আমাৰ চৰকাৰ অসমৰ যুৱ সমাজৰ প্রতি দায়বদ্ধ : হিমন্ত বিশ্ব শৰ্মা - Appointment letter distribution
Appointment letter distribution: শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রত অসম চৰকাৰৰ নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠান । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে বিতৰণ কৰে বিভিন্ন বিভাগৰ ৪৬৫ গৰাকীক নিযুক্তি পত্ৰ ।

Published : July 26, 2024 at 6:11 PM IST
গুৱাহাটী,২৬ জুলাই: শুকুৰবাৰে শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রত অনুষ্ঠিত এক বিশেষ অনুষ্ঠানত বিভিন্ন বিভাগৰ ৪৬৫ গৰাকীক আনুষ্ঠানিকভাৱে বিতৰণ কৰা হয় নিযুক্তি পত্র । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিতৰণ কৰে এই নিযুক্তি পত্ৰ । শক্তি বিভাগত ৩০৬ গৰাকী, শিক্ষা বিভাগত ১৪৯ গৰাকী আৰু তথ্য আৰু জনসংযোগ বিভাগত ১০ গৰাকীক আজি নিযুক্তি পত্ৰ বিতৰণ কৰা হয় ।
নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠানত দিয়া ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, "আমাৰ চৰকাৰ অসমৰ যুৱ সমাজৰ প্রতি দায়বদ্ধ । চৰকাৰে যোৱা তিনিবছৰৰ পৰা বিৰামহীনভাৱে নিযুক্তি প্রক্রিয়া অব্যাহত ৰাখিছে । আমি আমাৰ যুৱক-যুৱতীসকলৰ বাবে স্বচ্ছ নিযুক্তি প্রদানৰ প্রচেষ্টাক ধাৰাবাহিক গতিৰে আগুৱাই নি আছো ।"
তেওঁ লগতে কয়,"বিগত সময়ত ৯৭,৫০৫গৰাকী প্রার্থীক চাকৰি প্রদানৰ পাচত আজি বিভিন্ন বিভাগৰ ৪৬৫ গৰাকীক নিযুক্তি পত্র আনুষ্ঠানিকভাৱে বিতৰণ কৰা হয় । আমি ২০২৫ চনৰ মে’ মাহৰ ভিতৰত ৫০ হাজাৰ অতিৰিক্ত নিযুক্তি সম্পূৰ্ণ কৰাৰ দিশতো দৃঢ়তাৰে আগবাঢ়িছো । অহা সময়ছোৱাত অভিযান্ত্ৰিক আৰু পলিটেকনিক বিভাগতো নিযুক্তি দিয়া হ'ব ।" অনুষ্ঠানত শিক্ষামন্ত্ৰী ৰণোজ পেগু, শক্তিমন্ত্ৰী নন্দিতা গাৰ্লোচা, তথ্য আৰু জনসংযোগ মন্ত্ৰী পীযুষ হাজৰীকা আদি উপস্থিত থাকে ।
সৰ্বশিক্ষাত ৩৫০০০ শিক্ষকৰ চাকৰি নিয়মীয়াকৰণ:
উক্ত অনুষ্ঠানতে সৰ্বশিক্ষাত ঠিকাভিত্তিক ৩৫০০০ শিক্ষকৰ চাকৰি নিয়মীয়াকৰণৰ বাবে চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । তেওঁ কয়, "অসম চৰকাৰে সমগ্র শিক্ষা অভিযান, অসমৰ অধীনস্থ পৰলোকগত কর্মচাৰী আৰু ঠিকাভিত্তিক শিক্ষক-শিক্ষয়িত্রী (টে'ট উত্তীর্ণ)ৰ পৰিয়ালক ৫ লাখকৈ এককালীন সাহায্য প্রদানৰ সিদ্ধান্ত গ্রহণ কৰিছে ।" এই সাহায্য মুঠ ১০৩ গৰাকীলৈ মুখ্যমন্ত্রীয়ে আজিৰ অনুষ্ঠানতে প্রদান কৰে ।

