ETV Bharat / state

ৰাজীৱ শদিয়াৰ পৰিয়ালৰ কাষত অখিল গগৈ-মানস ৰবীন-লুৰীণজ্যোতি গগৈ

সদ্যপ্ৰয়াত জনতাৰ শিল্পী ৰাজীৱ শদিয়াৰ বাসগৃহত ৰাইজৰ দলৰ সভাপতি অখিল গগৈ । পৰিয়ালক ২ লাখ টকাৰ চেক প্ৰদান বিধায়কগৰাকীৰ ।

Artist, politician present at late Rajiv Sadia's residence
ৰাজীৱ শদিয়াৰ পৰিয়ালৰ কাষত অখিল গগৈ, মানস ৰবীন, লুৰীণজ্যোতি গগৈ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : January 15, 2025 at 10:18 PM IST

4 Min Read
Choose ETV Bharat

তিনিচুকীয়া: গণশিল্পী ৰাজীৱ শদিয়াৰ দেহাৱসানত মৰ্মাহত ৰাজ্যবাসীৰ লগতে ৰাজ্যৰ সাংস্কৃতিক মহল । বিভিন্নজনে ভিৰ কৰিছে জনতাৰ শিল্পীগৰাকীৰ বাসগৃহত । সদ্যপ্ৰয়াত ৰাজীৱ শদিয়াৰ টুপছিঙাৰ বাসগৃহত আজি ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে উপস্থিত হয় ।

উপস্থিত হৈ তেওঁ সদ্যপ্ৰয়াত শিল্পীগৰাকীৰ পৰিয়ালবৰ্গৰ সৈতে মত-বিনিময় কৰে আৰু ৰাজীৱ শদিয়াৰ পৰিয়ালটোক সকাহ প্ৰদান কৰিবলৈ ২ লাখ টকাৰ চেক প্ৰদান কৰে । উক্ত ধনৰাশি তেওঁৰ অৰ্কিড উদ্যানৰ পৰা এক লাখ টকা আৰু দৰমহাৰ পৰা এক লাখ টকা প্ৰদান কৰা বুলি সদৰী কৰে অখিল গগৈয়ে । ইয়াৰ উপৰিও তেওঁ সদ্যপ্ৰয়াত শিল্পীগৰাকীৰ পুত্ৰৰ পঢ়া-শুনাৰ সম্পূৰ্ণ দায়িত্ব আৰু পত্নীৰ চৰকাৰী চাকৰি নোহোৱা পৰ্যন্ত পৰিয়ালৰ অনুমতি সাপেক্ষে চোৱা-চিতাৰ দায়িত্ব লোৱাৰ আশ্বাস প্ৰদান কৰে ।

ৰাজীৱ শদিয়াৰ পৰিয়ালৰ কাষত অখিল গগৈ, মানস ৰবীন, লুৰীণজ্যোতি গগৈ (ETV Bharat Assam)

সমান্তৰালভাৱে শিল্পীগৰাকীৰ সমাধিস্থলটো পকীকৰণৰ দায়িত্ব কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে লোৱা বুলি ৰাজীৱ শদিয়াৰ সমাধিস্থলীৰ কাষত উপস্থিত হৈ অখিল গগৈয়ে ঘোষণা কৰে । ইফালে, অখিল গগৈৰ সন্মুখত ৰাজীৱ শদিয়াৰ পত্নী উপাসনা গগৈয়ে “মই দুখ কৰা নাই, ৰাজীৱ মোৰ জীৱনৰ সংগ্ৰামী সতীৰ্থ আছিল । তেখেতৰ স্মৃতিসমূহ মই জীয়াই ৰাখিম ।”

লগতে তেওঁ কয়, "কা আন্দোলনৰ সময়ত সংগ দিয়াৰ লগতে মই কাৰাগাৰত থকাৰ সময়ত মুকলিকৈ মোক মুক্তি দিব লাগে বুলি গান গোৱাৰ সাহস কৰিছিল । মই জীৱনত কাষৰ পৰা পোৱা আটাইটকৈ বিপ্লৱী শিল্পীগৰাকীয়েই চাগে ৰাজীৱ শদিয়া ।"

