ETV Bharat / state

ক্ৰীড়া একাডেমি স্থাপন কৰিবলৈ চৰকাৰক আহ্বান অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ

ৰাষ্ট্ৰীয় পৰ্যায়ত তিনিটা শাখাত ক্ৰীড়াবিদক স্বীকৃতি দিয়া হ’ব অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ নামত ।

Arjun Bhogeshwar Baruah
অৰ্জুন ভোগেশ্বৰ বৰুৱা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : July 7, 2025 at 8:49 PM IST

2 Min Read
Choose ETV Bharat

শিৱসাগৰ : অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ নামত প্ৰদান কৰা হ'ব ৰাষ্ট্ৰীয় ক্ৰীড়া বঁটা । কেন্দ্ৰীয় মন্ত্ৰী তথা অসম অলিম্পিক সন্থাৰ সভাপতি সৰ্বানন্দ সোণোৱালে অৰ্জুন ভোগেশ্বৰ বৰুৱা ৰাষ্ট্ৰীয় ক্ৰীড়া বঁটা প্ৰদানৰ কথা ঘোষণা কৰিছে । বাৰ্ষিক বঁটাৰ জৰিয়তে তিনিটা শাখাত ক্ৰীড়াবিদসকলক স্বীকৃতি দিয়া হ’ব । এই সিদ্ধান্তক আদৰণি জনাইছে প্রবীণ ক্ৰীড়াবিদ ভোগেশ্বৰ বৰুৱাই ।

আজি জয়সাগৰৰ নিজা বাসগৃহত সাংবাদিকৰ আগত এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁ এই সিদ্ধান্তক উৎসাহজনক বুলি অভিহিত কৰি কয়," খেলুৱৈ জীৱনত ল'ৰা-ছোৱালীয়ে এইবোৰ পাব লাগে । মই কিবা এটা পাও সেইটো নিবিচাৰো ।...এই বঁটাৰ জৰিয়তে নতুন খেলুৱৈসকল উৎসাহিত হ’ব আৰু ক্ৰীড়া ক্ষেত্ৰখন আগুৱাই যাব ।"

অৰ্জুন ভোগেশ্বৰ বৰুৱা (ETV Bharat Assam)

অৰ্জুন ভোগেশ্বৰ বৰুৱাই লগতে কয়, "ৰাজ্যত ক্ৰীড়াক্ষেত্ৰৰ বিকাশৰ বাবে চৰকাৰে অধিক ইতিবাচক আৰু ফলপ্ৰসূ পদক্ষেপ ল’ব লাগিব । " ভৱিষ্যৎ প্ৰজন্মক ক্ৰীড়াক্ষেত্ৰলৈ আকৃষ্ট কৰিবৰ বাবে শিৱসাগৰত এখন ক্ৰীড়া একাডেমি স্থাপন কৰাৰ পৰিকল্পনাৰ কথা ব্যক্ত কৰি বৰুৱাই এই ক্ষেত্ৰত অসম চৰকাৰক সহায়-সহযোগ কৰিবলৈ আহ্বান জনায় ।

উল্লেখ্য় যে অসম অলিম্পিক সন্থাই ক্ৰীড়াবিদগৰাকীৰ নামত তিনিটা বঁটা প্ৰদান কৰাৰ কথা ঘোষণা কৰিছে । 'বছৰৰ শ্ৰেষ্ঠ ক্ৰীড়াবিদ','ক্ৰীড়াত জীৱনজোৰা সাধনা' আৰু 'বছৰৰ শ্ৰেষ্ঠ উদীয়মান ক্ৰীড়া প্ৰতিভা' শিতানত এই বঁটাকেইটা প্ৰদান কৰা হ'ব । এই বঁটাসমূহ অহা ৩ ছেপ্টেম্বৰত ভোগেশ্বৰ বৰুৱাৰ জন্মদিনৰ দিনা শিৱসাগৰত প্ৰদান কৰা হ'ব । এই বঁটাই নতুন ক্ৰীড়া প্ৰতিভা চিনাক্তকৰণ, খেলুৱৈসকলৰ মনোবল বৃদ্ধিত সহায় কৰাৰ লগতে ৰাজ্যত ক্ৰীড়া-সংস্কৃতিৰ পৰিসৰ বৃদ্ধি কৰিব বুলি অসম অলিম্পিক সন্থাই আশা প্ৰকাশ কৰিছে ।

লগতে পঢ়ক:কেৱল এখন ষ্টেডিয়ামৰ নাম দিলে কি হ’ব ? কেবিনেটৰ সিদ্ধান্তত কিয় এনেদৰে ক’লে প্ৰবীণ ক্ৰীড়াবিদগৰাকীয়ে - ARJUN BHOGESWAR BARUAH

"চৰকাৰৰ যদি ঠাই নাই মই দিম"; অৰ্জুন ভোগেশ্বৰ বৰুৱাই কিয় ক'লে এই কথা ? - SIVASAGAR DISTRICT SPORTS OFFICE