কলিয়াবৰ: কুলি-কেতেকীয়ে ব'হাগৰ আগজাননী দিয়াৰ লগে লগে ব্য়স্ততা বৃদ্ধি পায় ঢোল-পেঁপা প্ৰস্তুত কৰা শিল্পীসকলৰ । সমান্তৰালভাৱে বিহুৰ লগত জড়িত সা-সঁজুলি প্ৰস্তুত কৰা বাঢ়ৈসকলো ব্য়স্ত হৈ পৰে । কাৰণ তেওঁলোকে সময়মতে এইবোৰ প্ৰস্তুত নকৰিলে বিহুত হুঁচৰি মাৰিবলৈ ওলাব নোৱাৰিব ডেকা-গাভৰুসকল ।
বিহুনাচ, বিহুনামৰ লগত ঢোল-তালৰ লগতে সংগত কৰা হয় গগনা । বিহুৰ এক অপৰিহাৰ্য বাদ্য গগনা । বিহুৱাই বজোৱা গগনাডালৰ নাম 'ৰামধন গগনা' আৰু নাচনীয়ে বজোৱা গগনাডালৰ নাম 'লাহৰী গগনা'। বিহুৰ অন্যতম প্ৰধান বাদ্য ঢোল বজাবলৈ ব্যৱহাৰ কৰা মাৰিডালৰ আন এটা নাম হ'ল মাহিতা । এই তিনিওবিধ সামগ্ৰীৰে বিহুৰ বতৰত আদৰ বাঢ়ে । এই গগনা প্ৰস্তুত কৰা শিল্পীসকলৰ ভিতৰত অন্য়তম হৈছে যতীন চন্দ্ৰ ডেকা ।
কলিয়াবৰৰ হাটবৰ দাঁতকটাত যতীন চন্দ্ৰ ডেকাই প্ৰস্তুত কৰিছে গগনাৰ লগতে নাচনীসকলৰ খোপা শুৱনি কৰা কাকৈ । ইপাতৰ পিছত সিপাত গগনাৰ লগতে কাকৈ আৰু মাহিতা প্ৰস্তুত কৰা যতীন চন্দ্ৰ ডেকা জন্মসূত্ৰে মঙলদৈৰ যদিও তেওঁ বৰ্তমান কৰ্মসূত্ৰে কলিয়াবৰৰ বাসিন্দা । এই শিল্পীগৰাকী শিক্ষা বিভাগত কৰ্মৰত যদিও কামৰ ব্য়স্ততাৰ মাজতেই কলিয়াবৰৰ সাংস্কৃতিক ক্ষেত্ৰখনৰ লগত এক সম্বন্ধ গঢ়ি তুলিছে ।

ল'ৰালি কালত পিতৃৰ পৰা বাঁহ-বেতৰ কাঠি-কামি শিকি ডলা-চালনী-খৰাহী-পাচি-বিচনী আদি সাজিবলৈ আৰম্ভ কৰে । দৰং অঞ্চলত বিহুৰ প্ৰচলন আছে যদিও উজনি বা মধ্য অসমৰ দৰে নাছিল । তেওঁ পঢ়ি থকাৰ সময়ত মঙলদৈত বিহুৰ লগত জড়িত হৈ বিহু খেদিবলৈ লৈছিল । দৰঙত 'বিহু মাৰিবলৈ নাযায়, 'বিহু খেদিবলৈ'হে যায় বুলি উল্লেখ কৰি যতীন চন্দ্ৰ ডেকাই কয়, "বিহু দলৰ লগত জড়িত হৈ বিহু খেদিছিলো । বিহু গাইছিলো । সেই সময়ত নাচনীৰ গগনা-কাকৈ আদি পাবলৈ বৰ টান আছিল । সজা মানুহৰ অভাৱ আছিল । সেয়ে গগনা-কাকৈ সজা কামটোৰ প্ৰতি আকৰ্ষিত হ'লো । তেতিয়া এই কামটো কৰিছিলো আমাৰ দলটোৰ অভাৱ পূৰাবলৈ ।"

তেওঁ পুনৰ কয়, "এই কৰ্মটোৰ প্ৰতি আজিৰ দৰে সমাদৰ নাছিল । কৰ্মসূত্ৰে কলিয়াবৰলৈ অহাৰ পিছতেই এই কামটোত বিশেষভাৱে লাগিলো । বাঁহৰ কাঠি-কামিৰ কামটো শিকি থোৱাৰ বাবেই পিছলৈ বিহুনাচৰ প্ৰয়োজনীয় সম্পদ কেইপদ সাজিবলৈ সুবিধা হ'ল । যেতিয়া কলিয়াবৰলৈ আহিলো, তেতিয়া ইয়াত দেখা পালো বিহুৰ প্ৰসাৰতা বেছি । ইয়াৰ সাংস্কৃতিক পৰিৱেশো যথেষ্ট বহুল । লোকসকল এইক্ষেত্ৰত আগৰণুৱা । বিহুৰ সময়ত কলিয়াবৰৰ বহু ঠাইত বিহুনাচ ঢোল-বাদনৰ কৰ্মশালা আদিও হয় । তেতিয়াই নাচনীসকলৰ প্ৰয়োজনীয় সম্পদকেইবিধৰ অভাৱ অনুভৱ কৰি পুনৰ গগনা-কাকৈ আৰু ঢোলৰ মাৰি সজাত বিশেষভাৱে লাগি পৰিলো । এতিয়া এই সম্পদসমূহৰ সমাদৰো বাঢ়িছে লগতে বিক্ৰীও ।"
চৰকাৰী কৰ্মৰ লগতে বাঁহ-বেতৰ কাঠি-কামিত পাকৈত যতীন চন্দ্ৰ ডেকাই এনে আকৰ্ষণীয় সা-সঁজুলি প্ৰস্তুত কৰি বিহুনাচৰ ক্ষেত্ৰখনত যথেষ্ট সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে । এই কৰ্মটোৰ প্ৰতি নতুন চামক আকৰ্ষিত হ'বলৈ তেওঁ আহ্বান জনায় ।
বিহুৰ দিন চমু চাপি আহিলে দিন-ৰাতি একাকাৰ কৰি ঢোল, পেঁপা, গগনা প্ৰস্তুত কৰা শিল্পীসকলে সদায় এই শিল্পৰ সৈতে একাত্ম হৈ কাম কৰি আহিছে । তেওঁলোকে এই কাম কোনোদিনে প্ৰচাৰৰ বাবে কৰি অহা নাই, কৰিছে মাথো বাপতি সাহোন ৰঙালী বিহুটিক জীয়াই ৰাখিবলৈ ।