আনহাতে, বুধবাৰে শিল্পীগৰাকীৰ বাসগৃহত অসমৰ জনপ্ৰিয় সংগ্ৰামী শিল্পী মানস ৰবীন উপস্থিত হৈ পৰিয়ালবৰ্গৰ সৈতে মত-বিনিময় কৰে আৰু ৰাজীৱ শদিয়াক জাতিটোৰ যোদ্ধা বুলি উল্লেখ কৰে । লগতে কয়, "ৰাজীৱ শদিয়া বীৰ আছিল, বীৰৰ দৰে গুচি গ’ল । ৰাজীৱ শদিয়াই জাতিৰ পক্ষত থাকি গান গাইছিল । আমি অন্য শিল্পীসকলৰ দৰে গুৱাহাটীত লগ পোৱা নাছিলোঁ যদিও কা আন্দোলনৰ সময়ত আমি সঘনাই লগ হৈছিলোঁ । আমাৰ দুজনৰ মন মিলিছিল । মোৰ ভাই আছিল সি ।"

তেওঁ লগতে কয়, "ৰাজীৱ শদিয়াই জনতাৰ বুকুত ঘৰ সাঁজিছিল । প্ৰজাই প্ৰজাৰ কাম কৰিলে, কিন্তু ৰজাই দায়িত্বখিনি পালন কৰা নাই । হয়তো ভোগালী বিহুৰ বাবে পলম হ’ব পাৰে । প্ৰজাই যিহেতু ৰজা পাতে, গতিকে এতিয়া ৰজাই ৰজাৰ দায়িত্ব পালন কৰিব লাগে । আমি পৰিয়ালৰ দৰে সদায় আছোঁ ৰাজীৱ শদিয়াৰ পৰিয়ালবৰ্গৰ সৈতে ।"

আনহাতে আজি শদিয়াৰ বাসগৃহত উপস্থিত হৈ শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে । তেওঁ ৰাজীৱ শদিয়াৰ পত্নী তথা পৰিয়ালৰ কাষত বহি সান্তনা দিয়া পৰিলক্ষিত হয় ।

উল্লেখযোগ্য যে দেওবাৰে নিশা তিনিচুকীয়া জিলাৰ তৰাণী বনাঞ্চলৰ কাষত, দূৱাৰমৰা নৈৰ পাৰৰ ৰসবাৰী গাঁৱত আয়োজন কৰা 'ৰসবাৰী পৰ্যটন মেলা'ৰ সাংস্কৃতিক অনুষ্ঠানত কেইবাশতাধিক জনতাৰ সন্মুখত দুটা গান পৰিৱেশন কৰি তৃতীয়টো গান আৰম্ভ কৰাৰ সময়তে মঞ্চৰ পৰা হঠাৎ অসুস্থ হৈ বাগৰি পৰে জনতাৰ শিল্পী ৰাজীৱ শদিয়া ।

শিল্পীগৰাকীয়ে বুকু আৰু কাণত সোপা মাৰি ধৰা বুলি মন্তব্য কৰি নিমিষতে মঞ্চৰ তলত বাগৰি পৰিছিল । প্ৰথমে ৰাজীৱ শদিয়াক ততাতৈয়াকৈ সতীৰ্থ তথা উদ্যোক্তাসকলে ৰূপাইৰ এখন ব্যক্তিগত নাৰ্ছিংহোমলৈ লৈ যায় যদিও পিছত জৰুৰীকালীনভাৱে উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ আই চি ইউত ভৰ্তি কৰোৱা হয় ।

চিকিৎসকৰ মতে, ৰাজীৱ শদিয়াৰ ৰক্তচাপ অতি নিম্ন হৈ পৰে । চিকিৎসকে শিল্পীগৰাকীৰ প্ৰাণ ৰক্ষা কৰিবলৈ অহৰহ চেষ্টা কৰিছিল যদিও সোমবাৰে দিনৰভাগত শেষ নিশ্বাস ত্যাগ কৰি এই পৃথিৱীৰ পৰা গুচি যায় সকলোৰে মৰমৰ শিল্পীগৰাকী ।

লগতে পঢ়ক: গণশিল্পী ৰাজীৱ শদিয়ালৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি - SINGER RAJIB SADIYA DEATH

সকলোকে কন্দুৱাই পঞ্চভূতত বিলীন হৈ গ'ল জনতাৰ শিল্পী ৰাজীৱ শদিয়া - SINGER RAJIB SADIYA DEATH