ETV Bharat / state

এসপ্তাহে মৃত্যুৰ সৈতে যুঁজি জীৱনযুদ্ধত হাৰ মানিলে আৰিনা বড়োৱে - JORHAT ROAD ACCIDENT

কাজিৰঙা বিশ্ববিদ্যালয়ৰ ছাত্রী আৰিনা বড়োৰ মৃত্যু ৷ ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈছিল ১২ মাৰ্চত ৷

JORHAT ROAD ACCIDENT
পথ দুৰ্ঘটনা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : March 20, 2025 at 9:02 PM IST

2 Min Read

যোৰহাট: অৱশেষত মৃত্যুৰ ওচৰত হাৰ মানিলে কাজিৰঙা বিশ্ববিদ্যালয়ৰ এম বি এ পাঠ্যক্ৰমৰ চতুৰ্থ ষান্মাসিকৰ আৰিনা বড়ো নামৰ ছাত্রীগৰাকীয়ে । মিছন হাস্পতালত চিকিৎসাধীন অৱস্থাত বৃহস্পতিবাৰে নিয়তিৰ কোলাত চিৰদিনৰ বাবে শুই পৰে আৰিনা ৷

মৃত্যুৰ সময়ত আৰিনা বড়োৱে এৰি যায় মাতৃ আৰু জ্যেষ্ঠ ভাতৃক ৷ মৰণোত্তৰ পৰীক্ষাৰ অন্তত পৰিয়ালৰ লোকে ছাত্ৰীগৰাকীৰ মৃতদেহ চমজি লয় । বিগত ১২ মাৰ্চত যোৰহাটৰ ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনাত পতিত হৈছিল আৰিনা বড়োসহ অন্য তিনিগৰাকী ছাত্ৰ–ছাত্ৰী ।

JORHAT ROAD ACCIDENT
আৰিনা বড়ো (ETV Bharat Assam)

উল্লেখ্য যে ১২ মাৰ্চত বিয়লিৰ ভাগত যোৰহাটৰ কাজিৰঙা বিশ্ববিদ্যালয়ত অধ্যয়নৰত চাৰিগৰাকী শিক্ষাৰ্থীয়ে যোৰহাট নগৰৰ পৰা এ এছ 03 এম 9957 নম্বৰৰ বাহনেৰে নিজা শিক্ষানুষ্ঠানলৈ গৈ থকা অৱস্থাত পুলিবৰ আজানগাঁৱৰ সমীপত চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনাত পতিত হয় ৷ বাহনখনত থকা চাৰিগৰাকী শিক্ষাৰ্থী বাহনখনৰ পৰা ছিটিকি পথৰ দাঁতিত পৰি ৰৈছিল ৷

সংকটজনক অৱস্থাত চাৰিওগৰাকী শিক্ষাৰ্থীক যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও গোৱালপাৰাৰ মুস্তাফা মুজাহিদ (২৪) আৰু যোৰহাটৰ আফিফ ইৰফান হুছেইন (২৪) নামৰ দুজন ছাত্ৰই মৃত্যুক সাৱটিবলগীয়া হৈছিল ৷

আনহাতে, খুছবু নভেল (চিনামৰা) আৰু আৰিনা বড়োক (শোণিতপুৰ) সংকটজনক অৱস্থাত প্ৰথমতে যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হৈছিল যদিও পিছলৈ যোৰহাটৰে এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । কিন্তু প্ৰায় এসপ্তাহ ধৰি চিকিৎসাধীন অৱস্থাত থকা শোণিতপুৰৰ আৰিনাই বৃহস্পতিবাৰে শেষ নিশ্বাস ত্যাগ কৰে ৷ ছাত্ৰীগৰাকীৰ মৃত্যুত জন্মস্থান শোণিতপুৰৰ লগতে কাজিৰঙা বিশ্ববিদ্য়ালয় কৰ্তৃৃপক্ষৰ মাজত শোকৰ ছাঁ পৰে ৷

লগতে পঢ়ক: ভয়ংকৰ দুৰ্ঘটনা: কাজিৰঙা বিশ্ববিদ্যালয়ৰ ছাত্ৰৰ কৰুণ মৃত্যু, আহত ২ ছাত্ৰী - JORHAT ROAD ACCIDENT

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.