ETV Bharat / state

এছিয়াৰ সৰ্ববৃহৎ চাহ বাগিচাখন চাই আহোগৈ আহক...

বছৰি বাগিচাখনত ১ কোটি ১৭ লাখ কিলো কেঁচা চাহ উৎপাদন হয় । সাংবাদিক শ্ৰীমন্ত দাসৰ বিশেষ প্ৰতিবেদন ৷

Monabarie Tea Estate
এছিয়াৰ সৰ্ববৃহৎ চাহ বাগিচাখন (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : March 11, 2025 at 5:12 PM IST

|

Updated : March 26, 2025 at 2:25 PM IST

5 Min Read
Choose ETV Bharat

বিশ্বনাথ: বিশ্বত চাহ উৎপাদনৰ ক্ষেত্ৰত এক বিশেষ স্থান আছে অসমৰ ৷ চাহ উৎপাদৰ ক্ষেত্ৰত ভাৰতক বিশ্বৰ ভিতৰতে দ্বিতীয় স্থানলৈ উন্নীত কৰাত বিশেষ অৰিহণা আছে অসমৰ চাহ বাগিচাসমূহৰ ৷ চাহ জনজাতি কল্যাণ সঞ্চালকালয়ৰ তথ্য অনুসৰি অসমত বৰ্তমান ৮০৩ খন চাহ বাগিচা আছে । ইয়াৰ ভিতৰত আটাইতকৈ অধিক কৰ্মচাৰী আৰু ভূমি থকা চাহ বাগিচাখন হৈছে উত্তৰ অসমৰ বিশ্বনাথ জিলাৰ বিহালী সমষ্টিৰ মোনাবাৰী চাহ বাগিচা ।

কিমান শ্ৰমিক কৰ্মৰত ?

এই মোনাবাৰী চাহ বাগিচাখন এছিয়াৰ ভিতৰতে সৰ্ববৃহৎ চাহ বাগিচা হিচাপে চিহ্নিত হৈছে । চাহ বাগিচাখন প্ৰায় ১৩৬৭.৩8 হেক্টৰ ভূমিয়ে আৱৰি আছে ৷ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষে বিস্তৃত চাহ বাগিচাখন হৈছে উইলিয়ামছন মেগৰ গ্ৰুপৰ মেকল'ড ৰাছেল ইণ্ডিয়া লিমিটেডৰ অধীন ৷ ব্ৰিটিছৰ দিনতে স্থাপন হোৱা বাগিচাখনত বৰ্তমান কৰ্মৰত প্ৰায় ৩৫৯০ গৰাকীৰো অধিক শ্ৰমিক আছে বুলি প্ৰকাশ কৰে বাগিচাখনৰ পৰিচালক মৃনাল শৰ্মাই । মৃনাল শৰ্মাই জনোৱা অনুসৰি চাহ বাগিচাখনৰ ৩৫৯০ গৰাকী কৰ্মচাৰীৰ ভিতৰত স্থায়ী কৰ্মচাৰী ২৪০০ গৰাকী আৰু অস্থায়ী ১০০০ গৰাকী । তদুপৰি ষ্টাফ ৯৬ গৰাকী, উপ-কৰ্মচাৰী ৯০ গৰাকী থকাৰ বিপৰীতে বাগিচাখনত ২ গৰাকী চিকিৎসকসহ ৯ গৰাকী পৰিচালক আছে ।

এছিয়াৰ সৰ্ববৃহৎ চাহ বাগিচাখন (ETV Bharat Assam)

কেনেধৰণৰ সা-সুবিধা আছে ?

ইফালে, বাগিচাখনৰ জনসংখ্যা হৈছে ১০ হাজাৰ ৫০০ ৰো অধিক । আনহাতে এই চাহ বাগিচাখনত আছে নিজা এখন চিকিৎসালয়, ৩ টা উপ-স্বাস্থ্য কেন্দ্ৰ, ৪ খন নিজা প্ৰাথমিক বিদ্যালয় । আনহাতে, বছৰি বাগিচাখনত ১ কোটি ১৭ লাখ কিলো কেঁচা চাহ উৎপাদনৰ বিপৰীতে ২৬ লাখ কেজি শুকান চাহ উৎপাদন হয় । এই চাহ পৃথিৱীৰ কেইবাখনো দেশলৈ ৰপ্তানি হয় বুলি উল্লেখ কৰে পৰিচালক মৃণাল শৰ্মাই ।

Monabarie Tea Estate
মোনাবাৰী: এছিয়াৰ সৰ্ববৃহৎ চাহ বাগিচা (ETV Bharat Assam)

কি কি উৎসৱ পালন কৰা হয় ?

