অৰুণাচলত চতুৰ্থ ভাষা হ'ব অসমীয়া !
অৰুণাচল প্ৰদেশত অসমীয়াক চতুৰ্থ ভাষা হিচাপে ব্যৱহাৰৰ কৰাৰ বাবে অসম সাহিত্য সভাই প্ৰচেষ্টা অব্যাহত ৰাখিছে ।

Published : June 11, 2025 at 8:34 PM IST
যোৰহাট: অসম সাহিত্য সভাৰ নতুন সমিতিখনে দায়িত্ব গ্ৰহণ কৰাৰ পিছৰে পৰা বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰি অসমীয়া ভাষাক শক্তিশালী কৰাৰ ক্ষেত্ৰত প্ৰচেষ্টা চলাইছে । বিশেষকৈ সভাপতি ড৹ বসন্ত কুমাৰ গোস্বামীৰ নেতৃত্বত অসম সাহিত্য সভাই অসমীয়া ভাষাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে বিভিন্ন উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰিছে । তাৰ অংশ হিচাপে এইবাৰ অসম সাহিত্য সভাই লৈছে এক আকৰ্ষণীয় পদক্ষেপ । বিশেষকৈ চুবুৰীয়া ৰাজ্যত অসমীয়া ভাষাৰ প্ৰচাৰৰ বাবে সাহিত্য সভাই উক্ত ৰাজ্যসমূহৰ চৰকাৰৰ সৈতে সম্পৰ্ক স্থাপন কৰিছে ।
অৰুণাচলত বাস কৰা অসমীয়াৰ সমস্যা সমাধানৰ প্ৰয়াস
অসম সাহিত্য সভাৰ সভাপতি ড৹ বসন্ত কুমাৰ গোস্বামীয়ে কয়, "আমি মে' মাহৰ মাজভাগত সেতুবন্ধ কাৰ্যসূচীৰ জৰিয়তে বৰাকলৈ গৈছিলো আৰু এই কাৰ্যসূচীৰ জৰিয়তে বৰাকত আমি ১০০ শতাংশই সফল হৈছোঁ । আমি অৰুণাচললৈও গৈছোঁ আৰু বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰি আহিছো । অহা ২১ জুনত অসম সাহিত্য সভাৰ এটা দল অৰুণাচলৰ নামচাইলৈ যাব । উক্ত দিনাই নামচাইত অৰুণাচলৰ উপ-মুখ্যমন্ত্ৰীৰ উপস্থিতিত তাত বাস কৰা অসমীয়া লোকসকলে ব্যৱহাৰ কৰা ভাষাৰ ওপৰত আলোচনা কৰা হ'ব । কাৰণ অৰুণাচলৰ নামচাইত ২৫ খন অসমীয়া গাঁও আছে আৰু তাত বাস কৰা লোকসকলে অসমীয়া ভাষা ক'ব পাৰে কিন্তু লিখিব নাজানে । উক্ত দিনাই এই সমস্যাটো সমাধান কৰি আহিম বুলি ভাবিছোঁ ।"
অৰুণাচলত চতুৰ্থ ভাষা হিচাপে অসমীয়াক অন্তৰ্ভুক্ত কৰাৰ প্ৰচেষ্টা
অসম সাহিত্য সভাৰ সভাপতি ড৹ গোস্বামীয়ে কয়, "অৰুণাচলত যাতে অসমীয়া ভাষাটো চতুৰ্থ ভাষা হিচাপে ব্যৱহাৰ হয় তাৰ বাবেও চেষ্টা চলাম । অসমৰ কাষৰীয়া ৰাজ্যসমূহ যেনে নাগালেণ্ড আৰু মেঘালয়ৰ সৈতেও এক সম্পৰ্ক স্থাপন কৰিম । নাগালেণ্ডৰ লগত বিভিন্ন ধৰণৰ সম্পৰ্ক স্থাপনৰ বাবে বিভিন্ন কাৰ্যসূচী লোৱা হৈছে, আমাৰ কাৰ্যকালৰ প্ৰথম বৰ্ষৰ ডিচেম্বৰৰ আগতেই নাগালেণ্ড লৈ যাম আৰু সাংস্কৃতিকভাৱে সম্পৰ্ক গঢ়ি তুলিম ।
বৰাকৰ সকলো আৰক্ষী হ'ব অসম সাহিত্য সভা আজীৱন সদস্য
সভাপতিগৰাকীয়ে লগতে কয়, "বৰাক উপত্যকাত ডাঙৰ সমস্যা হৈছে যে তাত শতকৰা ৭৫ ভাগ বঙালী জনসংখ্যা আছে । গতিকে ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ আধাৰত তাত বঙালী শিকিব লাগিব আৰু অসমীয়া যিখিনি আছে তেওঁলোকেও অসমীয়া শিকিব লাগিব । গতিকে এই ব্যৱস্থাটো খুব সোনকালে হ'ব । মই আশা কৰো অসম বিশ্ববিদ্যালয়তো অসমীয়া হ'ব । তাৰ কেইবাটাও ভাল ফল আমি পাইছো । বৰাকত যিমানখিনি আৰক্ষী আছে সকলো অসম সাহিত্য সভাৰ আজীৱন সদস্য হ'ব । অসম বিশ্ববিদ্যালয়ৰ অধ্যাপকসকলো আমাৰ আজীৱন সভ্য হ'ব । আমি তেখেতসকলক প্ৰ-পত্ৰ দি থৈ আহিছো । ভাল কথা এইটোৱে আমি যিদিনাই প্ৰ-পত্ৰ দিছিলো তাৰ উপাচাৰ্যই সেইদিনাই আজীৱন সভ্য হৈছে ।"
লগতে পঢ়ক :২২ জুনৰ পৰা অম্বুবাচী মহাযোগ: ভক্তই কি কি কৰিব পাৰিব কি কি নোৱাৰিব ? - AMBUBACHI MELA 2025

