ETV Bharat / state

অসমত এইচ এম পি ভিত আক্রান্ত দ্বিতীয়গৰাকী: গুৱাহাটীৰ এপল’ত চিকিৎসাধীন

গুৱাহাটীৰ এপল’ত চিকিৎসাধীন হৈ আছে এইচ এম পি ভিত আক্রান্ত ৭৫ বছৰীয়া মহিলাগৰাকী ৷ উশাহ-নিশাহত কষ্ট পোৱাত তেওঁ হাস্পতালখনত ভৰ্তি কৰোৱা হৈছিল ৷

HMPV CASE IN GUWAHATI
প্ৰতিনিধিত্বমূলক ছবি (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : January 20, 2025 at 6:52 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী: শেহতীয়াকৈ চৰ্চালৈ অহা হিউমেন মেটানিউমো ভাইৰাছ চমুকৈ এইচ এম পি ভিত আক্রান্ত প্ৰথমগৰাকী ৰোগী ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাল কিছুদিন আগতে চিনাক্ত হোৱাৰ পিছত সোমবাৰে গুৱাহাটীৰ খ্ৰীষ্টানবস্তিত থকা এপল’ হাস্পতালত আন এগৰাকী এইচ এম পি ভিত আক্রান্ত লোকক চিনাক্ত হৈছে । এপল’ হাস্পতালত এইচ এম ভি পি আক্ৰান্তগৰাকী এগৰাকী বয়োজ্যেষ্ঠ মহিলা । উশাহ-নিশাহত কষ্ট পায় হাস্পতালত চিকিৎসা কৰিব অহাত চিকিৎসকে তেওঁক এইচ এম পি ভিত আক্ৰান্ত হোৱাৰ কথা নিশ্চিত কৰে ৷

এই সন্দৰ্ভত হাস্পতাল কৰ্তৃপক্ষৰ তৰফৰ হাস্পতালৰ মাৰ্কেটিঙৰ মহাপ্ৰবন্ধক উদয় শংকৰ বৰকটকীয়ে কয়, "হাস্পতালত চিকিৎসাধীন‌ হৈ থকা এগৰাকী ৭৫ বছৰীয়া মহিলা এইচ এম পি ভিত আক্রান্ত হোৱা বুলি নিশ্চিত কৰা হৈছে । মহিলাগৰাকী বৰ্তমান চিকিৎসাধীন অৱস্থাত আছে । প্ৰথমে মহিলাগৰাকীয়ে উশাহ-নিশাহত কষ্ট পোৱাত হাস্পতালত ভৰ্তি কৰা হৈছিল । পৰীক্ষাৰ অন্তত মহিলাগৰাকীৰ শৰীৰত এইচ এম পি ভি চিনাক্ত হৈছিল ।"

তেওঁ লগতে ‌কয়, "মহিলাগৰাকীৰ স্বামীও শ্বাস-প্ৰশ্বাসজনিত সমস্যা ভুগি আছে । তেওঁৰো পৰীক্ষা কৰা হৈছে । বৰ্তমানলৈ তেওঁৰ পৰীক্ষাৰ প্ৰতিবেদন‌ অহা নাই ।" এপল’ হাস্পতালত এইচ এম পি ভিত ৰোগী চিনাক্ত হোৱাৰ পিছত হাস্পতাল কৰ্তৃপক্ষই হাস্পতালত সতৰ্কত অৱলম্বন কৰিছে ।

উল্লেখ্য যে, এইচ এম পি ভাইৰাছত আক্ৰান্ত প্ৰথমগৰাকী ৰোগী লখিমপুৰৰ এটি দহমহীয়া শিশু আছিল । শিশুটিৰ জ্বৰ আৰু পানী লগা হোৱাত অসম চিকিৎসা মহাবিদ্যালয়লৈ‌ অনা হৈছিল । নিয়মীয়া পৰীক্ষাত শিশুটিৰ দেহত এইচ এম পি ভি ধৰা পৰে ৷ ইতিমধ্যে শিশুটি বিপদমুক্ত বুলি চিকিৎসা মহাবিদ্যালয় কর্তৃপক্ষই সদৰী কৰিছে ।

লগতে পঢ়ক: অসমত চিনাক্ত HMPV ৰ প্ৰথমটো ঘটনা; ১০ মহীয়া শিশুৰ দেহত ধৰা পৰিল ভাইৰাছৰ উপস্থিতি - FIRST HMPV CASE IN ASSAM