গোলাঘাট: ব'হাগ বিহুলৈ মাজত মাত্ৰ কেইদিনমান বাকী । ঢোল-পেঁপাৰ মাতত ৰজনজনাইছে ৰাজ্য় । ইয়াৰ মাজতে ব্যস্ত হৈ পৰিছে লোকবাদ্য শিল্পীসকল । কুলিৰ মাত শুনাৰ লগে লগে বাদ্য়শিল্পীসকলৰ ব্য়স্ততাৰ অন্ত নাই । কাৰণ ঢোল-পেঁপাৰ লগতে তকা, কাকৈ, গগনা, ৰাম তাল অবিহনে অসম্পূৰ্ণ হুঁচৰি ।
ৰঙালী বিহুৰ উপলক্ষে বিভিন্ন বাদ্যযন্ত্ৰ বনোৱাত ব্যস্ত হৈছে গোলাঘাটৰ মেহুৰাম বৰা । জিলাখনৰ কমাৰবন্ধা নামচনীয়া গাঁৱৰ মেহুৰাম বৰা আৰু তেওঁৰ পত্নী মমী বৰাই দিনে-নিশাই ব্যস্ত হৈ পৰিছে অসমীয়াৰ কলা সংস্কৃতিৰ বিভিন্ন বাদ্যযন্ত্ৰ প্ৰস্তুত কৰাত ।
বিশেষকৈ ম'হৰ শিঙৰ পেঁপা, বাঁহৰ মূঢ়াৰ পেঁপা, সুতুলি, তকা, কাকৈ, গগণা, ৰাম তাল আদি বিভিন্ন বাদ্যযন্ত্ৰ বনাই বজাৰত বিক্ৰীৰ বাবে প্ৰেৰণ কৰিছে ।

১৯৯০ চনৰ পৰা বৰ্তমানলৈকে ধাৰাবাহিকভাৱে ৩৫ বছৰ এইসমূহ বাদ্যযন্ত্ৰ বনাই আহিছে মেহুৰাম বৰাৰ লগতে তেওঁৰ পত্নীয়ে ।
কেৱল ইমানেই নহয় মেহুৰাম বৰাৰ এই কৰ্মৰ লগতে নতুন প্ৰজন্মৰ ভালেসংখ্যক ছাত্ৰ-ছাত্ৰীক পেঁপা বজোৱাৰ প্ৰশিক্ষণ দি আহিছে । বহুতো ছাত্ৰ-ছাত্ৰীয়ে বৰ্তমান বিহুমঞ্চত পেঁপা বজাই অঞ্চলটোলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ।

লোকবাদ্য প্ৰস্তুত কৰা মেহুৰাম বৰাই চৰকাৰৰ বিৰুদ্ধে ক্ষোভপ্ৰকাশ কৰি কয়, "১৯৯০ চনৰ পৰা ৩৫ বছৰে এনে সামগ্ৰী বনাই আছো । এইবাৰ ১০০টা ম'হৰ শিঙৰ পেঁপা বনাইছো । তাৰে ৩০ টা মান বৰ্তমানলৈকে বিক্ৰী হোৱা নাই । তদুপৰি মই গগণা, সুতুলি, তকা, বাঁহৰ মূঢ়াৰে পেঁপা বনাইছো । এইবোৰ কাম গুৰু দিলীপ শইকীয়াৰ পৰা শিকিছিলো । মোৰ এই কৰ্মক মূল ব্যৱসায় হিচাপে লৈছো ।"

- বৃদ্ধি পাইছে নৱপ্ৰজন্মৰ আকৰ্ষণ :
নৱপ্ৰজন্মৰ পৰা সুন্দৰ সঁহাৰি লাভ কৰা বুলি উল্লেখ কৰি তেওঁ পুনৰ কয়, "বহু কম বয়সৰ ছাত্ৰ মোৰ ঘৰত পেঁপা বজোৱাৰ প্ৰশিক্ষণ লৈ আছে । পূৰ্বে নৱপ্ৰজন্ম বেলেগ পথলৈ গতি কৰিছিল; কিন্তু পুনৰ ঘূৰি আহি অসমীয়া কলা কৃষ্টিৰ প্ৰতি আকৃষ্ট হৈছে । মোৰ পৰা পেঁপা ক্ৰয় কৰা বেছিভাগ যুৱপ্ৰজন্মৰ ছাত্ৰ-ছাত্ৰী ।"

তেওঁ পুনৰ কয়, "পূৰ্বে মই পেঁপা বজাছিলো আৰু ১৯৯০ চনৰ পৰা মই বনোৱা আৰম্ভ কৰিছো । চৰকাৰৰ পৰা বৰ্তমানলৈকে কোনো ধৰণৰ সহায় সহযোগিতা লাভ কৰা নাই ।''

''নিজে বনাই বিক্ৰী কৰা সকলৰ প্ৰতি চৰকাৰৰ দৃষ্টি নাথাকে; কিন্তু যিসকলে আমাৰ পৰা কিনি নি দোকনত সজাই বিক্ৰী কৰিব সেই সকলক চৰকাৰে অনুদান আগবঢ়ায় । এয়া মোৰ ক্ষেত্ৰত নহয় আৰু বহু আছে । আমি দা, কটাৰি আদিৰে এই সামগ্ৰীসমূহ তৈয়াৰ কৰিছো; এই সামগ্ৰীসমূহ তৈয়াৰ কৰিবলৈ যন্ত্ৰ পোৱা যায় । সেই যন্ত্ৰ কিনিবলৈ আমাৰ সামৰ্থ নাই । কিন্তু চৰকাৰে সেই কাম নকৰে ।" তেওঁ কয় ।