এদিনৰ বাবে ন্য়ায়িক জিম্মালৈ প্ৰেৰণ প্ৰদেশ কংগ্রেছৰ মুখপাত্র ৰিতম সিঙক
বিধায়ক মানৱ ডেকাৰ পৰিয়ালক সাঙুৰি ৰিতম সিঙে কৰিছিল টুইট । তাৰ পিছতেই লখিমপুৰৰ আৰক্ষীয়ে গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ কৰে প্ৰদেশ কংগ্রেছৰ মুখপাত্রগৰাকীক ।

Published : March 16, 2025 at 10:20 PM IST
লখিমপুৰ: লখিমপুৰ আদালতে এদিনৰ বাবে ন্য়ায়িক জিম্মালৈ প্ৰেৰণ কৰিলে প্ৰদেশ কংগ্রেছৰ মুখপাত্র ৰিতম সিঙক । সোধা-পোছাৰ অন্তত দেওবাৰে সন্ধিয়া তেওঁক আৰক্ষীয়ে লখিমপুৰৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰে । লখিমপুৰৰ বিধায়ক মানৱ ডেকাৰ পত্নীয়ে লখিমপুৰ সদৰ থানাত ৰিতম সিঙৰ বিৰুদ্ধে দিয়া অভিযোগৰ ভিত্তিত আৰক্ষীয়ে কংগ্ৰেছ নেতাগৰাকীক শনিবাৰে গুৱাহাটীৰ পৰা আটক কৰি আনে ।
আদালতত অধিবক্তাই ৰিতম সিঙৰ হৈ জামিন আবেদন কৰে যদিও আদালতে নাকচ কৰে এই আবেদন । সোমবাৰে পুনৰ তেওঁক আদালতত হাজিৰ কৰাৰ নিৰ্দেশ দিয়ে আদালতে ।
বিধায়ক মানৱ ডেকাৰ পৰিয়ালক সাঙুৰি ৰিতম সিঙে কৰা টুইটত অপমানিতবোধ কৰি বিধায়কগৰাকীৰ পত্নীয়ে লখিমপুৰ সদৰ থানাত দিয়া অভিযোগৰ ভিত্তিত কালি লখিমপুৰৰ আৰক্ষীয়ে গুৱাহাটীৰ পৰা আটক কৰি আনিছিল ৰিতম সিঙক । নিশা ৰিতম সিঙক লৈ লখিমপুৰত উপস্থিত হয় আৰক্ষীৰ দলটো । তেওঁক আটক কৰাৰ সময়ত গুৱাহাটীত আৰু সন্ধিয়া লখিমপুৰ সদৰ থানাৰ সন্মুখত কংগ্রেছ কৰ্মীসকলে প্ৰতিবাদ সাব্যস্ত কৰি তেওঁক বিনাচৰ্তে মুকলি কৰাৰ দাবী জনাইছিল যদিও আৰক্ষীয়ে প্ৰতিবাদলৈ কেৰেপ নকৰি নিজাধৰণে আইনী কাম-কাজ আগুৱাই নিয়ে ।
আজি দিনটো সদৰ থানাত তেওঁক সোধা-পোছা কৰাৰ অন্তত কংগ্ৰেছ নেতাগৰাকীক গ্ৰেপ্তাৰ কৰি স্বাস্থ্য পৰীক্ষা সম্পন্ন কৰাৰ অন্তত আৰক্ষীয়ে সন্ধিয়া লখিমপুৰৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰে । সেই সময়ত অধিবক্তাই তেওঁৰ হৈ জামিন আবেদন দাখিল কৰে যদিও আদালতে নাকচ কৰে । আনহাতে, আৰক্ষীয়ে সাত দিনৰ বাবে ৰিতম সিঙক জিম্মাত বিচাৰে যদিও আদালতে এই আবেদন নাকচ কৰে ।
আজি ন্য়ায়িক জিম্মালৈ প্ৰেৰণ কৰাৰ পাছত কাইলৈ তেওঁক পুনৰ আদালতত হাজিৰ কৰাৰো নিৰ্দেশ দিয়ে আদালতে । উল্লেখ্য যে লখিমপুৰ সদৰ থানাত বিধায়ক মানৱ ডেকাৰ পত্নীয়ে যোৱা ১৪ মাৰ্চত ৰিতম সিঙৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল । সেই অনুসৰি ৯১/২০২৫ নম্বৰত ৰিতম সিঙৰ বিৰুদ্ধে এটা গোচৰ পঞ্জীয়ন হয় । এই গোচৰটোত ভাৰতীয় ন্যায় সংহিতাৰ ৩৫৬(২) ধাৰাৰ উপৰি আই টি আই (ইনফৰমেচন টেকনলজি) ৰ ৬৭ ধাৰা আৰু ৩(১) আৰ,৩(১) এছ,৩(১) ইউ,৩(১) ভি- এছচি,এছ টি আইনৰ ধাৰা সন্নিবিষ্ট হয় ।
চৰকাৰী অধিবক্তাই জনোৱা মতে, ভাৰতীয় ন্যায় সংহিতাৰ ৩৫৬(২) ধাৰাৰ বাহিৰে গোচৰটোত সংযুক্ত হোৱা আটাইবোৰ ধাৰাই জামিন অযোগ্য ধাৰা । লক্ষ্যণীয় যে আদালতত হাজিৰ কৰিবলৈ নিয়াৰ সময়ত ৰিতম সিঙে সাংবাদিকৰ আগত কয়, "গুৱাহাটীৰ বশিষ্ঠ থানাত বিধায়ক মানৱ ডেকাৰ বিৰুদ্ধে দুটাকৈ গোচৰ আছে । সেই গোচৰৰ বাবে মাত মতাত মাত বন্ধ কৰিবলৈ মোৰ ওপৰত ভুৱা গোচৰ জাপি দিয়া হৈছে ।"

