ETV Bharat / state

অসমৰ যুৱতীক লৈ সামাজিক মাধ্যমত কু-কাণ্ড; আৰক্ষীৰ জালত মাষ্টাৰমাইণ্ড...

অসমৰ এগৰাকী যুৱতী আমেৰিকাৰ নিষিদ্ধ জগতত প্ৰৱেশ কৰা বুলি প্ৰাক্তন প্ৰেমিকে চলাইছিল প্ৰচাৰ । ডিব্ৰুগড় আৰক্ষীয়ে তিনিচুকীয়াৰ পৰা গ্ৰেপ্তাৰ কৰিছে প্ৰাক্তন প্ৰেমিক প্ৰতীম বৰাক ।

ASSAMESE GIRL PORNSTAR CONTROVERSY
অৰ্চিতা ফুকন আমেৰিকাৰ পৰ্ণ ষ্টাৰ বুলি প্ৰাক্তন প্ৰেমিকে চলাইছিল প্ৰচাৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : July 13, 2025 at 12:32 AM IST

|

Updated : July 13, 2025 at 1:16 AM IST

3 Min Read
Choose ETV Bharat

ডিব্ৰুগড়/তিনিচুকীয়া: অসমৰ ফুকন উপাধিৰ যুৱতী আমেৰিকাৰ নিষিদ্ধ জগতত প্ৰৱেশ কৰা বুলি সৰ্বত্ৰে চৰ্চিত হৈ থকা সময়তে ঘটনাৰ সন্দৰ্ভত ডিব্ৰুগড় আৰক্ষীয়ে আটক কৰিছে তিনিচুকীয়াৰ প্ৰতীম বৰা নামৰ এজন যুৱকক । ডিব্ৰুগড় আৰক্ষীয়ে প্ৰতীম বৰা নামৰ যুৱকজনক আটক কৰাৰ লগতে জব্দ কৰিছে বহু আপত্তিজনক সামগ্ৰী ৷ চৰ্চা অনুসৰি প্ৰতীম বৰা ফুকন উক্ত যুৱতীগৰাকীৰ প্ৰাক্তন প্ৰেমিক । প্ৰতীম বৰাই যুৱতীগৰাকীৰ ফটো এডিট কৰি সামাজিক মাধ্যমত আপলোড কৰিছিল ।

বিগত এটা মাহ ধৰি অসমৰ ফুকন উপাধিৰ যুৱতীগৰাকী আমেৰিকাৰ পৰ্ণ ষ্টাৰ হোৱা বুলি প্ৰচাৰ চলিছিল । সামাজিক মাধ্যমত সমগ্ৰ বিষয়টোক লৈ বু-বু বা-বা চলি থকাৰ মাজতে ডিব্ৰুগড় আৰক্ষীৰ কাষ চাপিছিল যুৱতীগৰাকী আৰু তেওঁৰ পৰিয়াল ।‌ যুৱতীগৰাকীয়ে ডিব্ৰুগড় সদৰ থানাত গোচৰ তৰি অভিযোগ কৰিছিল তেওঁৰ ফটো, মুখমণ্ডলৰ ফটো ব্যৱহাৰ কৰি কোনো লোকে চলাইছে অপপ্ৰচাৰ । ডিব্ৰুগড়ৰ বোৱাৰীগৰাকীৰ এজাহাৰ লাভ কৰাৰ পাছতে ডিব্ৰুগড় আৰক্ষীয়ে আৰম্ভ কৰিছিল তদন্ত ।

ছ'চিয়েল মিডিয়াত কু-কাণ্ড; আৰক্ষীৰ জালত মাষ্টাৰমাইণ্ড. (ETV Bharat Assam)

