উপেন ৰাভা হাকাচামে ৩২৫ টা ভোট লাভ কৰি ৭৯ টা ভোটত পৰাস্ত হয় । তাৰ পাছতেই উপেন ৰাভা হাকাচামে অসম সাহিত্য সভাৰ নিৰ্বাচন সমিতি আৰু উচ্চ ক্ষমতা সম্পন্ন সমিতিলৈ ভোট গণনাৰ বিষয়টি পুনৰ বিবেচনা কৰিবলৈ আহ্বান জনাই পত্ৰ প্ৰেৰণ কৰে ।

বিশিষ্ট গৱেষক-সাহিত্যিক উপেন ৰাভা হাকাচামে ভোটগণনাত আসোঁৱাহ দেখুৱাই পুনৰ বিবেচনাৰ পিছতহে ফলাফল ঘোষণা কৰিবলৈ আহ্বান জনাইছে । সভাপতিৰ বেলট কাকত খোলা ঠাইৰ পৰা আন ঠাইলৈ নি গননা কৰাৰ অভিযোগ উত্থাপন কৰিছে উপেন ৰাভা হাকাচামে ।

তেওঁ পত্ৰখনত উল্লেখ কৰিছে, “যোৱা ৫/১২/২৪ তাৰিখে মেঘদূত ভৱনত বন্ধ কৰা বেলট বাকচসমূহ যি ঠাইত খোলা হৈছে তাৰ পৰা সভাপতিৰ বেলট পেপাৰবোৰ স্থানান্তৰ কৰি অইন ঠাইত গননা কৰা হৈছে ৷”

Assam Sahitya Sobha Election
অসম সাহিত্য সভা (ETV Bharat)
লগতে পঢ়ক : ভোটগণনাৰ পূৰ্বে মাৰপিট; পুনৰ বিতৰ্কত অসম সাহিত্য সভা

লগতে ড৹ হাকাচামৰ বিস্ফোৰক অভিযোগ যে সভাপতিৰ বেলটবোৰ স্থানান্তৰ কৰোতে চাৰি ঘণ্টা সময় লৈছে । সেয়ে সমগ্ৰ নিৰ্বাচনী ভোটগণনা প্ৰক্ৰিয়াটো পুনৰ বিবেচনা পিছতহে ফলাফল গণনাৰ বাবে দেওবাৰে নিশা আবেদন জনাইছিল উপেন ৰাভা হাকাচামে ৷ আনহাতে হাকাচামৰ আহ্বান নেওচি দেওবাৰেই নিশা ফলাফল ঘোষণা কৰা হয় ৷

সোমবাৰে এই প্ৰসংগত অসম সাহিত্য সভাৰ সভাপতি সূৰ্যকান্ত হাজৰিকাই স্পষ্ট কৰি দিয়ে যে পুনৰ কৰা নহয় ভোট গননা । ড৹ হাকাচামৰ অভিযোগ খাৰিজ কৰি সভাপতি হাজৰিকাৰ মন্তব্য, “দেওবাৰে নিৰ্ধাৰিত নিয়ম অনুসৰিয়েই ভোটগণনাৰ পিছত ফলাফল ঘোষণা কৰা হৈছিলো । মেঘদূত ভৱনৰ পৰাই নিৰ্বাচনী ভোটগণনা প্ৰক্ৰিয়া আৰম্ভ হৈছিল । ছীল হৈ থকা বেলট বাকচ প্ৰতিনিধি সভাৰ মঞ্চত দেখুওৱাৰ পিছতহে গণনাৰ বাবে লৈ যোৱা হৈছিল ।’’

‘‘আনহাতে ভোটগণনাৰ পিছত সভাপতি পদৰ প্ৰাৰ্থী ড৹ উপেন ৰাভা হাকাচামৰ প্ৰতিনিধিয়ে ফলাফলত সন্মতি জনাই স্বাক্ষৰ কৰাৰ পিছতহে সভাপতি পদৰ ফলাফল ঘোষণা কৰা হৈছিল দেওবাৰে ৷ গতিকে পুনৰ ভোটগণনা নহয় ৷” সূৰ্যকান্ত হাজৰিকাই কয় ৷

লগতে পঢ়ক : অসম সাহিত্য সভা দুৰ্নীতি শূন্য হ'ব : ড৹ বসন্ত কুমাৰ গোস্বামী

লগতে পঢ়ক : অসম সাহিত্য সভাৰ নতুন সভাপতি ড৹ বসন্ত কুমাৰ গোস্বামী

Last Updated : December 30, 2024 at 4:07 PM IST