ETV Bharat / state

ই টিভি ভাৰতৰ দুই সাংবাদিকলৈ অসম সাহিত্য সভাৰ 'নিষ্ঠাবান সাংবাদিকতা বঁটা'

অসম সাহিত্য সভাৰ পাঠশালা অধিৱেশনৰ আজি অন্তিম দিন । ৰাজ্যৰ ৫৪ গৰাকী সাংবাদিকলৈ সন্মান ৷

ASSAM SAHITYA SABHA SESSION
ই টিভি ভাৰতৰ দুই সাংবাদিকলৈ অসম সাহিত্য সভাৰ 'নিষ্ঠাবান সাংবাদিকতা বঁটা' (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : February 4, 2025 at 10:56 AM IST

2 Min Read
Choose ETV Bharat

নিউজ ডেস্ক : অসম সাহিত্য সভাৰ পাঠশালা অধিৱেশনৰ আজি পঞ্চম তথা শেষৰটো দিন । বিগত ৩১ জানুৱাৰীৰ পৰা ৪ ফেব্ৰুৱাৰীলৈ পাঁচদিনীয়া কাৰ্যসূচীৰে পাঠশালাৰ ভট্টদেৱ ক্ষেত্ৰত অনুষ্ঠিত হৈ থকা অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম দ্বি-বাৰ্ষিক অধিৱেশনৰ এই অন্তিম দিনটোত প্ৰদান কৰা হ'ব কেইবাটাও বঁটা ।

নিষ্ঠাবান সাংবাদিকতা বঁটা :

ASSAM SAHITYA SABHA SESSION
নিষ্ঠাবান সাংবাদিকতা বঁটা (ETV Bharat Assam)

অসম সাহিত্য সভাই এইবাৰ ৰাজ্যৰ ৫৪ গৰাকী সাংবাদিকলৈ আগবঢ়াইছে "নিষ্ঠাবান সাংবাদিকতা বঁটা ৷" মঙলবাৰে পাঠশালা অধিবেশনত এই বঁটা প্ৰদান কৰা হ'ব ৷ উল্লেখ্য় যে এই ৫৪ গৰাকীৰ সাংবাদিকৰ ভিতৰত আছে ই টিভি ভাৰতৰ দুগৰাকীকৈ সাংবাদিক । এই বঁটা লাভ কৰিছে ই টিভি ভাৰতৰ গোৱালপাৰাৰ সাংবাদিক জাহিদুল ইছলাম আৰু লখিমপুৰৰ সাংবাদিক জীৱন গোস্বামীয়ে ৷ দুয়োগৰাকী সাংবাদিকে আজি ভট্টদেৱ ক্ষেত্ৰত আয়োজিত সভাত এই বঁটা গ্ৰহণ কৰিব ।

ASSAM SAHITYA SABHA SESSION
ই টিভি ভাৰতৰ লখিমপুৰৰ সাংবাদিক জীৱন গোস্বামী (ETV Bharat Assam)

এই বঁটাৰ বাবে নাম ঘোষণা হোৱাৰ পিছতেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সাংবাদিক জীৱন গোস্বামীয়ে কয়, "এই বঁটা লাভ কৰাত খুবেই আনন্দিত হৈছো । নিষ্ঠাৰে কাম কৰি থকাৰ স্বীকৃতি লাভ কৰাৰ পিছত দায়িত্ব আৰু বৃদ্ধি পালে । প্ৰত্য়াহ্বানৰ মাজেদি কাম কৰি এনে বঁটা লাভ কৰিলে সকলোৱে দুগুণ উৎসাহেৰে কাম কৰিবলৈ আগবাঢ়ি আহিব । অসম সাহিত্য সভাৰ এনে পদক্ষেপৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰিছো ।"

ASSAM SAHITYA SABHA SESSION
ই টিভি ভাৰতৰ গোৱালপাৰাৰ সাংবাদিক জাহিদুল ইছলাম (ETV Bharat Assam)

আনগৰাকী সাংবাদিক জাহিদুল ইছলামে বঁটা লাভ কৰাৰ পিছত ক'লে, "সদায় নিষ্ঠাৰে কাম কৰাৰ স্বীকৃতি লাভ কৰিলে ভৱিষ্য়তে আৰু এখোজ আগুৱাই যোৱাৰ প্ৰেৰণা পোৱা যায় । অসম সাহিত্য সভাৰ দৰে এক সন্মানীয় অনুষ্ঠানৰ পৰা বঁটা লাভ কৰাত নিজকে সৌভাগ্য়বান বুলি ভাবিছো । কৰ্মক্ষেত্ৰত আৰু এখোজ আগুৱাই যাবলৈ অসম সাহিত্য সভাই যি প্ৰেৰণা যোগালে তাৰ বাবে সভাৰ ওচৰত চিৰ কৃতজ্ঞ ।"

লগতে পঢ়ক:মৃণালিনী দেৱীক অসম সাহিত্য সভাৰ জীৱনজোৰা সাহিত্যপ্ৰাণ সন্মান - ASSAM SAHITYA SABHA

অহৰহ জ্বলিছে ১০০ টা চৌকা, ব্যস্ত ৩৬৫ ৰান্ধনি: পাঠশালা অধিৱেশন লোকাৰণ্য - ASAM SAHITYA SABHA