ETV Bharat / state

জুবিনৰ ৰচনা সমগ্ৰ প্ৰকাশ পাব তিনিটা ভাষাত: সাহিত্য সভাৰ ব্যতিক্ৰমী প্ৰয়াস

অসমীয়া, ইংৰাজী, হিন্দী ভাষাত প্ৰকাশ পাব জুবিনৰ সমগ্ৰ ৰচনা । তামিল, তেলুগু, কান্নাড়া আৰু মালয়ালম ভাষাত প্ৰকাশৰো ব্যৱস্থা কৰিব ।

Zubeen Garg's songs
জুবিনৰ ৰচনা সমগ্ৰ প্ৰকাশ পাব তিনিটা ভাষাত: সাহিত্য সভাৰ ব্যতিক্ৰমী প্ৰয়াস (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : September 25, 2025 at 8:12 PM IST

3 Min Read
Choose ETV Bharat

যোৰহাট: জুবিন গাৰ্গ নামৰ অসম আকাশৰ সৰ্বোজ্জ্বল নক্ষত্ৰটি খহি পৰাৰ খবৰে অসমৰ জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে সকলোকে মৰ্মাহত কৰিছে । এতিয়াও স্বাভাৱিক হ'ব পৰা নাই অসমবাসী । মৰ্মাহত অসমৰ জাতীয় অনুষ্ঠান অসম সাহিত্য সভাও ।

সেয়ে বৃহস্পতিবাৰে অসম সাহিত্য সভা মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদমেল সম্বোধন কৰি অসম সাহিত্য সভা সভাপতি ড৹ বসন্ত কুমাৰ গোস্বামীয়ে কয় যে জুবিন গাৰ্গ নামৰ জাতীয় সত্তাটোক হেৰুৱাই জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে সকলো মৰ্মাহত । জুবিনৰ শত্ৰু, তোষামোদকাৰীসকলক বিচাৰি উলিয়াই চৰকাৰে শাস্তিৰ ব্যৱস্থা কৰিলেহে জুবিনৰ মানৱতাবাদী দৰ্শনে পূৰ্ণতা লাভ কৰিব । লগতে কয় যে জুবিন গাৰ্গ নামৰ সত্তাটো বিশ্ব দীপালি । সেয়ে দোষীক শাস্তি দিলে চৰকাৰৰ ভূমিকাও বিশ্বৰ সন্মুখত উজ্জ্বল হৈ ধৰা দিব ।

জুবিনৰ ৰচনা সমগ্ৰ প্ৰকাশ পাব তিনিটা ভাষাত: সাহিত্য সভাৰ ব্যতিক্ৰমী প্ৰয়াস (ETV Bharat Assam)

সাহিত্য সভাৰ সভাপতিগৰাকীয়ে লগতে কয় যে অসম সাহিত্য সভাই জনতা আৰু বিশ্ববৰেণ্য শিল্পী জুবিন গাৰ্গক ভাৰতৰ সৰ্বোচ্চ সন্মান ভাৰতৰত্ন প্ৰদানৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ পত্ৰ প্ৰেৰণ কৰাৰ লগতে অসম চৰকাৰকো সহযোগ আগবঢ়াবলৈ ইতিমধ্যে আবেদন জনাই পত্ৰ দিছে ।

জুবিন গাৰ্গৰ গীত-কবিতা প্ৰকাশ হ'ব হিন্দী, অসমীয়া আৰু ইৰাজী ভাষাত

আনহাতে, অসম সাহিত্য সভাৰ সভাপতি ড৹ বসন্ত কুমাৰ গোস্বামীয়ে কয়, "অসম সাহিত্য সভাই জুবিন গাৰ্গৰ সমগ্ৰ ৰচনা (গীত, কবিতা) অসমীয়া ,ইংৰাজী আৰু হিন্দীত প্ৰকাশ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে । ২০২৬ চনৰ মধ্যভাগতে তিনিওটা ভাষাত ৰচনাৱলী প্ৰকাশ কৰিব পৰাকৈ ইতিমধ্যে আঁচনি যুগুত কৰি গীতসমূহ সংগ্ৰহৰ ব্যৱস্থা কৰা হৈছে ।"

প্ৰকাশ পাব তামিল, তেলুগু, কান্নাড়া আৰু মালয়ালম ভাষাত

তেওঁ লগতে কয়, "এই কাৰ্য শেষ হোৱাৰ পিছত পুনৰ জুবিন গাৰ্গৰ ৰচনাৱলী (গীত,কবিতা) দক্ষিণ ভাৰতৰ তামিল, তেলুগু, কান্নাড়া আৰু মালয়ালম ভাষাতো প্ৰকাশ কৰা হ'ব ।"

অৱশ্যে এই কাম ইমান সহজ নহয় বুলিও তেওঁ জানিবলৈ দিয়ে । আনহাতে, তেওঁৰ চৰকাৰলৈ আহ্বান, "জুবিন গাৰ্গ নামৰ জাতীয় সত্তাটোক শেষ কৰা কোনো দোষী যাতে সাৰি যাব নোৱাৰে, তাৰ ব্যৱস্থা গ্ৰহণ কৰক । ইতিমধ্যে এই কাৰ্যত চৰকাৰ সদিচ্ছা দেখিছোঁ । এয়াই এক সুযোগ প্ৰশাসন যন্ত্ৰটো ৰাইজৰ কাষ চপাৰ ।"

লগতে তেওঁ কয়, "জুবিন গাৰ্গ নামৰ জাতীয় সত্তাটো আৰু উজ্জ্বল নক্ষত্ৰটো খহি পৰাৰ খবৰে অসমৰ জাতি-বৰ্ণ-ধৰ্ম নিৰ্বিশেষে সকলোকে মৰ্মাহত কৰিলে । তেওঁলোকে জুবিনক দিয়া মৰম সমগ্ৰ বিশ্বই দেখা পালে ।"

লগতে পঢ়ক :সঁচাই 'ভগৱান' আছিল জুবিন গাৰ্গ; কিমানক যে দিলে নতুন জীৱন !
লগতে পঢ়ক :ডেকাৰ দোকানলৈ আৰু পুৰি খাবলৈ জুবিন গাৰ্গ নাহে