ইফালে, এই চাহ বাগিচাত নিজাকৈ আয়োজন কৰা বিভিন্ন উৎসৱ হৈছে বিশ্বকৰ্মা পূজা, দূৰ্গা পূজা, ৰাস মহোৎসৱ, কাৰ্তিক পূজা, লক্ষী পূজা, উৰুকাৰ লগতে উৰিয়াসকলৰ ন-খোৱা ইত্য়াদি । আনহাতে, বাগিচাখনৰ শ্ৰমিকসকলে লাভ কৰা সুবিধাসমূহ হৈছে- প্ৰতিগৰাকী শ্ৰমিকক বিনামূলীয়া স্বাস্থ্যসেৱা, ঔষধ যোগান, বিশুদ্ধ পানী যোগান , বিদ্যুৎ যোগানৰ লগতে কৰ্মৰত অৱস্থাত যিকোনো দুৰ্ঘটনা হ'লে সম্পূৰ্ণ চিকিৎসা খৰচ বহন কৰা ব্যৱস্থা আছে ।

Monabarie Tea Estate
এছিয়াৰ সৰ্ববৃহৎ চাহ বাগিচাখনৰ কলঘৰ (ETV Bharat Assam)

প্ৰতিগৰাকী শ্ৰমিকক সপ্তাহত ৩.২৫ কেজি চাউল, আটা ৫০ পইচা দৰত যোগান ধৰা হয় । বৰ্তমান সেই চাউলৰ বজাৰৰ মূল্য প্ৰতি কিলো ৪০/৫০ টকা আৰু আটা হৈছে ৪০ টকা । আনহাতে, একমাত্ৰ শ্ৰমিকেই এই সুবিধা লাভ কৰে এনে নহয় । শ্ৰমিকগৰাকীৰ ঘৰত ১ পৰা ১৮ বছৰৰ ল'ৰা-ছোৱালী থকিলে তেওঁলোকৰ বাবেও সেই সুবিধা বাগিচাখনে প্ৰদান কৰে বুলি প্ৰকাশ কৰে পৰিচালক মৃণাল শৰ্মাই ।

Monabarie Tea Estate
এছিয়াৰ সৰ্ববৃহৎ চাহ বাগিচাখন (ETV Bharat Assam)

আনহাতে, বাগিচাখনৰ শিক্ষিত যুৱক তথা মোনাবাৰী হাইস্কুল স্কুলৰ পৰিচালনা সমিতিৰ সভাপতি ৰবিন তাছাই কয়, "আমি এনে এখন চাহ বাগিচাত জন্মগ্ৰহণ কৰিলো যিখন হৈছে এছিয়াৰ ভিতৰতে সৰ্ববৃহৎ চাহ বাগিচা । এই চাহ বাগান আমাৰ গৌৰৱ, অসমৰ গৌৰৱ । আমাৰ চাহ বাগিচাখনত একমাত্ৰ আদিবাসী চাহ জনগোষ্ঠীৰ লোকেই নাই, বিভিন্ন জাতি-জনগোষ্ঠীৰে ভৰা । বাগিচাখনত আছে নামঘৰ, মন্দিৰ য'ত প্ৰতিজন জাতি-জনগোষ্ঠীৰ মাজত এক সু-সৰ্ম্পকৰ লগতে বাগিচাখনতো বিভিন্ন জাতি-জনগোষ্ঠীৰ লোকে একেলগে কাম কৰি জীৱন নিৰ্বাহ কৰি অহা আমি দেখা পাইছো । সৰুৰে পৰাই বাগিচাখনৰ পৰিৱেশ দেখি আহিছো । ইয়াৰ পৰিচালকৰ লগতে কোম্পানীয়ে সদায় শ্ৰমিকসকল উপকৃত হোৱাৰ বাবে কাম কৰি আছে ।"

