গুৱাহাটী: ড৹ পৰিধি শৰ্মা ৷ বৰ্তমান অসমৰ এটা চৰ্চিত নাম । এই নামৰ গৰাকীৰ প্ৰকৃত পৰিচয় ওলোৱাৰ পাছতে ৰাজ্যৰ বৌদ্ধিক মহলত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ।
ইতিমধ্যে ড৹ পৰিধি শৰ্মাৰ বিৰুদ্ধে 0৮/২৫ নম্বৰত গৌৰীসাগৰ থানাত ৰুজু হৈছিল গোচৰ । সোমবাৰে সঠিক তদন্তৰ খাতিৰত গোচৰীয়া "আছাম বাজেট হিস্ট্রি ষ্টাডী"ৰ মুখ্য সম্পাদক পলাশ ৰঞ্জন বৰুৱাই গোচৰটো চি আই ডিলৈ হস্তান্তৰ কৰিবলৈ পুনৰ আৰক্ষী সঞ্চালক প্ৰধানলৈ আবেদন জনায় ।

- কোন এই ড° পৰিধি শৰ্মা
বাতৰিকাকত পঢ়া লোকৰ বাবে ড° পৰিধি শৰ্মা এটা চিনাকি নাম । কিছুদিন ধৰি বিভিন্ন বিষয়ত বাতৰি কাকতত প্রকাশ পাইছিল ড° পৰিধি শৰ্মাৰ তত্ত্বগধুৰ লেখা । তেওঁ নিজৰ চিনাকি দিছিল দিল্লী বিশ্ববিদ্যালয়ৰ অধ্যাপকৰূপে । ঠিকনা দিছিল দিল্লীৰ ।

কিন্তু বৰ্তমান পোহৰলৈ অহা এটা বাতৰিয়ে পৰিধি শৰ্মাক কেন্দ্ৰ কৰি অৱতাৰণা কৰিছে বহু প্ৰশ্নৰ । কেৱল ঠিকনাই নহয়, ড° পৰিধি শৰ্মা নামটোৱেই ভুৱা । প্রকৃতাৰ্থত ড° পৰিধি শৰ্মা নামৰ লেখক-সাহিত্যিক-অধ্যাপকগৰাকীৰ কোনো অস্তিত্বই নাই ।
এইটো এটা কল্পিত নাম । শিৱসাগৰৰ ধ্রুৱজ্যোতি শইকীয়াই নিজকে ড° পৰিধি শৰ্মা বুলি কৈ ৰাইজক আঁভুৱা ভাৰি আছিল । আৰক্ষীৰ জেৰাত ধ্রুৱজ্যোতি শইকীয়াই স্বীকাৰ কৰে যে তেওঁ ড° পৰিধি শৰ্মাৰ নামত ফেচবুকত ব্যৱহাৰ কৰাৰ লগতে নিজকে দিল্লী বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক বুলি চিনাকি দিয়াটো সঁচা ।
ধ্ৰুৱজ্যোতি শইকীয়াই স্বীকাৰ কৰে যে ড৹ পৰিধি শৰ্মা কল্পিত নামেৰেই তেওঁ অসমৰ বহু বিশিষ্ট বুদ্ধিজীৱী আৰু প্রতিষ্ঠিত সাংবাদিক-সাহিত্যিকৰ লগতে আগশাৰীৰ অসমীয়া বাতৰিকাকতৰ মুখ্য সম্পাদক আদিৰ সৈতে যোগাযোগ ৰাখিছিল ।
- কেনেকৈ পোহৰলৈ আহিল এই ঘটনা
অসম বিধানসভাৰ ১১৮ বছৰৰ বাজেট সন্দর্ভত প্রকাশ পাবলগীয়া সাতটা খণ্ডৰ এটা সংকলনৰ সম্পাদনা সমিতিত সন্নিৱিষ্ট হৈছিল ড° পৰিধি শৰ্মাৰ নাম । এয়া এটা চৰকাৰী প্ৰকল্প । ড° পৰিধি শৰ্মা নামৰ মানুহগৰাকীৰ অস্তিত্ব সন্দৰ্ভত সন্দেহৰ সৃষ্টি হোৱাৰ লগে লগেই এই বিষয়ে অনুসন্ধান কৰিবৰ বাবে চি আই ডিক অনুৰোধ জনোৱা জনাইছিল ।
চি আই ডিক ড৹ পৰিধি শৰ্মাৰ বিষয়ে অনুসন্ধান কৰিবলৈ দিয়া অভিযোগ-পত্র চি আই ডিয়ে গ্রহণ কৰে আৰু অনুসন্ধান আৰম্ভ কৰে । অনুসন্ধানৰ পিছত চি আই ডিয়ে দাখিল কৰা তদন্ত প্রতিবেদনত স্পষ্ট হৈ পৰিছে যে ড° পৰিধি শর্মা নামৰ কোনো লেখক-শিক্ষাবিদ-অধ্যাপক-সাহিত্যিক নাই । এয়া অসমৰে এজন লোকৰ কল্পিত নাম ।