ETV Bharat / state

অশোকাষ্টমীৰ মেলা; শিলঘাটত সহস্ৰাধিকে কৰিলে পবিত্ৰ স্নান - ASHOKASHTAMI HOLY BATH

অশোকাষ্টমী উপলক্ষে লোকাৰণ্য শিলঘাটৰ ব্ৰহ্মপুত্ৰৰ ঘাট । ৭ দিনীয়াকৈ আয়োজন কৰা হৈছে অশোকাষ্টমী বিশেষ মেলাৰ ।

Ashokashtami 2025
শিলঘাটত সহস্ৰাধিকে কৰিলে পবিত্ৰ স্নান (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : April 5, 2025 at 11:52 AM IST

3 Min Read

কলিয়াবৰ : আজি পবিত্ৰ অশোকাষ্টমী । জনবিশ্বাস অনুসৰি এই দিনটোতে পবিত্ৰ গংগাৰ পানী ব্ৰহ্মপুত্ৰত মিলিত হয় । যাৰ বাবে এই বিশেষ দিনটোত ব্ৰহ্মপুত্ৰত স্নান কৰিলে পাপ খণ্ডন হয় বুলি কোৱা হয় । সেয়েহে ব্ৰহ্মপুত্ৰৰ বিভিন্ন স্থানত চ'ত মাহৰ শুক্লাষ্টমীৰ বিশেষ দিনটোত লোকসকলে পবিত্ৰ স্নান কৰা দেখা গৈছে । অশোকাষ্টমী উপলক্ষে নগাঁও জিলাৰ শিলঘাটৰ ব্ৰহ্মপুত্ৰৰ ঘাটতো হাজাৰ হাজাৰ লোকৰ সমাগম হৈছে ।

অসমৰ দ্বিতীয় শক্তিপীঠ কামাখ্যা দেৱালয়ত অনুষ্ঠিত সপ্তমী বাসন্তী পূজাৰ পৰৱৰ্তী অষ্টমীৰ দিনটোৰে পৰা শিলঘাটৰ কামাখ্যা দেৱালৰ পাদদেশত ব্ৰহ্মপুত্ৰৰ পাৰত অনুষ্ঠিত হৈছে বিশাল অশোকাষ্টমী মেলাৰ । এই পবিত্ৰ স্নানৰ সমান্তৰালকৈ বাণিজ্যিক মেলালৈও ভক্তৰ সমাগম দেখা গৈছে । কলিয়াবৰৰ লুইতৰ পাৰত এইবাৰ আয়োজন কৰা ১০৬ সংখ‍্যক শিলঘাট অশোকাষ্টমী মেলাত শ শ অস্থায়ী ব্যৱসায়িক প্ৰতিষ্ঠানৰ সমাগম দেখা গৈছে ।

শিলঘাটত সহস্ৰাধিকে কৰিলে পবিত্ৰ স্নান (ETV Bharat)

১৯৩৫ চনতেই ব্ৰিটিছে পতা শিলঘাট টাউনৰ কামাখ‍্যা পাহাৰস্থিত কামাখ‍্যা মন্দিৰৰ নামনিত অশোকাষ্টমীৰ স্নান আৰম্ভ হোৱাৰ প্ৰমাণিক তথ‍্য নাই যদিও ব্ৰিটিছ শাসন কালত উন্নত যাতায়ত ব‍্যৱস্থাৰ বাবে বহিঃ স্থানৰ বাবে ভক্তৰ সমাগম বৃদ্ধি পাইছিল । যাৰ ফলত প্ৰসাৰ আৰু প্ৰচাৰ দুয়োটাই বৃদ্ধি পালে । প্ৰতি বছৰে অশোকাষ্টমী তিথিত হাজাৰ হাজাৰ ভক্তই শিলঘাট কামাখ‍্যা পাহাৰৰ নামনিৰ ব্ৰহ্মপুত্ৰত পবিত্ৰ স্নান কৰে । ভক্তৰ সমাগম বৃদ্ধিৰ লগে লগে স্নান ঘাটত আৰম্ভ হ'ল চিৰা, গুৰ, কল আদিৰ ব্যৱসায়ো ।

স্নানৰ সময়ত বা পিছত প্ৰয়োজনীয় সামগ্ৰীৰ বিপনিও গঢ়ি উঠিল । এনে পৰিস্থিতিত এদিনীয়া অশোকাষ্টমীক স্থানীয় লোকসকলে এসপ্তাহলৈ উদযাপিত কৰিবলৈ ধৰিলে । যাৰ বাবে ই কলিয়াবৰৰ এক বাৰ্ষিক উৎসৱ হিচাপে পৰিগণিত হৈছে । নগাঁও জিলাৰ এসময়ৰ ব্ৰিটিছ নগৰী শিলঘাটত অশোকাষ্টমী স্নানৰ সমান্তৰালকৈ কেতিয়াৰ পৰা অশোকাষ্টমী মেলা আৰম্ভ হ'ল সেয়াও কোৱা কঠিন যদিও ১৯২১ চনৰ পৰা অশোকাষ্টমী মেলা আৰম্ভ হৈছিল বুলি জনশ্ৰুতি আছে । মেলা অনুষ্ঠিত হৈ অহা দিনৰে পৰা মেলাৰ সু-পৰিচালনাৰ বাবে এখন পৰিচালনা সমিতি গঠন কৰা হৈছিল যদিও ১৯৩৯ চনত 'শিলঘাট অশোকাষ্টমী মেলা সমিতি' নামেৰে এক স্থায়ী সমিতি গঠন কৰা হয় ।

Ashokashtami 2025
শিলঘাট অশোকাষ্টমী মেলা (ETV Bharat)

এগৰাকী উদ্যোক্তাই কয়,"অসম তথা উত্তৰ-পূৰ্বাঞ্চল আৰু ভাৰতৰো বিভিন্ন স্থানৰ পৰা শিলঘাটৰ কামাখ্যা মন্দিৰৰ নিচেই কাষেৰে বৈ যোৱা ব্ৰহ্মপুত্ৰত স্নান কৰিবলৈ অগণন ভক্তৰ সমাগম হয় । সেই তীৰ্থযাত্ৰীসকলৰ সা-সুবিধাৰ বাবেই শিলঘাটৰ স্বনামধন্য ব্যক্তিসকলৰ দ্বাৰা ১৯১৯ চনৰ পৰাই ইয়াত অশোকাষ্টমীৰ যো-জা কৰি থকা হৈছে ।"

লগতে পঢ়ক :বিহুৱে নঙলা খোলো খোলো... ! নাচনীৰ গচকত দূবৰি মৰিছে-বৰটি টানি ঢুলীয়াও ওলাইছে - BOHAG BIHU 2025

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.