মৰাণ : অসম লোকসেৱা আয়োগৰ ২০১৩ আৰু ২০১৪ চনৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাত সংঘটিত অনিয়ম সম্পৰ্কে তদন্তৰ বাবে গঠন কৰা ন্যায়াধীশ বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদন ৰাজহুৱা হোৱাৰ পাছতে ৰাজ্যৰ ৰাজনীতিত সৃষ্টি হৈছে ধুমুহা । ৰাকেশ পালক নিযুক্তি দিয়া ফাইলত চহী কৰিবলৈ তদানীন্তন কোন মন্ত্ৰীয়ে তৰুণ গগৈক হেঁচা দিছিল ? এই সম্পৰ্কে কোন মন্ত্ৰীয়ে তথ্য় ফাদিল কৰিব ?
অসমত বাহুবলৰ ৰাজনীতি চলিছে :
ডিব্ৰুগড়ৰ ৰাজীৱ ভৱনত আজি এই সন্দৰ্ভত কংগ্ৰেছে সম্বোধন কৰে এক সংবাদমেল । উক্ত সংবাদমেলত অসম প্ৰদেশ কংগ্ৰেছৰ উপ- সভাপতি তথা ৰাজ্যিক মুখপাত্ৰ মেহদী আলম বৰাই সাংসদ ৰকিবুল হুছেইনক আক্ৰমণ পূৰ্ব পৰিকল্পিত বুলি মন্তব্য় কৰি কয়," অসমৰ ৰাজনীতি শেষ হৈ এতিয়া বহিঃ ৰাজ্যৰ দৰে বাহুবলৰ ৰাজনীতি চলিছে । ৰকিবুল হুছেইন হ'ব পাৰে এজন কংগ্ৰেছৰ নেতা, কিন্তু তেওঁ দেশৰ বৃহৎ ৰাজনীতি ক্ষেত্ৰখনৰ এজন নেতা । তেওঁৰ ওপৰত কোটি কোটি মানুহৰ আশা আছে । ৰকিবুল হুছেইনক পূৰ্ব পৰিকল্পনা মতে কৰা হৈছে আক্ৰমণ ।" তেওঁ পুনৰ কয়," কংগ্ৰেছ চৰকাৰৰ দিনত এনে ঘটনা হ'বলৈ দিয়া নাছিলো, ভবিষ্যতেও হ'বহৈ নিদিওঁ । কিন্তু এই চৰকাৰৰ দিনত আৰক্ষীক আগতেই জনোৱাৰ পাছতো দুৰ্বৃত্তই আক্ৰমণ কৰিবলৈ সুবিধা পোৱাটোৱেই অনুমান কৰিব পাৰি এই আক্ৰমণ পূৰ্ব পৰিকল্পিত ।"
বিপ্লৱ শৰ্মাই প্ৰকাশ কৰা প্ৰতিবেদন এতিয়ালৈকে গ্ৰহণ কৰা নাই :
আনহাতে,প্ৰাক্তন মুখ্য়মন্ত্ৰী প্ৰয়াত তৰুণ গগৈৰ উশাহত উশাহ লৈ জীয়াই থকা সকলে আজি তেওঁৰ বিৰুদ্ধে অভিযোগ আনিছে বুলি মন্তব্য় কৰে অসম প্ৰদেশ কংগ্ৰেছৰ উপ-সভাপতিগৰাকীয়ে । অসম লোকসেৱা আয়োগৰ প্ৰতিযোগিতামূলক পৰীক্ষাত সংঘটিত অনিয়ম সম্পৰ্কে ন্যায়াধীশ বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদনত প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ নামত সাঙুৰ খোৱাক লৈ মেহদী আলম বৰাই কয়," বিপ্লৱ শৰ্মাই প্ৰকাশ কৰা প্ৰতিবেদন এতিয়ালৈকে গ্ৰহণ কৰা হোৱা নাই । গতিকে এই প্ৰতিবেদনত থকা কথা এতিয়ালৈকে সত্য বুলি ক'ব নোৱাৰে । ইয়াত প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পুত্ৰ সাংসদ গৌৰৱ গগৈৰ বিবাহত তিনি লাখ টকাৰ গহনা প্ৰসংগ টানি অনাটো এটা সম্পূৰ্ণ পৰিকল্পিত কথা ।"
তেওঁ কয়," এ পি এছ চিৰ অধ্যক্ষ হিচাপে ৰাকেশ পালক নিযুক্তি দিয়া ফাইল বহুবাৰ ঘূৰাই পঠাইছিল । কিন্তু সেই সময়ত আজি শাসিত চৰকাৰত থকা প্ৰভাৱশালী নেতাই তৰুণ গগৈক ৰাকেশ পালক এ পি এছ চিৰ অধ্যক্ষ হিচেপে নিযুক্তি দিবলৈ হেঁচা প্ৰয়োগ কৰিছিল । সেই সময়ত তৰুণ গগৈয়ে নিযুক্তি ফাইলত চহী কৰিবলৈ ইচ্ছা প্ৰকাশ কৰা নাছিল । সেই সময়ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা,গৌতম ৰয়,অজন্তা নেওগে ৰাকেশ পালক এ পি এছ চিৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া ফাইলত চহী কৰিবলৈ হেঁচা দিছিল তৰুণ গগৈক । আন এজন মন্ত্ৰী আছিল যিজন মন্ত্ৰীয়ে নিজেই সকলো কথা ৰাজহুৱা কৰিব ।"
এজন মৃত ব্যক্তিক বাৰে বাৰে অভিযোগত টানি অনা মানে সমাজৰ পৰম্পৰা শেষ কৰা বুলি মন্তব্য় কৰি তৰুণ গগৈৰ দিশত যিবোৰ অভিযোগ আনিছে সেই অভিযোগ কোনো সত্য প্ৰমাণিত নহয় । প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ উশাহত উশাহ লৈ জীয়াই থকা সকলে আজি তেওঁৰ বিৰুদ্ধে অভিযোগ আনিছে ।"
লগতে পঢ়ক: বিজেপিৰ নিৰ্দেশ মানি কংগ্ৰেছ কৰ্মীক আক্ৰমণ কৰে, কংগ্ৰেছ দলক আক্ৰমণ কৰাসকল সুৰক্ষিত: গৌৰৱ গগৈ