
মাটি সাজু, যোৰহাটতে হওঁক জুবিনৰ অন্ত্যেষ্টিক্ৰিয়া আৰু সমাধি: অসম সাহিত্য সভা
যোৰহাটতে জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া আৰু সমাধিস্থলৰ বাবে চৰ্চা চলিছে । অসম সাহিত্য সভাইও দাবী জনাইছে ।

Published : September 20, 2025 at 4:42 PM IST
যোৰহাট : মৰমৰ শিল্পীজনক হেৰুৱাই আজি বাকৰুদ্ধ ৰাজ্যবাসী । স্বতঃস্ফূৰ্তভাৱে বন্ধ হ'ল ৰাজ্যৰ দোকান, ব্যৱসায়িক প্ৰতিষ্ঠান । জুবিন গাৰ্গৰ জন্মস্থান যোৰহাটত অবৰ্ণনীয় পৰিৱেশে বিৰাজ কৰিছে ।
ব্যৱসায়িক প্ৰতিষ্ঠান আৰু পৰিৱহণ সেৱা সকলো বন্ধ । তাৰ মাজতে যোৰহাটৰ সন্তান জুবিনৰ সমাধিও যোৰহাটতে হোৱাৰ দাবী উত্থাপন হৈছে । এই দাবী অসম সাহিত্য সভাইও কৰিছে ।
অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদমেলত এই কথা প্ৰকাশ কৰে সভাপতি ড৹ বসন্ত কুমাৰ গোস্বামীয়ে । তেওঁ কয়, "অসমৰ আকাশৰ এটা উজ্জ্বল নক্ষত্ৰ জুবিন গাৰ্গ খহি পৰিল । একাচেকা মনৰ, এই ডেকাজন আছিল প্ৰকৃততে স্বাধীনতা উপভোগকাৰী । তেওঁ বিশ্বৰ সকলোকে সমভাৱে চায় । জুবিনে সমগ্ৰ জীৱনত নিৰলে মানৱসেৱা কৰি গ'ল অৰ্থাৎ তেওঁ স্বাধীনতা উপভোগ কৰিছিল । সেইগৰাকী জুবিনৰ স্মৃতি অসমৰ ৰাইজ যিমান দিনলৈকে জীয়াই থাকিব, অসমৰ মাটি, পানী, বায়ু যেতিয়ালকৈ থাকিব অসমৰ মাটিত জুবিন ধ্বনি থাকিব ।"
তেওঁ লগতে কয়, "যোৰহাটতে তেওঁ প্ৰাথমিক আৰু উচ্চশিক্ষা গ্ৰহণ কৰিছিল, জাঁজীৰ তামুলীছিগাৰ পৰা আহি যোৰহাটৰ বঙালপুখুৰীত স্থায়ীকৈ থাকিছিল জুবিনৰ পৰিয়াল । সেয়েহে জুবিন এজন যোৰহটীয়া আৰু যোৰহাট বঙালপুখুৰী পূজা মন্দিৰৰ পৰাই তেওঁ সংগীত যাত্ৰা আৰম্ভ কৰিছিল । সকলো দল-সংগঠন, যোৰহটীয়া ৰাইজৰ এটাই ইচ্ছা যোৰহাটতে হওঁক জুবিনৰ সমাধি তথা অন্ত্যেষ্টিক্ৰিয়া । ইতিমধ্যে যোৰহাটৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ওচৰত স্থান চোৱা হৈছে, সেই সন্দৰ্ভত বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামীৰ সৈতে আলোচনা কৰা হৈছে ।"
মুঠতে যোৰহাটৰ সন্তান জুবিন গাৰ্গৰ সমাধিক্ষেত্ৰ যোৰহাটতে হওঁক । যোৰহাটস্থিত অসম কৃষি বিশ্ববিদ্যালয়ে জুবিনৰ সমাধিৰ বাবে মাটি আগবঢ়াইছে বুলিও জনাইছে । ইফালে যোৰহাট চটাইস্থিত 'জিষ্ট'ত ঠাই চোৱাচিতা কৰা হৈছে বুলিও চৰ্চা চলিছে ।
লগতে পঢ়ক :জুবিনক যোৰহাটলৈ আনক, যোৰহাটৰ আকাশ-বতাহ-ৰাস্তা-পদূলি-গছ-গছনিয়ে বিচাৰিছে...

