টীয়ক : অসমৰ লোকবাদ্য়সমূহৰ ভিতৰত অন্য়তম ঢোল । পৰম্পৰাগতভাৱে এই লোকবাদ্য়বিধ প্ৰস্তুত কৰাত ব্য়স্ত হৈ আছে বহুতো লোক । কাৰণ এই পৰম্পৰাত ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে ৰঙালী বিহু ।
বসন্তৰ আগমনৰ লগে লগে গছে-পাতে বৰণ সলালেই সকলোৱে সাজু হয় ৰঙালীক আদৰিবলৈ । চৌদিশে ঢোলৰ শব্দত ৰজনজনাই থাকে অসমৰ প্ৰতিটো প্ৰান্ত । সমান্তৰালভাৱে ঢোল প্ৰস্তুত কৰিবলৈ সাজু হয় লোকবাদ্য় প্ৰস্তুত কৰা শিল্পীসকল ।
বিহু বুলিলেই ঢোলত এটি চাপৰ সকলো ডেকাই মাৰি নাচনীক নচুৱাবলৈ ইচ্ছা কৰে । বসন্তৰ আগমণৰ লগে লগে বিহু হুঁচৰিৰ দলে আখৰা পূৰ্ণ গতিত চলাবলৈ আৰম্ভ কৰে । সেয়ে ব্যস্ততা বাঢ়ে ঢোল নিৰ্মাতাসকলৰ । ৰাজ্য়ৰ আন প্ৰান্তৰ দৰে যোৰহাট জিলাৰ কাকজানৰ দিগ্বিজয় বাদ্য ভাণ্ডাৰতো ব্য়স্ততা বঢ়িছে । এফালে ঢোলৰ মাত আৰু আনফালে ঢোল প্ৰস্তুতত ব্যস্ত শিল্পী বিশ্বজিৎ দাস ।
উল্লেখ্য় যে, যোৱা ২৫ বছৰে এই বৃত্তিতে ব্যস্ত থকা এই বাদ্য প্ৰতিষ্ঠানে এইবাৰ অসমৰ বিভিন্ন ঠাইৰ ঢুলীয়াকে ঢোল যোগান ধৰিছে । পূৰ্বৰ তুলনাত এইবাৰ ঢোলৰ চাহিদা বৃদ্ধি পাইছে বুলি উল্লেখ কৰি বাদ্যনিৰ্মাতা বিশ্বজিৎ দাসে কয়," বজাৰত সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বাবে ঢোলৰ মূল্য কিছু বৃদ্ধি কৰিবলগীয়া হৈছে যদিও বৰ্তমান নৱপ্ৰজন্মৰ মাজত বিহুৰ যি চৰ্চা অব্যাহত আছে ঢোল বিক্ৰীৰ ক্ষেত্ৰত অসুবিধা হোৱা নাই ।"
"চৰকাৰে বিহুক বিশ্ব দৰবাৰত প্ৰতিষ্ঠাৰ কৰিবলৈ লোৱা পদক্ষেপ তথা বছৰি বিহু আয়োজন কৰিবলৈ আগবঢ়োৱা আৰ্থিক সহযোগিতাই বিহু উদযাপনৰ ক্ষেত্ৰত ৰাইজক অধিক উৎসাহিত কৰিছে । যাৰ ফলত লোকবাদ্যৰ চাহিদা যথেষ্ট বৃদ্ধি হৈছে আওপকীয়াকৈ আমিও উপকৃত হৈছো । সেয়ে পোনপটীয়াকৈ আমাৰ বাবে এখন আঁচনি আনিব লাগে ।" বিশ্বজিৎ দাসে কয় ।
দাসে আৰু কয়, "আগতে এখন ঘৰত বা এখন গাঁৱত এটা ঢোল কিনে । কিন্তু আজিকালি একেখন ঘৰতে দুটা-তিনিটাকৈ ঢোল কিনে । এয়া লোকসংস্কৃতিৰ প্ৰতি নৱপ্ৰজন্মৰ আকৰ্ষণ, আমাৰ বাবে ভাল খবৰ ।"