ঘটনা তদন্ত কৰি ডিব্ৰুগড় আৰক্ষীয়ে আটক কৰিছে তিনিচুকীয়াৰ প্ৰতীম বৰা নামৰ যুৱকজনক । যুৱতীগৰাকীৰ ফটো ব্যৱহাৰ কৰি অপপ্ৰচাৰ চলাইছিল প্ৰতীম বৰাই । তিনিচুকীয়াৰ পৰা আটক কৰি নিশাই ডিব্ৰুগড়ৰ সদৰ থানালৈ অনা হৈছে চাইবাৰ অপৰাধীটোক‌ । ইতিমধ্যে ডিব্ৰুগড় আৰক্ষীয়ে অভিযুক্ত প্ৰতীম বৰাৰ পৰা ম'বাইল ফোন, লেপটপৰ লগতে আন বহুতো আপত্তিজনক সামগ্ৰী জব্দ কৰিছে ।

ডিব্ৰুগড় আৰক্ষীয়ে বিষয়টোক লৈ কোনো তথ্য আনুষ্ঠানিকভাৱে ৰাজহুৱা কৰা নাই যদিও বিশেষ সূত্ৰৰ পৰা জানিব পৰা মতে আমেৰিকাত নাথাকে যুৱতীগৰাকী । যুৱতীগৰাকীৰ প্ৰাক্তন প্ৰেমিক আটকাধীন যুৱকজনে তেওঁৰ বিভিন্ন ফটোৰ মুখমণ্ডল আন যুৱতীৰ ফটোৰ সৈতে সংযুক্ত কৰি এই কাম কৰিছিল ।‌ যুৱতীগৰাকী আমেৰিকাৰ পৰ্ণ ষ্টাৰ বুলি ছ'চিয়েল মিডিয়াত ব্যাপকভাৱে ভাইৰেল কৰা হৈছিল ফটো । ডিব্ৰুগড় আৰক্ষীয়ে অভিযুক্তক গ্ৰেপ্তাৰ কৰা পাছত তদন্ত আগবঢ়াই নিলে সকলো কথা পোহৰলৈ আহিব ।

ইফালে প্ৰতীম বৰাৰ আত্মীয়ই আৰক্ষীৰ ভূমিকাক লৈ ক্ষোভ প্ৰকাশ কৰে । তেওঁৰ এগৰাকী আত্মীয়ই কয়, "যুৱতীগৰাকীৰ কিবা তেওঁৰ আপলোড কৰিছে বুলি কৈছে । যুৱতীগৰাকীৰ ডিব্ৰুগড়ৰ ঘৰৰ মানুহে কিবা এটা কম্প্লেইন কৰিছে বুলি কৈছে আৰু এই কম্প্লেইনৰ ভিত্তিত ডিব্ৰুগড় পুলিচ ইয়ালৈ আহিছে তেওঁক বিচাৰি আৰু তেওঁক ভিতৰত সুমুৱাই ঘৰৰ বয়-বস্তু লণ্ড-ভণ্ড কৰি ম’বাইল-ছ’বাইল আদি কৰি য'ত যি আছে ছীজ কৰি সকলো লৈ গৈছে । কিন্তু তেওঁলোকে এই বিষয়ে আমাক একো জনোৱা নাই, আমি বাহিৰৰ পৰাহে এই বিষয়ে জানিব পাৰিছো ।"

তেওঁ লগতে আৰক্ষীয়ে একো নোকোৱাকৈ তথা কোনো নথি-পত্ৰ নেদেখুৱাকৈ গ্ৰেপ্তাৰ কৰি নিয়া বুলি অভিযোগ কৰি ক্ষোভ প্ৰকাশ কৰে । প্ৰতীম বৰাৰ আত্মীয়ই জানিবলৈ দিয়া মতে, প্ৰতীম মেকানিকেল ইঞ্জিনিয়াৰ আৰু দিল্লীত কৰ্মৰত আছিল । বৰ্তমান অনলাইন হোৱাত তেওঁ ঘৰৰ পৰাই কৰ্মৰত হৈ আছিল ।

লগতে পঢ়ক : ‘ডেম উন গ্ৰৰ’ৰীলেৰে ভাইৰেল হৈ পৰা অৰ্চিতা ফুকন হাত সাৰিবহে বিচাৰিছিল বেশ্যাবৃত্তিৰ পৰা

Last Updated : July 13, 2025 at 1:16 AM IST