Monabarie Tea Estate
এছিয়াৰ সৰ্ববৃহৎ চাহ বাগিচা মোনাবাৰী (ETV Bharat Assam)

তেওঁ লগতে কয়, "আমাৰ এই চাহ বাগিচাখনে বিশেষকৈ বাগিচাৰ ল'ৰা-ছোৱালীসকলৰ বাবে এখন বৃহৎ খেলপথাৰৰ ব্যৱস্থা কৰিছে, যিখন খেলপথাৰত পৃথিৱীৰ অন্য দেশৰ ফুটবল খেলুৱৈয়ে প্ৰশিক্ষণ দি আমাৰ বাগিচাৰ ল'ৰা-ছোৱালীক ৰাজ্যিক, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খেল খেলিব পৰাকৈ এক সুযোগ প্ৰদান কৰিছে ।"

Monabarie Tea Estate
এছিয়াৰ সৰ্ববৃহৎ চাহ বাগিচাখন (ETV Bharat Assam)

স্বাধীনভাৱে অভাৱ-অভিযোগ প্ৰকাশ কৰিব নোৱাৰে শ্ৰমিকে :

এই বিষয়ে শ্ৰমিকসকলৰ পৰা জানিব বিচৰাত এগৰাকী শ্ৰমিকে কয়, "আমি ঘৰত থাকিব নোৱোৰো । আমি সদায় বাগানলৈ আহি ভাল পাওঁ, কাম কৰি আনন্দ উপভোগ কৰো ।" উল্লেখ যে বৰ্তমানত অসমৰ চাহ উদ্যোগৰ ক্ষেত্ৰত আহি পৰা ভয়াৱহ সংকটৰ সময়ত এই বৃহৎ বাগিচা কৰ্তৃপক্ষই শ্ৰমিকসকলক সকলো সা-সুবিধা প্ৰদান কৰি আহিছে যদিও বহু অভাৱ এতিয়াও আছে শ্ৰমিকসকলৰ ৷ কিন্তু দুৰ্ভাগ্যজনক কথাটো হ’ল, এইসকল শ্ৰমিকে কোনোদিনে স্বাধীনভাৱে নিজৰ অভাৱ-অভিযোগ প্ৰকাশ কৰিব নোৱাৰে সংবাদ মাধ্যমত । কিন্তু তাৰ বিপৰীতে শ্ৰমিকসকলৰ হৈ মাত মাতি অহা অসম চাহ মজদুৰ সংঘই বাগিচাখনৰ শ্ৰমিকসকলৰ সা-সুবিধা, অভাৱ পূৰণ কৰিবলৈ সদায় দাবী জনাই আহিছে ।

Monabarie Tea Estate
মোনাবাৰী চাহ বাগিচাৰ নামঘৰ (ETV Bharat Assam)

কোনো অসুবিধা নোহোৱাকৈ বৰ্তমানলৈকে মোনাবাৰী চাহ বাগিচা কৰ্তৃপক্ষই বাগিচাখন জীয়াই ৰাখিছে ‌। অৱশ্য়ে প্ৰকৃতিৰ ৰুষ্ট ৰূপৰ ফলত বাগিচাখনৰ কেঁচাপাত উৎপাদন হ্ৰাস পোৱাৰ লগতে অসমৰ সেউজীয়া চাহপাতৰ মূল্য কম হোৱা বাবেই চাহ উদ্যোগটো বৃহৎ লোকচানৰ সন্মুখীন হৈছে ।

Monabarie Tea Estate
মোনাবাৰী চাহ বাগিচাৰ খেলপথাৰ (ETV Bharat Assam)

লগতে পঢ়ক:চাহ শ্ৰমিকৰ মাজলৈ গৈ সমস্যাৰ বুজ ল'বলৈ বিষয়াক নিৰ্দেশ শ্ৰমমন্ত্ৰীৰ - TEA TRIBE WELFARE DEPARTMENT

এতিয়া আৰু চিন্তা নাই; ৰাজ্যৰ ৩৫৪ খন চাহ বাগিচাত স্থাপন হ’ব আয়ুষ্মান আৰোগ্য মন্দিৰ - AYUSHMAN AROGYA MANDIR

Last Updated : March 26, 2025 at 2:25 PM IST